corruption newsঅনুসূচিত জাতিৰ নামত সংঘটিত দুৰ্নীতিৰ তদন্ত কৰিবলৈ মুখ্যমন্ত্ৰীক স্মাৰক জংগী আন্দোলন হুংকাৰ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ

corruption newsঅনুসূচিত জাতিৰ নামত সংঘটিত দুৰ্নীতিৰ তদন্ত কৰিবলৈ মুখ্যমন্ত্ৰীক স্মাৰক৷ জংগী আন্দোলন হুংকাৰ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ ৷ অসম অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ত ১৪০ কোটি টকাৰ বিয়াগোম কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ আনিছে৷ ইতিমধ্যে সংগঠনটোৱে অনুসূচিত জাতি সঞ্চালকালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, ৰাষ্ট্ৰীয় অনুসূচিত জাতি আয়োগ আৰু অসমৰ মুখ্যমন্ত্ৰীক অভিযোগ দাখিল ৷

দৈনন্দিন বাৰ্তা প্ৰতিনিধি ২৮ ছেপ্তেম্বৰ

corruption newsঅনুসূচিত জাতিৰ উন্নয়নৰ বাবে আৱণ্টিত ধন কাৰ জেপত সোমাই৷ এই কথা এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে৷ কিয়নো অনুসূচিত জাতিৰ বাবে আৱণ্টন দিয়া ধন কাৰ পকেটলৈ যায় সেই কথা অনুমান পোৱা গৈছিল এটা সংগঠনে শেহতীয়াকৈ সৰৱ হৈ থকা এক দুৰ্নীতিক লৈ৷ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ নামৰ সংগঠনটোৱে শেহতীয়াকৈ অসম অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ত ১৪০ কোটি টকাৰ বিয়াগোম কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ আনিছে৷ ইতিমধ্যে সংগঠনটোৱে অনুসূচিত জাতি সঞ্চালকালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, ৰাষ্ট্ৰীয় অনুসূচিত জাতি আয়োগ আৰু অসমৰ মুখ্যমন্ত্ৰীক অভিযোগ দাখিল কৰিছিল৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, ৰাষ্ট্ৰীয় অনুসূচিত জাতি আয়োগে অসমৰ মুখ্য সচিবক তদন্ত কৰি প্ৰতিবেদন ৰাজহুৱা কৰিবলৈ নিৰ্দেশ দিছিল যদিও তদন্ত কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে৷ পুনৰবাৰ আজি সংগঠনটোৱে অসমৰ মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰি ১৪০ কোটি টকীয়া দুৰ্নীতিৰ তদন্ত এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত কৰিবলৈ দাবী উত্থাপন কৰিছে৷ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাস আৰু সাধাৰণ সম্পাদক লক্ষ্যজ্যোতি হাজৰিকাই দুৰ্নীতিৰ সঠিক তদন্ত নোহোৱাত তীব্ৰ ক্ষোভ ব্যক্ত কৰি কয় যে দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ আয়ুক্ত সচিবক আমি স্মাৰক পত্ৰ প্ৰদান কৰিছো৷ শেষৰবাৰ ৰাজ্য চৰকাৰৰ মুৰব্বীক স্মাৰক পত্ৰ প্ৰদান কৰিছো৷ যদি দুৰ্নীতিৰ তদন্ত কৰে কৰক৷ অন্যথাই জংগী আন্দোলন কৰিবলৈ আমি সাজু হৈছো৷ স্মাৰক পত্ৰ যোগে সংগঠনটোৱে মুখ্যমন্ত্ৰীক কয় যে ৰাজ্য চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগ আৰু অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ে ২০২২-২৩ বৰ্ষত আঁচনি যুগুত কৰি অনুসূচিত জাতিৰ হিতাধিকাৰীক একোটাকৈ টিভি, টিভি থবলৈ প্লাষ্টিকৰ চেবুল-চকী, প্লাষ্টিকৰ মগ, বাল্টি, প্লাষ্টিকৰ কণ্টেইনাৰ, গেছৰ চৌকা, প্ৰেচাৰ কুকাৰ দিয়াৰ ব্যৱস্থা কৰিছিল৷ টিভি আৰু পাকঘৰৰ সামগ্ৰী প্ৰদানৰ নামত ১৪০ কোটি টকা আৱণ্টন দিয়া বুলি অৱগত৷ ঠিকা লাভ কৰিছিল বিতৰ্কিত ঠিকাদাৰ নুপূৰ চাহাই৷ কিন্তু সামগ্ৰী বিতৰণৰ নামত বৃহৎ অনিয়ম হোৱা প্ৰত্যক্ষ কৰি বিভিন্ন কৰ্তৃপক্ষক অৱগত কৰিছিলো৷ কিন্তু আজিলৈ উচ্চ পৰ্যায়ৰ তদন্ত কৰা নহ’ল৷ হিতাধিকাৰীক দিয়া প্লাষ্টিকৰ চকীসমূহ ইমানে পাতল যে মানুহে বহিবই নোৱাৰে৷ টেবুলখনৰো অৱস্থা একেই৷ পাকঘৰৰ সামগ্ৰীসমূহ যেনে প্লাষ্টিকৰ মগ, বাল্টি, প্লাষ্টিকৰ কণ্টেইনাৰ, গেছৰ চৌকা, প্ৰেচাৰ কুকাৰ আদি প্ৰদান কৰা হৈছে৷ টিভিসমূহো ব্ৰেণ্ডেড নহয় আৰু অত্যন্ত কম দামৰ৷ বজাৰত ৬০০ টকাত লাভ কৰা প্ৰেচাৰ কুকাৰ কিনি ২৭০০ টকা দেখুৱাইছে৷ ২৩ হাজাৰ টকীয়া টিভি ৫৯ হাজাৰ টকাত কিনা দেখুওৱা হৈছে৷ এই সামগ্ৰীসমূহ নিম্ন মানদণ্ডৰ আৰু ব্যৱহাৰৰ অনুপযোগী৷ মুখ্যমন্ত্ৰীক স্পষ্ট কৰি কয় যে এই দুৰ্নীতিত জড়িত সঞ্চালিকা কুলশ্ৰী নাথ, সুবৰ্ণময় দেৱ আৰু প্ৰকল্প বিষয়া লিটন মিত্ৰ৷ অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ৰ কাৰ্যালয়টোৰ ত্ৰিমূৰ্তি কুলশ্ৰী নাথ, ষ্টেনোগ্রাফাৰ সুবৰ্ণময় দেৱ আৰু প্ৰকল্প বিষয়া লিটন মিত্ৰৰ বিৰুদ্ধে তদন্ত কৰক৷ অনুসূচিত জাতি কল্যাণ সঞ্চালকালয় আৰু সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগত সংঘটিত এই দুৰ্নীতিৰ তদন্ত কৰিবলৈ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত তদন্ত সমিতি গঠন কৰক৷ সুবৰ্ণময় দেৱ নামৰ ষ্টেনোগ্রাফাৰজন প্ৰায় ৫০ কোটি টকাৰ সম্পত্তিৰ গৰাকী৷ নিবিদাৰ নিয়ন্ত্ৰণ আৰু ঠিকাদাৰ তেওঁৰ হাতত৷ সুবৰ্ণময় দেৱৰ বিৰুদ্ধে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা, আয়কৰ বিভাগ আৰু অসমৰ চিআইডিৰ দ্বাৰা তদন্ত কৰা হওক৷ প্ৰায় ৫০ হাজাৰ টকা দৰমহা পোৱা এজন লোকে কেইটামান বছৰৰ ভিতৰত ইমান সম্পত্তি গঢ়িলে কেনেকৈ? আয়তকৈ তেওঁৰ সম্পত্তি অধিক৷ সেয়েহে আয় বহিৰ্ভূত সম্পত্তিৰ তদন্ত কৰিবলৈ আপোনাৰ অধীনত থকা সংস্থাক নিৰ্দেশ দিবলৈ আহ্বান জনাই অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে৷ অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ত ষ্টেনোগ্রাফাৰ পদৰ প্ৰয়োজনীয়তা নাই বুলি উল্লেখ কৰি সুবৰ্ণময় দেৱক শীঘ্ৰে ডেপুটেচনত অন্য কাৰ্যালয়লৈ বদলি কৰাৰ দাবী জনায়৷ লগতে লিটন মিত্ৰ অৰ্থনৈতিক পৰিসংখ্যা বিভাগৰ কৰ্মচাৰী। অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ৰ কাৰ্যালয়ৰ পৰা শীঘ্ৰে লিটন মিত্ৰক নিজৰ বিভাগ অৰ্থনৈতিক পৰিসংখ্যা বিভাগলৈ বদলি কৰিবলৈ মুখ্যমন্ত্ৰীক পুনৰবাৰ আহ্বান জনাইছে সংগঠনটোৱে৷

অধিক খৱৰ পঢ়িবলৈ

“হৃদযন্ত্ৰৰ ৰোগৰ বাবে প্ৰতি বছৰে ১৭.৯ নিযুত ব্যক্তিৰ মৃত্যু হয়”: বিশ্ব স্বাস্থ্য সংস্থা

Related Articles