Online Trading Scam:জেৰাৰ সন্মুখীন হৈ কি কয় অৱয়ব ভূঞাই আৰু হিমাশ্ৰী শইকীয়াই?

ডিব্ৰুগড়, ২৮ ছেপ্টেম্বৰ : (Online Trading Scam)ট্ৰেডিং কেলেংকাৰীত অভিযুক্ত হৈ বিশাল ফুকন আৰু চুমী বৰা জেৰাৰ সন্মুখীন হৈ আছে ডিব্ৰুগড় আৰক্ষীৰ লগতে CIDৰ ৷ ইফালে চুমী বৰাৰ লগতে এই কেলংকাৰীত অভিযুক্তৰ সাক্ষাৎকাৰ লৈ বিপদত পৰিছে ইউটিউবাৰো ৷ শনিবাৰৰ পৰা ডিব্ৰুগড় সদৰ থানালৈ অহা-যোৱা আৰম্ভ হৈছে ইগৰাকীৰ পিছত সিগৰাকী ইউটিউবাৰ, পডকাষ্টাৰ ৷ জেৰাৰ সন্মুখীন হয় তিনি ইউটিউবাৰ ক্ৰমে অৱয়ব ভূঞা, হিমাশ্ৰী শইকীয়া আৰু চক্ৰপাণি পৰাশৰ ৷

জেৰাৰ সন্মুখীন হোৱাৰ পিছত অৱয়ব ভূঞাই কয়, ‘‘এটা ধাৰণা আৰম্ভ হৈছিল যে পডকাষ্ট কেৱল প্ৰম’শ্যনৰ বাবে কৰা হয় । চুমী বৰাক কেনেকৈ কিয় পডকাষ্ট কৰিবলৈ নিমন্ত্ৰণ কৰা হৈছিল সেই কথা জানিবলৈ আজি ইয়ালৈ মাতিছিল । আৰক্ষীয়ে সকলো কথা ৰেকৰ্ড কৰিছে । এতিয়াৰে পৰা পডকাষ্ট যে কেৱল প্ৰম’শ্যনৰ বাবে নহয় সেই কথা সকলোৱে জানিব বুলি ভাবিছো ৷ মোৰ লগত হোৱা পডকাষ্টত কেৱল চুমী বৰাৰ বিয়াৰ কথা আলোচনা কৰা হৈছিল । অনলাইন ট্ৰেডিঙৰ কথা আলোচনা কৰা হোৱা নাছিল ৷’’

আৰক্ষীৰ জেৰাৰ পাছতেই হিমাশ্ৰী শইকীয়াই কয়, ‘‘চুমী বৰাৰ লগত পডকাষ্ট কৰিছিলো ৷ সেই বিষযে সুধিছে । কেতিয়া পডকাষ্ট কৰিছা, কিমান সময় কৰিছিলা, কিবা ফাইনেন্সিয়েল কথা কৈছিল নেকি সেই বিষয়ে সুধিছিল । চুমী বৰাৰ সৈতে বহু আগৰে পৰাই যোগাযোগ কৰিছিলো । যিহেতু তেওঁ নাচে আৰু সাংস্কৃতিকভাৱে সক্ৰিয়, সেই সূত্ৰে বিয়াৰ পূৰ্বে পডকাষ্টলৈ মাতিছিলো । চুমী বৰাৰ জীৱনৰ কথাহে পাতিছিলো পডকাষ্টত ।’’

Related Articles