Cotton University: কটন বিশ্ববিদ্যালয়ত অনুষ্ঠিত তৃতীয় বাৰ্ষিক ভাৰত-জাপান শিক্ষা সন্মিলন

গুৱাহাটী, ছেপ্টেম্বৰ ২৮ :( Cotton University) কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত তৃতীয় বাৰ্ষিক ভাৰত-জাপান শিক্ষা সন্মিলন অনুষ্ঠিত হয়। অনুষ্ঠানটো ভাৰত-জাপান ব্যৱসায়িক পৰিষদ আৰু কটন বিশ্ববিদ্যালয়ৰ দক্ষতা বিকাশ কেন্দ্ৰৰ উদ্যোগ আৰু বিবেকানন্দ কেন্দ্ৰৰ সহযোগত অনুষ্ঠিত হয়। এই সন্মিলনখনৰ উদ্দেশ্য আছিল দুয়োখন ৰাষ্ট্ৰৰ মাজৰ শৈক্ষিক সম্বন্ধ সুদৃঢ় কৰা। অনুষ্ঠানটোত বিভিন্ন বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ বহুতো ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। (3rd Annual India-Japan Education Conference)

এই শিক্ষা সন্মিলনখনৰ উদ্ধোধনী অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু আৰু সন্মানীয় অতিথি ৰূপে উপস্থিত থাকে ৰাজ্যিক শিক্ষা মন্ত্ৰী ড° ৰণোজ পেগু আৰু জাপানৰ ৰাষ্ট্ৰদূত সন্মানীয় জিৰ’ ক’দেৰা, ভাৰত-জাপান ব্যৱসায়িক পৰিষদৰ সভাপতি সিদ্ধাৰ্থ দেশমুখ আৰু কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকা।

অনুষ্ঠানটোৰ মুখ্য অতিথি তথা কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে তেওঁৰ ভাষণত জাপান ভ্ৰমণৰ কথা বৰ্ণনা কৰে। জাপানৰ জনসাধাৰণৰ চহকী সংস্কৃতি আৰু অনুশাসনৰ কথা উল্লেখ কৰে আৰু উপস্থিত ছাত্ৰ-ছাত্ৰীসকলক ইয়াৰ বিষয়ে শিকিবলৈ উৎসাহিত কৰে। আনহাতে অসমৰ শিক্ষামন্ত্ৰী ড° ৰানোজ পেগুৱে দুয়োখন দেশৰ বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ লগত জাপানৰ সংস্কৃতি, খাদ্যাভ্যাস আৰু আতিথ্যৰ ক্ষেত্ৰত থকা সাদৃশ্যৰ কথা উল্লেখ কৰে।ভাৰত-জাপান ব্যৱসায়িক পৰিষদৰ সভাপতি সিদ্ধাৰ্থ দেশমুখে সন্মিলনখনৰ পাতনি মেলে আৰু কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই মুখ্য ভাষণ প্ৰদান কৰে। অনুষ্ঠানটোৰ উদ্বোধনী ভাষণ প্ৰদান কৰে দক্ষতা বিকাশ কেন্দ্ৰৰ সঞ্চালক ড° সংগীতা বৰঠাকুৰে। ড° বৰঠাকুৰে ভাৰত জাপানৰ সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত দক্ষতা বিকাশ কেন্দ্ৰটোৱে লোৱা পদক্ষেপ কথা বৰ্ণনা কৰে আৰু এই সন্মিলনখন পঞ্চমটো পদক্ষেপ বুলি জানিব দিয়ে।

উদ্ধোধনী অনুষ্ঠানৰ পূৰ্বে, ভাৰত-জাপান ব্যৱসায়িক পৰিষদৰ উচ্চ শিক্ষা গৱেষণা সমিতিৰ অধ্যক্ষ সুধীৰ জয়ছৱালে ভাৰত-জাপান ব্যৱসায়িক পৰিষদ আৰু শিক্ষা সমিতিখনৰ চমু পৰিচয় দাঙি ধৰে। লগতে বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ সংগঠক কুমাৰী সায়ন্তীয়ে অনুষ্ঠানটোত ভাষণ প্ৰদান কৰে।

উদ্ধোধনী অনুষ্ঠানৰ পিছত দিনটোৰ পৰৱৰ্তী কাৰ্যসূচীত আছিল উত্তৰ-পূব ভাৰতত জাপানী ভাষা আৰু শিক্ষাৰ ওপৰত আলোকপাত, জাপানত ভাৰতৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে শিক্ষা আৰু সংস্থাপন সুযোগ বিষয়ক আলোচনাচক্ৰ, আৰু বিভিন্ন জাপানী কাৰিকৰী দিশৰ প্ৰদৰ্শনী অনুষ্ঠান।

উচ্চ শিক্ষা, গৱেষণা, আৰু বৃত্তিমূলক শিক্ষাকে ধৰি বিভিন্ন শৈক্ষিক ক্ষেত্ৰত সহযোগিতা আৰু সুযোগ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা অনুষ্ঠানটোত অসমৰ বিভিন্ন বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰাৰ লগতে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, অধ্যাপক আৰু বিষয়-ববীয়াসকলৰ লগতে অন্যান্য শিক্ষানুষ্ঠানৰ বহুকেইগৰাকী অধ্যাপক উপস্থিত থাকে।

Related Articles