Floods Landslides In Nepal: নেপালত বান আৰু ভূমিস্খলনত ৬৬ গৰাকীৰ মৃত্যু, আহত অৰ্ধশতাধিক

কাঠমাণ্ডু: নেপালত অব্যাহত থকা ধাৰাষাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা বান আৰু ভূমিস্খলন(Floods Landslides In Nepal)ত দেশখনৰ পৰিস্থিতি অধিক জটিল হৈ পৰিছে। দেশখনৰ বিভিন্ন স্থানত হৈ থকা মুষলধাৰ বৰষুণৰ ফলত এতিয়ালৈকে ৬৬ গৰাকী লোকৰ মৃত্যু হৈছে আৰু ৬০ গৰাকী আহত হৈছে।

নেপালৰ চৰকাৰৰ বিষয়াই জানিবলৈ দিয়া অনুসৰি, দেশখনৰ বহু অঞ্চলত বৃহস্পতিবাৰৰ পৰাই অব্যাহত থকা বৰষুণৰ ফলত বান পৰিস্থিতি অধিক জটিল হৈ পৰাৰ ফলত আকস্মিক বানৰ সতৰ্কবাণী জাৰি কৰা হৈছে। নেপাল আৰক্ষীৰ উপ-মুখপাত্ৰ বিশ্ব অধিকাৰীয়ে সদৰী কৰিছে যে, ধাৰাসাৰ বৰষুণৰ ফলত কাঠমাণ্ডুৰ ১৬ গৰাকী লোককে ধৰি দেশখনত মুঠ ৭৯ গৰাকী লোক সন্ধানহীন হৈ আছে। উদ্ধাৰকাৰী দলে দেশখনৰ বানক্ষতিগ্ৰস্ত বিভিন্ন প্ৰান্তৰ পৰা হাজাৰৰো অধিক লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

আকস্মিক এই বানৰ ফলত দেশখনৰ ৪৪ টা স্থানত প্ৰধান ৰাষ্ট্ৰীয় পথ বন্ধ হৈ পৰিছে। ইপিনে, কাৰ্যনিৰ্বাহী প্ৰধানমন্ত্ৰী তথা নগৰ উন্নয়ন মন্ত্ৰী প্ৰকাশ মান সিঙে গৃহমন্ত্ৰী, গৃহ সচিব আৰু বিভিন্ন মন্ত্রণালয়ৰ লগতে নিৰাপত্তা সংস্থাৰ প্ৰধানৰ সৈতে এক জৰুৰি বৈঠক আহ্বান কৰি সকলো বৈঠকত মিলিত হৈছে। তেওঁ সন্ধান আৰু উদ্ধাৰ অভিযান ক্ষিপ্ৰ কৰি তুলিবৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে্।

বানৰ ফলত বিদ্যুৎ সংযোগ বিঘ্নিত হোৱাৰ বাবে কাঠমাণ্ডুত শনিবাৰৰ সমগ্ৰ দিনটো ধৰি বিদ্যুৎ যোগান বন্ধ হৈ আছিল যদিও সন্ধিয়াৰ ভাগলৈ বিদ্যুৎ যোগান পুনৰ স্থাপিত কৰা হৈছে । আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, কেৱল কাঠমাণ্ডুতে বহু বাসগৃহ বানৰ পানীত ডুব গৈ আছে আৰু এই সংকটকালীন পৰিস্থিতিত নেপাল আৰক্ষীৰ প্ৰায় তিনিহেজাৰ সুৰক্ষাকৰ্মী ক্ষতিগ্ৰস্ত অঞ্চলসমূহত তৎপৰতাৰে নিয়োজিত হৈছে ।

Related Articles