Prastuti Porasor Abahan Theatre 2024-25: মই হেনো প্রেমতে পৰিছোঁ, “কলিজা নহয় মেডাম কলিজা”; মেডাম মেনকাৰ যাদু

আৱাহন থিয়েটাৰ প্রায় ৪৫ বছৰীমা এক বর্ণিল যাত্রা। ২০২৪-২৫ বর্ষব আৱাহন থিয়েটাৰত মঞ্চস্থ কৰা অন্যতম সমাজ ধর্মী নাট ‘মেডাম মেনকা’। বিশিষ্ট নাট্যকাৰ তথা পৰিচালক অভিজিত ভট্রাচার্যৰ ৰচনা মেদাম মেনকাৰ যাদু চলিছে ভ্ৰাম্যমাণত।(Prastuti Porasor Abahan Theatre 2024-25)

বর্তমান সমমত য়ে নাৰী শক্তিশালি হৈ উঠিছে ইয়াৰ উপৰিও বর্তমান সমাজ ব্যৱস্থাত ঘটি থকা বাস্তৱ ছবি কিছুমান দেখা পাব দৰ্শকে ‘মেডাম মেনকা’ত।(Prastuti Porasor)

“মেডাম মেনকা’ নাটত ৰোমান্টিক গীত আৰু নৃত্য সমূহে দর্শক মানাৰঞ্জন দিব। বিশেষকৈ ‘বেয়া নাপাবি দেই’, ‘মই হোনা প্ৰেমতে পৰিছোঁ – অন্যতম ধুনীয়া ৰোমান্টিক গীত। অভিনত্রী প্রস্তুতি পৰাশৰৰ লগতে অভিনেতা জেফী বক্সীমে সুন্দৰ নৃত্য ই মোহিত কৰিছে দৰ্শকক। ইয়াৰ উপৰি অভিনেতা সঞ্জীর শর্মাই ভাল অভিনয় কৰিছে । “বেয়া নাপাবি দেই’ এই গীতটি লিখিছে অভিজিৎ ভট্টাচার্যৰ লগতে সঙ্গীত পৰিচালক অজয় ফুকনে । সংগীত পলাশ গগৈৰ আৰু কণ্ঠদান কৰিছে নীল আকাশ আৰু পাপৰি গগৈয়ে। (Abahan Theatre 2024-25)

আৱাহন মানে ব্যক্তিক্ৰম কিবা এটা থাকে ! এইবাৰ আৱাহন থিয়েটাৰত কাৰিকৰী দিশত কিছু ব্যতিক্ৰম দেখা পাইছে দৰ্শকে।

বিশেষকৈ গীত সমূহৰ নৃত্য কৰাৰ সময়ত অভিনেতা অভিনেত্ৰীৰ লগতে কলা-কৌশলি সকলক অকল মঞ্চতে সীমাবদ্ধ হৈ নাথাকি পেক্ষাগৃহ বিভিন্ন স্থানলৈ অতি কৌশৰে দর্শকল মনোৰঞ্জন দিবলৈ সক্ষম হৈছে আৱহন থিয়েটাৰ । কাৰিকৰি দিশত ব্যবহাৰিক আলোকসজ্জা যথেষ্ট উন্ন বুলি ক’ব পাৰি।(Madam Manoka)

বুলেট , জিপ আদিত নামিকা প্রস্তুতি পৰাশৰৰ
প্ৰৱেশ ‘মেডাম মেনকা’ ত ।

পবেস সদা সাই অভিলেখ্য অভিনেত্রী সঙ্কল। হত্য কবি প্রবেশ Sa ‘মেডাম মনকাত।

‘মেডাম মনকা’ নামৰ নাটখনত মূলত এস্কন, ৰোমান্টিক আৰু কমেডি সকলো ৰস পাব দর্শকে। লগতে দর্শকে অনুভব কৰিব পাৰিব ‘মেডাম মেনকা’ত অভিনেত্রী প্রস্তুতি পৰাশৰে কৰা শ্ৰমৰ কথা। ভ্রাম্যমানত এজন অভিনেত্রীয়ে দ্বৈত চৰিত্ৰ লাইভ অভিনয় কৰাটো কিমান কষ্টকৰ। আকৌ দুটা পৃথক চৰিত্ৰ আৰু বিশেষ মুখ্য চৰিত্ৰ । এটা চৰিত্ৰত সহজ সৰল আৰু বিশেষভাৱে সক্ষম যুৱতী আনটো চৰিত্ৰত বিন্দাচ ছোৱালী এজনী ।

‘মেডাম মেনকা’ নাটখনৰ জড়িযতে বুজাব বিচাৰা হৈছে সত্যৰ সদায় জয় । টকা পইচাৰে সত্য লুকাই ৰাখিব নোৱাৰে। নাটখন উপভোগ কৰিলে দৰ্শকে বুজিব। বহু কেইটা চৰিত্ৰ ই সমাজৰ বাস্তৱ ছবিখনৰ প্ৰতিচ্ছবি দাঙি ধৰিছে ।
সাধাৰণ ৰাইজৰ ক্ষমতা কিমান শক্তিশালী সেয়াও বুজাবলৈ চেষ্টা কৰিছে নাট্যকাৰে। মুঠৰ ওপৰত মেডাম মেনকাৰ যাদু চলিব ভ্ৰাম্যমাণত । সংল্লাপ আৰু শব্দৰ ব্যৱহাৰ সুন্দৰ।

উল্লেখ্য যে – এইবেলি আৱাহন থিয়েটাৰে তিনিখনকৈ নাট লৈ সাজু হৈছে – ‘মইনা কুশলে আছানে ‘ , ‘মেডাম মেনকা’ আৰু ‘লেডী ম্যাকবেথ’ । তিনিখন নাটকৰে ভিন ভিন সোৱাদৰ নাট । এক কথাত ভ্ৰাম্যমাণৰ ৰাণী প্ৰস্তুতি পৰাশৰৰ দূৰ্দান্ত অভিনয়ে দৰ্শকক মোহিত কৰিছে ।

লেখকঃ নৱজ্যোতি কলিতা

Related Articles