Jharkhand Polls: আজছু, জেডি(ইউ) সৈতে বিজেপিৰ আসন ভাগ-বতৰা প্ৰায় চূড়ান্ত হৈছে, ঝাৰখণ্ডত ক‘লে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

দৈনন্দিন বাৰ্তা, ২৮ ছেপ্টেম্বৰঃ ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে বিজেপি। পূৰ্বে বিজেপি আৰু সদৌ ঝাৰখণ্ড ছাত্ৰ সন্থাই একেলগে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি আশা কৰা হৈছিল যদিও বিজেপি নেতা তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে জনতা দলো (ইউনাইটেড) এই মিত্ৰতাৰ অংশ হ’ব।(Jharkhand Polls)

আজছুৰ সভাপতি সুদেশ মাহাতোৰৰ সৈতে বিজেপিৰ ঝাৰখণ্ড নিৰ্বাচনৰ সহ-ভাৰপ্ৰাপ্ত প্ৰভাৰীৰ দায়িত্বতত থকা শৰ্মাই শনিবাৰে সন্ধিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে এক বৈঠকত মিলিত হৈ আসন ভাগ-বতৰা চূড়ান্ত কৰে।(Himanta Biswa Sarma)

ইয়াৰ পূৰ্বে সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, “নিৰ্বাচনত জনতা দল (ইউ) আৰু আজেছু পাৰ্টিৰ সৈতে মিত্ৰতা হ’ব। আসনৰ ভাগ-বতৰা প্ৰায় চূড়ান্ত হৈছে। ১-২খন আসনৰ বাবে আলোচনা হৈছে।”(AJSU, JD(U))

শৰ্মাই উল্লেখ কৰে যে এই বিষয়টো সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰা হ’ব ২ অক্টোবৰত শেষ হ’বলগীয়া ‘পিত্ৰী পক্ষ’ৰ সামৰণিৰ পিছত।ঝাৰখণ্ডৰ ৮১ জনীয়া বিধানসভাৰ নিৰ্বাচন চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হোৱাৰ কথা।

মুখ্যমন্ত্ৰী শৰ্মাই ছোৰেনৰ চৰকাৰক সমালোচনা কৰি অপব্যৱস্থাপনাৰ অভিযোগ উত্থাপন কৰে আৰু নিযুক্তি অভিযানৰ সময়ত হোৱা খেলিমেলিৰ বাবে চৰকাৰক জগৰীয়া কৰে। অসমৰ চাহ বাগিচাত কৰ্মৰত লোকসকলক অ’ বি চিৰ পৰিৱৰ্তে এছ টিৰ মৰ্যাদা প্ৰদান সন্দৰ্ভত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণে প্ৰেৰণ কৰা এক পত্ৰৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁ ইয়াৰ উত্তৰ লিখিতভাৱে দিব ।

ইয়াৰ উপৰি তেওঁ কয় যে মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণে পত্ৰখনৰ উত্তৰ কি হ’ব নিজে জানে। সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, “হেমন্ত ছোৰেণে লিখিত পত্ৰ দিছে, ময়ো ইয়াৰ উত্তৰ লিখিতভাৱে দিম। হেমন্তই নিজে জানে ইয়াৰ উত্তৰ কি।”(BJP Seat Sharing With AJSU, JD(U))


উল্লেখ্য যে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণে শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰীলৈ এখন পত্ৰ লিখিছে । পত্ৰখনত লিখা হৈছে, “অসমৰ চাহ বাগিচাত ৭০ লাখৰো অধিক লোকে এতিয়াও অ’ বি চিৰ মৰ্যাদাতে আছে । ইয়াৰ বিপৰীতে তেওঁলোকক এছ টিৰ মৰ্যাদা দিব লাগে । ইয়াৰ বাবে চাহ জনগোষ্ঠীৰ লোকসকলে চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰা নাই। যদি অসম চৰকাৰে এই সিদ্ধান্ত ল’বলৈ সমস্যাৰ সন্মুখীন হৈছে, তেন্তে ঝাৰখণ্ডে এক উচ্চ পৰ্যায়ৰ তথ্য অনুসন্ধান মিছন গঠন কৰিবলৈ সাজু আছে।”(Jharkhand Chief Minister Hemant Soren)

Related Articles