Suspected Bangladeshi Dulal Borbhuyan: সন্দেহযুক্ত বাংলাদেশী দুলাল বৰভূঞাৰ মৃত্যু দণ্ডৰ দাবীত খিলঞ্জীয়া ঐক্য মঞ্চৰ উদ্যোগত লালুকৰ ৰাজপথ কপালে হাজাৰ হাজাৰ খিলঞ্জীয়া অসমীয়া জনতাই

দৈনন্দিন বাৰ্তাৰ সেৱা, লালুক, ২9 ছেপ্টেম্বৰঃ এগৰাকী কণমানিক ফুচুলাই নি এটা সন্দেহযুক্ত বাংলাদেশী নৰপিশাচে ধৰ্ষণৰ দৰে পাশৱিক কাণ্ড সংঘটিত কৰা নৰপিশাচটোৰ মৃত্যু দণ্ডৰ দাবীত শনিবাৰে লালুকৰ ৰাজপথ কপালে হাজাৰ হাজাৰ খিলঞ্জীয়া অসমীয়া জনতাই৷(Suspected Bangladeshi Dulal Borbhuyan)

অৱশ্যে ধৰ্ষণকাৰীটোক যোৱা নিশাই লালুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ঘটনাটো সংঘটিত হয় যোৱা ২৭ ছেপ্টেম্বৰৰ বিয়লি হাৰমতীৰ ১ নং বগৰীত৷ সন্দেহযুক্ত বাংলাদেশী দুলাল বৰভুঞা নামধাৰী পাষণ্ডটোৰ দোকানলৈ আহিছিল কনমানি গৰাকী৷ কনমানি গৰাকীক ফুচুলাই নি দুলাল বৰভুঞাই দোকানৰ পিছফালে এই দুস্কাৰ্য সংঘটিত কৰে৷ পৰিয়ালৰ লোকে লগে লগে আৰক্ষীক অৱগত কৰে৷ উক্ত দিনাই অঞ্চলটোৰ বিভিন্ন দল সংগঠনে দুলাল বৰভূঞাক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ কৰিছিল৷ নাৱালিকা গৰাকীক ফুচুলাই নি অসৎ উদ্দেশ্য চৰিতাৰ্থ কৰা ষাঠিৰ উৰ্দ্ধৰ দুলাল বৰভূঞা নামৰ নৰপিশাচ টোক ফাচিৰ দাবীত আজি লালুকত হাজাৰ হাজাৰ খিলঞ্জীয়া জনতা ৰাজপথলৈ ওলাই আহি উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে৷ প্ৰতিবাদী জনতাই লালুক গণ ভৱনৰ খেল পথাৰৰ পৰা প্ৰতিবাদী সমদ’ল কৰি লালুক বাছ আস্থানলৈ আহে৷ প্ৰতিবাদী জনতাই লালুক বাছ আস্থানত ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথো অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷(Dulal Borbhuyan demands death penalty)

প্ৰতিবাদী জনতাই, ’ধৰ্ষনকাৰী দুলাল বৰভূঞাক ফাচি দিয়ক, মহিলাক সুৰক্ষিত কৰক, আমাক ন্যায় লাগিবলৈ, সন্দেহযুক্ত বাংলাদেশীক চিনাক্ত কৰক, আদি শ্ল’গান দি পৰিবেশ উত্তাল কৰি তোলে৷ প্ৰতিবাদী জনতাই লালুক বাছ আস্থানৰ পৰা আগুৱাই গৈ লালুক থানা চৌহদৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি নৰপিশাচ দুলাল বৰভূঞাক ফাচিৰ দাবী তোলে৷ প্ৰতিবাদস্থলীত আৰক্ষী, চিৰ আৰ পি এফৰ জোৱান মোতায়েন কৰা হয়৷ প্ৰতিবাদস্থলীত লখিমপুৰ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক উপস্থিত হৈ উত্তেজিত জনতাৰ সৈতে বাৰ্তালাপ কৰে৷ প্ৰতিবাদ কাৰী সকলে অসমীয়া খিলঞ্জীয়া জনগনৰ সুৰক্ষাৰ দাবী তোলে৷ সন্দেহযুক্ত বাংলাদেশীক চিনাক্ত কৰি বিতাৰণ কৰিবলৈ দাবী জনোৱাৰ লগতে এনে অপৰাধীৰ কবলৰ পৰা খিলঞ্জীয়া জনগনক সুৰক্ষা কৰিবলৈ চৰকাৰক দাবী জনায়৷ প্ৰতিবাদী জনতাই কয় যে নৰাধম দুলাল বৰভুঞাৰ প্ৰকৃত নাম দুলাল আলী আৰু এই নৰপিশাচটো বাংলাদেশী নাগৰিক৷ দুলাল আলীয়ে নিজৰ নাম দুলাল বৰভূঞা কৰিছে৷ এই নৰপিশাচটোৱে কিদৰে খিলঞ্জীয়াৰ উপাধি পালে বুলি প্ৰশ্ন কৰিছে৷ এই সন্দেহযুক্ত বাংলাদেশীটোৱে কনমানি গৰাকীক বৰ্বৰ কাৰ্য সংঘটিত কৰাত জাঙুৰ খাই পৰিছে অঞ্চলটোৰ সকলো দল সংগঠনৰ লগতে ৰাইজ৷ উত্তেজিত ৰাইজে চৰকাৰক অতি সোনকালেএই অপৰাধীটোক মৃত্যু দণ্ড দিবলৈ দাবী জনাইছে৷(Thousands of Assamese people protest on Lalus streets)

প্ৰতিবাদী কাৰ্যসূচীত অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক অনুপম শইকীয়া উপস্থিত থাকে৷ অসমীয়া যুৱ মঞ্চই মুণ্ডন কৰি অপৰাধী যাতে কোনো কাৰণতে হাৰি যাব নোৱাৰে তাৰ ব্যবস্থা কৰি দোষীক মৃত্যু দণ্ড বিহিবলৈ দাবী জনায়৷ প্ৰতিবাদত লালুকৰ বিভিন্ন দল সংগঠনে পুৰ্ণ সহযোগিতা আগবঢ়ায়৷ প্ৰতিবাদী কাৰ্যসূচীত লালুক খিলঞ্জীয়া ঐক্য মঞ্চৰ মুখ্য আহ্বায়ক প্ৰদীপ গগৈ, দেৱজিৎ ডেকাবৰুৱা, ৰত্নেশ্বৰ বৰুৱা, কনকলতা গগৈ চুতীয়া, দুলাল কোঁৱৰকে ধৰি বিভিন্ন দল সংগঠনৰ নেতা কৰ্মী উপস্থিত থাকি ভুক্তভোগী কনমানি গৰাকীয়ে যাতে সঠিক ন্যায় পাই তাৰ দাবী জনায়৷ লগতে ইয়াক লৈ কাকো ৰাজনীতিকৰন নকৰিবলৈ দাবী জনায়৷ ৰাইজে দোষীয়ে যদি উচিত শাস্তি নাপায় ভৱিষ্যতে তীব্ৰ গনতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে৷

Related Articles