Boiled Foods: এই ৪ টা খাদ্য উতলাই খালে অধিক স্বাস্থ্যকৰ হৈ পৰে!

আমি বজাৰৰ পৰা বহুতে শাক-পাচলি, ফূল-মূল কিনি আনোঁ। কেৱল কিনি আনিলে নহ’ব। কোনবিধ পাচলি কেনেকে খাব লাগিব সেই বিষয়েও আমি জানিব লাগিব। আমাৰ পাকঘৰত এনে বহুতো খাদ্য আছে যিবোৰ অলপ বেলেগ পদ্ধতিৰে ৰান্ধিলে সোৱাদ সলনি হয়।(Boiled Foods)

আনহাতে কিছুমান বস্তু উতলাই খালেও আমাৰ শৰীৰৰ বাবে ভাল। আহকচোন কোনবোৰ বস্তু উতলাই খালে আমাৰ শৰীৰৰ বাবে ভাল বুলি গণ্য কৰা হয় জানো আহক।


(Boiled Foods Health Benefits)বৰ্তমান যুগত বেছিভাগ মানুহেই বহু ধৰণৰ ৰোগৰ বলি হৈছে, যেতিয়াই নানা ৰোগৰ বলি হয় মানুহ তেতিয়া স্বাস্থ্যকৰ খাদ্যৰ গুৰুত্ব পূৰ্বতকৈ অধিক বৃদ্ধি পাবলৈ আৰম্ভ কৰে। আমি যি খাওঁ আমাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়। কিছুমান খাদ্য কেঁচা আৰু কিছুমান উতলাই খালে স্বাস্থ্যৰ বাবে ভাল। এই ৫ টা খাদ্য উতলাই খালে স্বাস্থ্য বেছি উপকাৰী হ’ব পাৰে-

১/ শাক-পাচলি

বিলাহী, ব্ৰকলি আদি শাক-পাচলি উতলালে কেৰটিনয়ড আৰু ফাইটোনিউট্ৰিয়েণ্টৰ দৰে স্বাস্থ্যকৰ এন্টিঅক্সিডেন্ট শোষণ বৃদ্ধি পায়। উতলালে শাক-পাচলিৰ তিতাও কমি যায়, যাৰ ফলত খাদ্য গ্ৰহণ কৰাটো সহজ হৈ পৰে। ইয়াৰ বাহিৰেও মেথি, সৰিয়হৰ দৰে সেউজীয়া পাতৰ শাক-পাচলি সিজলে ইয়াত থকা অক্সালেটৰ পৰিমাণ কমি যায়, যাৰ ফলত শৰীৰত কেলচিয়াম শোষণত প্ৰভাৱ পৰিব পাৰে। উতলালে এই শাক-পাচলিবোৰত আইৰণ আৰু অন্যান্য খনিজ পদাৰ্থৰ পৰিমাণো বৃদ্ধি পায়।

২/ দাইল

মচুৰ দাইল আৰু মগু আদি দালি উতলালে ইহঁতৰ পাচন শক্তি বৃদ্ধি পায়। উতলালে শৰীৰৰ বাবে অপৰিহাৰ্য প্ৰ’টিন আৰু আঁহৰ শোষণো উন্নত হয়। ইয়াৰ ফলত ওজন নিয়ন্ত্ৰণতো সহায় হয়।

৩/ ভাত(rice)

সিজোৱা চাউলে বিশেষকৈ ব্ৰাউন ৰাইচে অধিক পুষ্টিকৰ উপাদান যোগান ধৰে। উতলিলে চাউলৰ ষ্টাৰচৰ শোষণ বৃদ্ধি পায়, যাৰ ফলত ই শৰীৰৰ বাবে এক উৎকৃষ্ট শক্তিৰ উৎস। ইয়াৰ উপৰিও সিজোৱা চাউলে হজম শক্তিতো সহায় কৰে।

৪/ কণী(Egg)

সিজোৱা কণী প্ৰটিনৰ এক উৎকৃষ্ট উৎস। কণী উতলালে ইয়াৰ কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে আৰু ইয়াক হজম কৰাটোও সহজ। এইটো এটা স্বাস্থ্যসন্মত ব্ৰেকফাষ্ট বা খাদ্যৰ বিকল্প হ’ব পাৰে।

Related Articles