Karnataka CM Siddaramaiah: কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াৰ বিৰুদ্ধে ধন সৰবৰাহৰ গোচৰ ৰুজু ইডিৰ

দৈনন্দিন বাৰ্তা, ১ ছেপ্টেম্বৰঃ শেহতীয়াকৈ মহীশূৰ নগৰ উন্নয়ন কৰ্তৃপক্ষৰ সৈতে জড়িত লোকায়ুক্তৰ এফআইআৰৰ ভিত্তিত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াক বলবৎকাৰী সঞ্চালকালয়ে সোমবাৰে আটক কৰে। ২৭ ছেপ্টেম্বৰত পঞ্জীয়ন হোৱা এই এফ আই আৰত সিদ্দাোমাইয়াৰ লগতে তেওঁৰ পত্নী পাৰ্বতী, ভায়েক মল্লিকাৰ্জুন স্বামী আদিৰ নাম উল্লেখ কৰা হৈছে।(Karnataka CM Siddaramaiah)

ভূমি আবণ্টনত অনিয়মৰ অভিযোগ উত্থাপন কৰি বাংগালুৰুৰ এখন বিশেষ আদালতে লোকায়ুক্তক আৰক্ষীৰ তদন্তৰ নিৰ্দেশ দিছিল।সূত্ৰ অনুসৰি মুডাই পাৰ্বতীক ১৪টা স্থান আবণ্টন দিয়াৰ অভিযোগ উত্থাপন হৈছিল।(money laundering case)

অভিযোগৰ সন্দৰ্ভত ৭৬ বছৰীয়া মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰে যে তেওঁক লক্ষ্য কৰি লোৱা হৈছে ।কাৰণ বিৰোধীয়ে তেওঁক “ভয়” কৰিছে। তেওঁ ইয়াক তেওঁৰ বিৰুদ্ধে প্ৰথমটো “ৰাজনৈতিক গোচৰ” বুলি অভিহিত কৰি পদত্যাগ নকৰে বুলিও দৃঢ়তাৰে কয়। তেওঁ লগতে কয়, ‘মই কোনো ভুল কৰা নাই, আৰু মই এই গোচৰটো আইনীভাৱে যুঁজিম।(ED)

Related Articles