Rajmata-Gaumata: গৰুক ‘ৰাজমাতা-গৌমাতা’ হিচাপে ঘোষণা কৰিলে মহাৰাষ্ট্ৰৰ চৰকাৰে

দৈনন্দিন বাৰ্তা, ৩০ ছেপ্টেম্বৰঃ গৰুক ৰাষ্ট্ৰীয় প্ৰাণী হিচাবে ঘোষণা কৰাৰ দাবী উত্থাপন হৈ থকাৰ সময়তে মহাৰাষ্ট্ৰৰ চৰকাৰে গৰুক ‘ৰাজমাতা-গৌমাতা’ হিচাপে ঘোষণা কৰিলে। থলুৱা গৰু সন্দৰ্ভত এক উল্লেখযোগ্য সিদ্ধান্ত গ্ৰহণ কৰি সোমবাৰে মহাৰাষ্ট্ৰ চৰকাৰে তেওঁলোকক ৰাজমাতা-গোমাতাৰ মৰ্যাদা প্ৰদান কৰে।(Rajmata-Gaumata)

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনৰ স্বাক্ষৰিত চৰকাৰী প্ৰস্তাৱৰ জৰিয়তে এই ঘোষণা কৰা হৈছে। ঘোষণাটোত কোৱা হৈছে যে, “গৰু প্ৰাচীন কালৰে পৰা মানৱ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ। ইয়াৰ ঐতিহাসিক, বৈজ্ঞানিক, গুৰুত্বৰ বাবেই গৰুক দীৰ্ঘদিন ধৰি ‘কামধেনু’ বুলি কোৱা হৈছে। গৰুৰ আধ্যাত্মিক তাৎপৰ্য্যও আছে।” তেওঁ আৰু কয় যে সমগ্ৰ দেশতে বিভিন্ন জাতৰ গৰুৰ অস্তিত্ব আছে যদিও থলুৱা গৰুৰ সংখ্যা ভয়ংকৰ হাৰত কমি আহিছে। থলুৱা গৰুক ৰক্ষা কৰাৰ বাবেই গৰুক ৰাজমাতা হিচাবে স্বীকৃতি দিয়া হৈছে।(Maharashtra)

মহাৰাষ্ট্ৰত বিভিন্ন ধৰণৰ থলুৱা জাত, যেনে- মাৰাথৱাড়াত দেৱৰী আৰু লালকানাৰী আৰু উত্তৰ মহাৰাষ্ট্ৰৰ ডাংগী আৰু শৱদাভাট আদি আছে। অৱশ্যে এই থলুৱা গৰুৰ সংখ্যা দ্রুতগতিত হ্ৰাস পোৱাকলৈ ৰাজ্যখনত উদ্বেগৰ সৃষ্টি হৈছে। এই সমস্যাৰ সমাধানৰ বাবে চৰকাৰে গৰুক ৰাজমাতা বুলি স্বকৃতি দিছে।(Cow As Rajmata-Gaumata)

চৰকাৰে আশা কৰিছে যে নতুন স্বীকৃতিয়ে কৃষকসকলক পঞ্চগব্যৰ দৰে আয়ুৰ্বেদিক পদ্ধতি আৰু পৰম্পৰাগত কৃষি পদ্ধতিৰ অবিচ্ছেদ্য অংগ থলুৱা জাতৰ গৰু পালন আৰু যত্ন লোৱাৰ বাবে প্ৰেৰণা যোগাব। পশুপালকসকলক গৰুৰ দৰে উল্লেখযোগ্য জীৱ-জন্তুসমূহৰ পালনক অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনাই চৰকাৰী প্ৰস্তাৱটোত কোৱা হৈছে যে থলুৱা গৰুৰ সংখ্যা হ্ৰাস পোৱাটো চিন্তাৰ বিষয়।(Eknath Shinde)

Related Articles