Orang National Park opens: ২০২৪-২৫ বৰ্ষৰ পৰ্যটনৰ বাবে মুকলি হ’ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান

কৌপাটি ১ অক্টোবৰ : ওৰাং ৰাষ্ট্ৰীয় উদ্যান হৈছে ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত থকা একমাত্ৰ গড়ঁৰ মুক্ত বিচৰণ ভূমি আৰু ভাৰতৰ এখন ৰাষ্ট্ৰীয় উদ্যান। মঙ্গল বাৰে প্ৰতিকূল বতৰক নেওঁচি বৰ আটকধুনীয়া কৈ সজাই পৰাই তোলা হৈছে সমগ্ৰ ৰাষ্ট্ৰীয় উদ্যান।২০২৪-২৫ বৰ্ষৰ (tourism)পৰ্যটনৰ বাবে মুকলি হ’ল (Orang National Park opens for tourism) ওৰাং ৰাষ্ট্ৰীয় উদ্যান(National Park)। মঙ্গল বাৰে ৰাতিপুৱা দহ বজাত মাঙ্গলিক অনুষ্ঠানৰ অন্তত ৰঙা ফিটা কাটি ৰাষ্ট্ৰীয় উদ্যান খন আনুষ্ঠানিক বাবে মুকলি কৰে দৰং জিলাৰ বন্যপ্ৰাণী সংমণ্ডল বিষয়া প্ৰদীপ্ত বৰুৱা আৰু তেখেতক সঙ্গ দিয়ে ৰাষ্ট্ৰীয় উদ্যান খনৰ বনাঞ্চলিক বিষয়া দিব্যজ্যোতি দেউৰীয়ে।

এক উৎসৱমুখৰ পৰিবেশত উদ্যানখন মুকলি হোৱাৰ লগে লগেই উদ্যান খনৰ মনোমোহা দৃশ্য উপভোগ কৰিবলৈ ভিৰ কৰে পৰ্যটক সকলে। পৰ্যটক সকলে ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন পৰিদৰ্শন কৰি অভিভূত হৈ পৰে। প্ৰায় ২৮০ বৰ্গ কিলোমিটাৰ জোৰা উদ্যান খনৰ প্ৰাকৃতিক মনোমোহা দৃশ্য,গছ-গছনীত ৰং বিৰঙৰ ফুল-ফলৰ লগতে আছে বহু প্ৰজাতিৰ বন্যপ্ৰাণী।১২৫ টা গড়ঁ,২৮ টা ঢেঁকীয়াপতীয়া বাঘ,হৰিনা পহু,হাতী,নল-গাহৰি,বন-গাহৰি,খটীয়া পহু কেটেলা পহু,আদি কৰি উদ্যান খনত দেখা পোৱা যায় ২২২ বিধ বিভিন্ন প্ৰজাতিৰ চৰাই।তাৰে ভিতৰত বহু পৰীভ্ৰমী চৰাইয়ো আছে।

অন্যান্য বছৰতকৈ এই ২০২৪-২৫ বৰ্ষত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ সংখ্যা বৃদ্ধি পাব বুলি কয় মঙ্গলদৈ বনসংমন্ডল প্ৰাধিকাৰী বিষয়া প্ৰদিপ্ত বৰুৱাই।পৰ্যটকৰ বাবে থকা, খোৱা লোৱাৰ সু-ব্যৱস্থাৰ বাবে উদ্যান খনৰ লগতে আছে “ইকো কেম্প”, ব্যক্তিগত বাবে আছে ওৰাং ভিলেজ ৰিচাৰ্ড,গ্ৰীন ভেলী আৰু উদ্যানখনৰ প্ৰাকৃতিক মনোমোহা দৃশ্য উপভোগ কৰিবলৈ আছে জিপ ছাফাৰী,হাতী সাফাৰী।

প্ৰতি বছৰৰ দৰে এই বাৰো পৰ্যটক সকলৰ সৈতে প্ৰতি গাড়ীত থাকিব বন্ধুক ধাৰী এগৰাকী বন-কৰ্মী আৰু হাতী সাফাৰীৰ সময়তো লগতে থাকিব সুৰক্ষা কৰ্মী। মঙ্গল বাৰে উদ্যান খনৰ মুকলি অনুষ্ঠানত প্ৰতিকুল বতৰৰ মাজতো ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বহু বন কৰ্মী, দাঁতি-কাষৰীয়া অঞ্চলৰ ইডিচি সমিতিৰ কৰ্মকৰ্তা আৰু স্থানীয় দুই শতাধিক গন্য মান্য ব্যক্তি উপস্থিত থাকে। স্থানীয় ব্যক্তি সকলে উদ্যান খনৰ উন্নয়নৰ বাবে চৰকাৰক আহ্বান জনায়।

লগতে পঢ়ক:

বিশ্ব পৰ্যটন দিৱসত অসমৰ চহকী ঐতিহাসিক আৰু সাংস্কৃতিক ঐতিহ্যৰ সন্ধানত গুজৰাটৰ এদল সাংবাদিক

Related Articles