Assam Police Day :অসম আৰক্ষী দিৱস, উলহ মালহেৰে উদযাপন

মৰিগাঁও ১ অক্টোবৰ :পহিলা অক্টোবৰ, অৰ্থাৎ অসম আৰক্ষী দিৱস। ১৯৫১ চনৰ ১ অক্টোবৰত ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া কে আৰ চৌধুৰীয়ে প্ৰথম ভাৰতীয় বিষয়া হিচাপে বৃটিছ আৰক্ষী বিষয়া জে এইচ ৰীডৰ পৰা আনুষ্ঠানিক ভাৱে মূখ্য বিষয়াৰ কাৰ্যভাৰ গ্রহণ কৰিছিল। তেতিয়াৰে পৰা এই দিনটিত অসম আৰক্ষীক কৃতজ্ঞতা প্ৰকাশৰ বাবে অসম আৰক্ষী দিৱস (Assam Police Day)উদযাপন কৰি অহা হৈছে। তাৰে লগত সংগতি ৰাখি মৰিগাঁও আৰক্ষীৰ উদ্যোগতো দিন যোৰা কাৰ্যসূচীৰে অসম আৰক্ষী দিৱস উদযাপন(celebrates)কৰা হয়।

পুৱাৰ ভাগত পতাকা উত্তোলন কৰে জিলা আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস। পতাকা উত্তোলনৰ পিছত আৰক্ষী অধীক্ষক গৰাকীয়ে আৰক্ষী জোৱান সকলে পেৰেডৰ জৰিয়তে দিয়া অভিবাদন গ্রহণ কৰে। অভিবাদন গ্রহণ কৰাৰ পিছত আনুষ্ঠানিক ভাবে মৰিগাঁও জিলাৰ বিভিন্ন থানাৰ লগতে আৰক্ষী প্ৰশাসনৰ ১৫ গৰাকী আৰক্ষী জোৱানক তেওঁ সুদক্ষ সুনিপুণ কৰ্মৰ বাবে প্ৰশংসা পত্ৰ প্ৰদান কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে।

মৰিগাঁও জিলা ক্ৰাইম ব্ৰাঞ্চৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমিৰণ বৈশ্য, লাহৰিঘাট থানাৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক আৰক্ষী বিষয়া জিতেন্দ্র সিং প্ৰশংসা পত্ৰ প্ৰদান কৰা হয়।


বিয়লি অসম আৰক্ষী দিৱস উপলক্ষে ছাত্র ছাত্রী সকলৰ মাজত ঠাইতে বহি চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাৰ অন্ততঃ বিচাৰকৰ মূল্যায়নৰ ভিত্তিত স্হান অনুযায়ী বঁটা প্ৰদান কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে। প্ৰতি বছৰে অসম আৰক্ষীৰ গৌৰৱোজ্জ্বল ইতিহাসক স্মৰণ কৰি উলহ মালহেৰে অসম আৰক্ষী দিৱস উদযাপন কৰা হয়।

লগতে পঢ়ক:

মঙ্গলবাৰে আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱসত অংশগ্ৰহণ সাংকৃতিক মন্ত্ৰী বিমল বৰা

Related Articles