Mahalaya 2024: আৰম্ভ হ’ল মহালয়াৰ অমাবস্যা তিথি; জানো আহক মহালয়াৰ তাৎপৰ্য

নিউজ ডেস্ক, ১ অক্টোবৰ: পবিত্ৰ মহালয়া । প্ৰবাদ অনুসৰি, মহালয়াৰ এই বিশেষ দিনটোতেই ধৰালৈ শুভ শক্তিৰ আগমন ঘটে আৰু মহালয়াৰ পুৱাৰ পবিত্ৰ বতাহজাকে সুস্থ কৰি তোলে সকলোৰে শৰীৰ-মন-আত্মা(Mahalaya 2024) ।

মহালয়াৰ দিনটোত দেৱীৰ সংস্পৰ্শ লাভ কৰিলে সকলো অপায়-অমংগলৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰে বুলি আছে জনবিশ্বাস ৷ সাধাৰণৰ লোকসকলৰ বাবে এই মহালয়া দুৰ্গা পূজাৰ আৰম্ভণি বুলি ধৰা হয় যদিও জ্যোতিষ শাস্ত্ৰত ইয়াৰ আছে আন এক তাৎপৰ্য(Significance of Mahalaya) ৷ দেৱী দুর্গাৰ আগমণ আৰু গমনৰ ওপৰত ভিত্তি কৰিয়েই হিন্দু ধর্মাৱলম্বী লোকসকলে দেশৰ ভৱিষ্যক পুৰ্বানুমান কৰে ।

জ্যোতিষ শাস্ত্ৰৰ মতে, মহালয়া হ’ল পিতৃ পক্ষৰ সমাপ্তি আৰু দেৱী পক্ষৰ শুভ আৰম্ভণি । এই দিনটোতে হিন্দু ধর্মাৱলম্বী লোকসকলৰ বহুতেই তেওঁলোকৰ পূৰ্ব পুৰুষসকলক স্মৰণ তথা তৰ্পণ কৰে(Mahalaya rituals and Tarpan) । তৰ্পণৰ অৰ্থ হৈছে সন্তুষ্ট কৰা । এই তৰ্পনৰ ফলত নৰকত থকা পূৰ্ব পুৰুষে মুক্তি লাভ কৰে বুলি জনবিশ্বাস আছে ৷ আনকি পূৰ্ব পুৰুষে মুক্তি লাভ কৰিলে তেওঁলোকৰ আত্মাই সন্তুষ্টি লাভ কৰাৰ লগতে ধৰাত থকা কনিষ্ঠজনক আৰ্শীবাদ প্ৰদান কৰে বুলি লোকবিশ্বাস আছে ৷ সেয়েহে পূৰ্ব পুৰুষসকলৰ আত্মাক সন্তুষ্ট কৰিবলৈ এই বিশেষ দিনটোত কৰা হয় তৰ্পণ ।

প্ৰবাদ অনুসৰি, মহালয়াৰ দিনটোতে ভগৱান ৰামচন্দ্ৰই তেওঁৰ পূৰ্ব পুৰুষসকলক আগবঢ়াইছিল তৰ্পণ । যাৰ ফলস্বৰূপে ৰামচন্দ্ৰই পূৰ্ব পুৰুষৰ কৃপা দৃষ্টি লাভ কৰিছিল ৷

তাৰোপৰি, হিন্দু ধৰ্মৰ পৌৰাণিক কাহিনী অনুসৰি, মহালয়াৰ এই দিনটোতে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰে অসুৰ মহিষাসুৰক বধ কৰিবলৈ দেৱী দুৰ্গাক সৃষ্টি কৰিছিল বুলি বিশ্বাস কৰা হয় । মহালয়াক নৱৰাত্ৰিৰ আৰম্ভণি বুলিও আছে জনবিশ্বাস ৷ মা দুৰ্গাৰ নামত উৎসৰ্গিত এই দিনকেইটাত মাৰ ভক্তসকলে ন দিন উপবাসে থাকি তেওঁৰ নটা ৰূপক পূজা আগবঢ়ায় ।

লোক বিশ্বাস অনুসৰি, মহালয়াৰ এই দিনটোতে মা দুৰ্গাই তেওঁৰ সন্তান ক্ৰমে লক্ষ্মী, কাৰ্তিক, সৰস্বতী আৰু গণেশৰ সৈতে নাও, হাতী, ঘোঁৰা অথবা দোলাত কৈলাশৰ পৰা পৃথিৱীত থকা তেওঁৰ পিতৃগৃহলৈ আহিছিল(Devi Durga arrival) । সেই সময়তে মা দুৰ্গাই অসুৰ মহিষাসুৰক বধ কৰি পৃথিৱীত থকা তেওঁৰ ভক্তসকলক আশীৰ্বাদ প্ৰদান কৰিছিল । মহালয়াৰ দিনটোত ভক্তসকলে পুৱাই উঠি দেৱী দুৰ্গাক উপাসনা কৰে । মহালয়াৰ দিনটোৰ পৰা সপ্তম দিনা মা দুৰ্গাৰ পূজা আৰম্ভ হয় আৰু দশম দিনা এই পূজা সমাপ্ত হয় (Mahalaya and Durga Puja) ।

আনকি এই মহালয়াৰ আৰম্ভ হোৱাৰ লগে লগে মৃন্ময় শিল্পীসকলেও দেৱী দুৰ্গাৰ প্ৰতিমাৰ চকুত ৰঙৰ প্ৰলেপ সানিবলৈ আৰম্ভ কৰে আৰু ইয়াৰ পিছতেই এই নিৰ্জীৱ মূৰ্তিটোয়ে জাগ্ৰত ৰূপ লয় বুলি জনবিশ্বাস আছে ৷

জ্যোতিষ শাস্ত্ৰ অনুসৰি, এইবাৰ অৰ্থাৎ ২০২৪ বৰ্ষত মহালয়া মঙলবাৰে নিশা ৯ বাজি ৪ মিনিট মিনিট ৪৯ ছেকেণ্ডৰ পৰা আৰম্ভ হ’ব । এইবাৰৰ মহালয়াৰ শুভ ক্ষণ ২ অক্টোবৰৰ নিশা ১১ বাজি ৫ মিনিট ৩৭ ছেকেণ্ডলৈকে থাকিব ৷

দুৰ্গা দেৱীৰ বাহন সিংহ যদিও প্ৰত্যেকবাৰে মা মৰ্ত্যলৈ আহে বেলেগ বেলেগ বাহনত । এইবাৰ দেৱী দুৰ্গাৰ আগমন দোলাত আৰু গমন কৰিব ঘোঁৰাত ।

Related Articles