Besimari Press Club:বেছিমাৰী প্ৰেছক্লাৱৰ প্ৰশংসনীয় পদক্ষেপ…তিনি বৰেণ্য ব্যক্তিলৈ “বেছিমাৰী ৰত্ন বঁটা”

দৈনন্দিন বাৰ্তা সেৱা, ২ অক্টোবৰঃ(Besimari Press Club)বেছিমাৰী প্ৰেছক্লাৱৰ প্ৰশংসনীয় পদক্ষেপ…তিনি বৰেণ্য ব্যক্তিলৈ “বেছিমাৰী ৰত্ন বঁটা” বৃহত্তৰ বেছিমাৰী সমাজ জীৱনলৈ অৰিহণা আগবঢ়োৱা তিনিগৰাকীকৈ ব্যক্তিক আজি “বেছিমাৰী ৰত্ন” বঁটাৰে সন্মানিত কৰা হয়। গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি আয়োজন কৰা উক্ত অনুষ্ঠানত বেছিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ নুৰুল ইছলামক শিক্ষাৰ ক্ষেত্ৰত, অৱসৰপ্ৰাপ্ত শিক্ষক হাচমত আলীক বেছিমাৰী পাচলি বজাৰ প্ৰতিষ্ঠা ও শিক্ষাৰ ক্ষেত্ৰত আৰু তমিজ উদ্দিনলৈ বৃহত্তৰ এলেকাটোত প্ৰথমখন বিদ্যালয় প্ৰতিষ্ঠা কৰা ও নিঃস্বাৰ্থ সমাজ সেৱাৰ বাবে মৰোণোত্তৰ ভাৱে ৰত্ন বঁটা প্ৰদান কৰা হয়। সমাজৰ বিভিন্ন ক্ষেত্ৰত নিঃস্বাৰ্থ ভাৱে সেৱা আগঢ়োৱা লোক সকলক স্বীকৃতি দিয়াৰ উদ্দেশ্যে এই বঁটা প্ৰদান কৰা হয় বুলি প্ৰেছক্লাৱৰ সভাপতি মহম্মদ আলিম আৰু সম্পাদক আবুল খায়েৰে মন্তব্য কৰে।

উল্লেখ্য যে, ২০২৩ বৰ্ষৰ পৰা আৰম্ভ কৰা এই ধাৰা অব্যাহত ৰাখিব বুলিও প্ৰেছ ক্লাৱৰ কৰ্মকৰ্তা সকলে জানিবলৈ দিয়ে। ইফালে, বঁটা প্ৰাপক সকলে প্ৰেছক্লাৱৰ এনে ইতিবাচক প্ৰয়াসক প্ৰসংশা কৰি আগলৈও এনে অনুষ্ঠান আয়োজন কৰিবলৈ আহ্বান জনায়। উক্ত অনুষ্ঠানটোত উপস্থিত থাকে বৃহত্তৰ বেছিমাৰী বিভিন্ন ব্যক্তিগত খণ্ডৰ বিদ্যালয় প্ৰধান,শিক্ষক সমাজ,বিভিন্ন দলীয় সংগঠনৰ কৰ্মকৰ্তা,দুই শতাধিক ছাত্ৰ ছাত্ৰী আৰু বেছিমাৰী প্ৰেছ ক্লাবৰ কৰ্মকৰ্তা ক্ৰমে মুখ্য উপদেষ্টা-ইমৰান আলী(গণ অধিকাৰ)উপদেষ্টা-আশ্বাদুল্লাহ-আল-গালিফ,সভাপতি-মহাম্মদ আলিম (আজাদ) প্ৰথম খবৰ, কাৰ্যকাৰী সভাপতি- মহিবুল হক(Two Circles.net)উপ-সভাপতি-সঞ্জয় লাহা (দৈনন্দিন বাৰ্তা,ডি.বি.নিউজ) ৰফিক তালুকদাৰ(ND 24, গনস্তম্ভ) সাধাৰণ সম্পাদক(যুটিয়া)- আবুল খায়েৰ(The Hill Times)মোস্তাক মেহবুব হাছান(AssamTalks)সহকাৰী সম্পাদক- জছমত আলী(NK Tv)ধনভড়ালী- মনিৰুল ইছলাম (NE Talks,গনস্তম্ভ) প্ৰচাৰ সম্পাদক- ছফিকুল ইছলাম( ঈশান নিউজ)সাংগঠনিক সম্পাদ- আজমহম্মদ আলী(R live 24) সাংস্কৃতিক সম্পাদক-আনোৱাৰ হুছেন(ভয়চ আফ দৰং) সদস্য স্বপন কুমাৰ দাস(ছেডো নিউজ ৭)মুস্তাফিজুৰ ৰহমান।

Related Articles