Manas National Park: মানাহ ৰাষ্ট্ৰীয় উদ্যানত আৰু ৯ নল গাহৰি মুকলি

গুৱাহাটী, ২ অক্টোবৰ : বিস্তীৰ্ণ এলেকা ব্যাপি থকা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী কূলত শেহতীয়াকৈ আৰু ৯ নল গাহৰিৰ সংযোজন ঘটিছে । (Manas National Park)নল গাহৰি সংৰক্ষণ কাৰ্যসূচীৰ (পি এইচ চি পি) অধীনত আবদ্ধ প্ৰজননৰ জৰিয়তে জন্ম দিয়া ৯ নল গাহৰি ৰাষ্ট্ৰীয় উদ্যানখনত মুকলি কৰি দিয়া হয় (Manas National Park)। উল্লেখ্য যে, নল গাহৰি হৈছে অতি লুপ্তপ্ৰায় আৰু বিশ্বৰ ক্ষুদ্ৰতম আৰু বিৰলতম বন গাহৰি । অসমৰ প্ৰধান মুখ্য বন সংৰক্ষক আৰু বন বাহিনীৰ মূৰব্বী আৰ পি সিঙৰ উপস্থিতিত মঙলবাৰে এই নল গাহৰি কেইটা মানাহৰ বনাঞ্চলত মুকলি কৰি দিয়া হয় । নল গাহৰি সংৰক্ষণ কাৰ্যসূচীৰ অধীনত বিপদাপন্ন নল গাহৰিক মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ পুনৰ ঘূৰাই অনাৰ প্ৰচেষ্টাক অতি প্ৰশংসনীয় বুলি সিঙে অভিহিত কৰে আৰু নল গাহৰিৰ সুস্থিৰ বংশবৃদ্ধিয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্য প্ৰাণীকূলক সমৃদ্ধ কৰিব বুলি আশা প্ৰকাশ কৰে ।

২০২০ চনৰ পঞ্চমবাৰৰ বাবে মুকলি কৰা এই ৯ টা নল গাহৰিকে ধৰি মানাহৰ কাঞ্চনবাৰী বনভূমিত নল গাহৰিৰ সংখ্যা ২৭ টালৈ বৃদ্ধি হৈছে ।অসমৰ বন বিভাগ, ডুৰেল ৱাইল্ডলাইফ কনজাৰভেশ্যন ট্ৰাষ্ট, আই ইউ চি এন?এছ এছ চি বন গাহৰি বিশেষজ্ঞ গোট, ভাৰত চৰকাৰৰ পৰিৱেশ আৰু বন মন্ত্ৰালয়, ইক’চিচেষ্টমছ-ইণ্ডিয়া আৰু আৰণ্যকক অংশীদাৰ হিচাপে লৈ গঠন কৰা নল গাহৰি সংৰক্ষণ কাৰ্যসূচীয়ে ১৯৭০ চনত লুপ্ত হোৱা বুই ধাৰণা কৰা এই অমূল্য বন্যপ্ৰাণী প্ৰজাতিটোক পুনৰুদ্ধাৰ কৰাৰ বাবে নিৰলসভাবে কাম কৰি আহিছে ।

এই কাৰ্যসূচীৰ অধীনত এতিয়ালৈকে আবদ্ধ প্ৰজননৰ জৰিয়তে জন্ম দিয়া ১৭৯ নল গাহৰি অসমত মুকলি কৰা হৈছে আৰু অসমত নল গাহৰিৰ সংখ্যা প্ৰথমবাৰৰ বাবে পৃথিৱীৰ নল গাহৰিৰ সংখ্যা অতিক্ৰম কৰাৰ দিশে অগ্ৰসৰ হৈছে ।মানাহৰ পূৰ্বে ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে অৱস্থিত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বনভূমিত ৫৯ নল গাহৰি মুকলি কৰা হৈছিল আৰু ৰাষ্ট্ৰীয় উদ্যানখনত বৰ্তমান নল গাহৰিৰ সংখ্যা কমেও ১৩০ টালৈ বৃদ্ধি হোৱা বুলি ধাৰণা কৰা হৈছে ।মানাহত নল গাহৰি মুকলি কৰা অনুষ্ঠানত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক ড: চি ৰমেশ, পি এইচ পি চিৰ ক্ষেত্ৰ বিজ্ঞানী ড: ধৃতিমান দাস আৰু আৰণ্যকৰ মুখ্য কাৰ্যবাহী বিষয়া (চি ই অ’) ড: বিভৱ কুমাৰ তালুকদাৰ আদিও উপস্থিত থাকে ।

Related Articles