Murder for Insurance Claim: কাম কৰা ছোৱালীৰ লগত পুত্ৰৰ বিয়া পাতি ৫০ লাখ টকাৰ বীমাৰ লোভত ন-বোৱাৰীক কৰিলে হত্যা

লক্ষ্ণৌ, ৩ অক্টোবৰ: ৰাজধানী লক্ষ্ণৌত সম্পৰ্কক লজ্জিত কৰা এটা চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে(Sensational case in Lucknow)। চহৰখনত এজন লোকে টকাৰ বাবেই নিজৰ ন-বোৱাৰীক হত্যা কৰে। এই হত্যাকাণ্ডক দুৰ্ঘটনাৰ ৰূপ দিয়াৰ বাবে পৰিকল্পনাৰে ৰচনা কৰে ষড়যন্ত্ৰ । পৰিকল্পনা অনুসৰি, বিয়াৰ পিছতে ন-বোৱাৰীৰ নামত ৫০ লাখ টকাৰ জীৱন বীমা কৰে । তাৰোপৰি বোৱাৰীগৰাকীৰ নামত ১০ লাখ টকাৰ মুদ্ৰা লোন লয় । পূৰ্বৰে পৰাই কৰি ৰখা পৰিকল্পনা অনুসৰি ন-বোৱাৰীগৰাকীৰ হত্যাকাণ্ডৰ পিছত ইয়াক দুৰ্ঘটনাৰ ৰূপ দি শহুৰেকে যেতিয়া বীমাৰ ধন দাবী কৰি বীমা কোম্পানীৰ কাষ চাপে, তেতিয়াই এটাৰ পিছত এটাকৈ সমগ্ৰ ঘটনাৰ গোপন তথ্যাবোৰ পোহৰলৈ আহে(Murder for Insurance Claim) ।

অভিযুক্ত ৰাম মিলনে আৰক্ষীক দিয়া স্বীকাৰোক্তি অনুসৰি, ২০২৩ চনৰ ২০ মে’ত তেওঁৰ ড্ৰাইভাৰ দীপক বাৰ্মাক ব্যৱহাৰ কৰি এটা দুৰ্ঘটনা সংঘটিত কৰাই বোৱাৰীগৰাকীক হত্যা কৰাইছিল(Brutally Killing Newlywed Wife) । এই সন্দৰ্ভত চিনহাট থানাত এখন এজাহাৰো দাখিল কৰে । ইয়াৰ পিছতে আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। এই পৰিকল্পনাৰে অংশ হিচাপে ৰাম মিলনে বোৱাৰীগৰাকীৰ নামত ৫০ লাখ টকাৰ এটা বীমা কৰাইছিল। ইয়াৰ উপৰিও ১০ লাখ টকাৰ এটা মুদ্ৰা ঋণ আৰু ৪ খন চাৰিচকীয়া আৰু ২ খন দুচকীয়া বাহন বোৱাৰীগৰাকীৰ নামত ক্ৰয় কৰিছিল। পৰিকল্পনা অনুসৰি যেতিয়া ৰাম মিলনে বীমাৰ দাবীৰে বীমা কোম্পানীৰ কাষ চাপে, তেতিয়াই বীমা কোম্পানীটোৰ সন্দেহ উপজে। ইয়াৰ পিছত যেতিয়া আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰে, তেতিয়াই হত্যাকাণ্ডৰ ঘটনাটোৰ লগতে সমগ্ৰ ঘটনাৰ গোপন তথ্যাবোৰ লাহে লাহে পোহৰলৈ আহে ।

লক্ষ্ণৌ আৰক্ষীৰ পূব মণ্ডলৰ ডিচিপি শশাংক সিঙে জানিবলৈ দিয়া অনুসৰি, পূজা যাদৱ নামৰ যুৱতীগৰাকীয়ে ৰাম মিলনৰ ঘৰক কাম কৰা ছোৱালী হিচাপে আছিল । এক পৰিকল্পনাৰ অংশ হিচাপে ৰাম মিলনৰ বন্ধু কুলদীপ সিঙ নামৰ এজন লোকে আদালতত পঞ্জীয়ন কৰাই ৰাম মিলনৰ পুত্ৰ অভিষেকৰ সৈতে পূজা যাদৱৰ বিবাহ সম্পন্ন কৰিছিল। বিয়াৰ পিছত ৰাম মিলন সিঙে বন্ধু কুলদীপ আৰু আলোক নিগমৰ সহায়ত পূজা যাদৱৰ নামত ৫০ লাখ টকাৰ এটা জীৱন বীমা পলিচি বনায় । তাৰোপৰি, ১০ লাখ টকাৰ এটা মুদ্ৰা ঋণৰ লগতে ৪খন চাৰিচকীয়া আৰু ২খন দুচকীয়া বাহন ফাইনেঞ্চত ক্ৰয় কৰে । এইসমূহ পোৱাৰ লোভতে আটাইকেইজন অভিযুক্তই মিলি পূজা যাদৱক হত্যা কৰাৰ বাবে পৰৱৰ্তী পৰিকল্পনা ৰচনা কৰে(Father-in-law killed daughter-in-law)।

আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে, ৰাম মিলনে প্ৰথমে বোৱাৰীগৰাকীক মাটিয়াৰী ছেক্সনলৈ লৈ গৈছিল। ইয়াৰ পিছতে পূজাক হত্যা কৰিবৰ বাবে কুলদীপ সিঙে চালক হিচাপে অভিষেক শুক্লাক সেই স্থানলৈ পঠিয়াই। নিৰ্দেশ অনুসৰি ঘটনাস্থলীত অভিষেক শুক্লাই ভৰিৰে মোহাৰি অতি নিৰ্মমভাৱে পূজা যাদৱক হত্যা কৰি সেই স্থানৰ পৰা আঁতৰি দিয়ে । এই পৰিকল্পনাৰ পৰৱৰ্তী অংশ হিচাপে দীপক ভাৰ্মা নামৰ গাড়ী চালকজনক ব্যৱহাৰ কৰি ইয়াক দুৰ্ঘটনাৰ ৰূপ দি আৰক্ষী থানাত উপস্থিত হৈছিলগৈ ।

ডিচিপি শশাংক সিঙে উল্লেখ কৰা অনুসৰি, সমগ্ৰ ষড়যন্ত্ৰটোত ৬জন লোক জড়িত আছিল। ইয়াৰ ভিতৰত আছিল পূজা যাদৱৰ শহুৰেক ৰাম মিলন, স্বামী অভিষেক, কুলদীপ সিং, দীপক ভাৰ্মা, আলোক নিগম আৰু অভিষেক শুক্লা। ইয়াৰে দীপক ভাৰ্মা, ৰাম মিলন আৰু কুলদীপ সিঙক গ্ৰেপ্তাৰ কৰা হৈছে। আন অভিযুক্তকেইজন বৰ্তমানেও পলাতক হৈ আছে যদিও আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:JNU Sweeper Arrested: JNUৰ অধ্যাপকৰ পত্নীৰ গা ধোৱা দৃশ্য মোবাইলত বন্দী কৰি গ্ৰেপ্তাৰ চাফাই কৰ্মী

Related Articles