Dinner: ৰাতি আহাৰ নাখাই নেকি ? ৰাতি আহাৰ নাখালে শৰীৰত কেনে প্ৰভাৱ পৰে

ৰাতিৰ আহাৰ আমাৰ বাবে এটা গুৰুত্বপূৰ্ণ খাদ্য। স্বাস্থ্য বিশেষজ্ঞসকলে স্বাস্থ্যসন্মত আৰু পুষ্টিকৰ খাদ্য গ্ৰহণ কৰাৰ প্ৰায়ে পৰামৰ্শ দিয়ে, যদি ৰাতিৰ আহাৰ সম্পূৰ্ণৰূপে এমাহৰ বাবে এৰি দিয়া হয় তেন্তে শৰীৰত কেনে প্ৰভাৱ পৰিব জানেনে? দিনৰ দিনটো কামৰ অন্তত সকলোৱে ৰাতি বালকৈ এসাঁজ খাব বিচাৰে।(Dinner)ইয়াৰ দ্বাৰা আমাৰ পেটৰ ভোক মৰাই নহয় শৰীৰত শক্তিও যোগান ধৰে।

কিন্তু সেই ৰাতি খাদ্য নাখালে ইয়াৰ ফলত শৰীৰত কি প্ৰভাৱ পৰিব সেই বিষয়ে আপুনি কেতিয়াবা ভাবিছেনে। এমাহ ধৰি যদি আপুনি ৰাতিৰ আহাৰ এৰি দিয়ে কি হ’ব জানি লওক-

বৰ্তমান সময়ত বহুতে প্ৰায়ে ব্ৰত ৰাখে। বহু লোকে ১২ৰ পৰা ১৫ ঘন্টালৈকে একো নাখায়। আনহাতে আপুনি ৩০ দিনৰ বাবে ৰাতিৰ আহাৰ খোৱা এৰি দিলে আপোনাৰ শৰীৰে বহু সমস্য়া সন্মুখীন হ’ব পাৰে।(Fasting)

ভাৰতৰ বিখ্যাত পুষ্টি বিশেষজ্ঞ নিখিল ভাটছৰ মতে, যদি আপুনি ৰাতিৰ আহাৰ নোখোৱাকৈ মাজে মাজে উপবাস ৰাখে, তেন্তে এমাহৰ ভিতৰত আপুনি বহুতো উৎকৃষ্ট ফলাফলো দেখিবলৈ পাব।(What Will Happen If You Skip Dinner) যেনে ধৰক-

১/ ক্ৰমান্বয়ে ওজন কমি যাব।
২) ডায়েবেটিছ ৰোগৰ আশংকা কমি যাব।
৩/ হাৰ্ট এটেকৰ কোনো আশংকা নাথাকিব।
৪) তেজৰ শিৰাৰ পৰা বেয়া কলেষ্টেৰল নাইকিয়া হৈ যাব।
৫/ উচ্চ ৰক্তচাপৰ অভিযোগ নাথাকিব।
৬) শৰীৰৰ বিপাকীয় ক্ৰিয়া বৃদ্ধি পাব।

আনহাতে মাজে মাজে উপবাসে ৰখাৰ অসুবিধ-

মাজে মাজে উপবাসে ৰাখিলে বহুতো উপকাৰ আছে তাত কোনো সন্দেহ নাই, কিন্তু ই প্ৰতিজন ব্যক্তিৰ বাবে উপযোগী নহয়। ইয়াৰ বাবে কিছুমান লোকে সমস্য়াৰ সন্মুখীন হ’বলগীয়াও হ’ব পাৰে-

১/ ৰাতিৰ আহাৰ নাখালে আপোনাৰ মনত নেতিবাচক প্ৰভাৱ পৰিব পাৰে।
২/ ইয়াৰ ফলত আপোনাৰ বিৰক্তিৰ সৃষ্টি হব পাৰে।
৩) ৰাতিৰ আহাৰ নাখালে তেজৰ চেনিৰ মাত্ৰা যথেষ্ট কমি যাব পাৰে।
৪) ৰাতিৰ আহাৰ নাখালে শৰীৰ দুৰ্বল হৈ পৰিব পাৰে।
৫) এনে কৰিলে কিছুমান লোকৰ মূৰ ঘূৰোৱাব পাৰে।
৬) শৰীৰত ভিটামিন, খনিজ পদাৰ্থকে ধৰি বহুতো পুষ্টিকৰ উপাদানৰ অভাৱ হ’ব পাৰে।
৭) যদি আপোনাৰ ইতিমধ্যে বহুতো স্বাস্থ্যজনিত সমস্যা আছে তেন্তে মাজে মাজে উপবাসs একেবাৰেই নাথাকিব।

Related Articles