BSF jawan Amrit Hajong: পদোন্নতিয়ে কাল হ’ল সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান অমৃত হাজঙৰ

পদোন্নতিয়ে যেন কাল হ’ল সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান অমৃত হাজঙৰ৷ দুবাৰকৈ ৰাষ্ট্ৰপতি পদক লাভ কৰা আৰু সদ্য পদোন্নতি প্ৰাপ্ত সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানৰ বাসগৃহত আনন্দৰ বিপৰীতে শোকৰ বন্যা৷ সাহসীকতাৰে কৰ্ম সম্পাদনা কৰি ৰাষ্ট্ৰপতিৰ Police medel for gerenty বঁটা প্ৰাপক অমৃত হাজং আৰু নাই ৷ মৃত বি এ ছেফ জোৱানগৰাকীক নিশা অজশ্ৰ গুণমুগ্ধৰ উপস্থিতিত সামৰিক মৰ্যাদাৰে শেষ শ্ৰদ্ধা জ্ঞাপন৷ (BSF jawan Amrit Hajong)

দৰং ওডালগুৰি জিলা সীমান্তৰ শিলবৰীৰ নিকতবৰ্তী ওডালগুৰি মৈমনসিং গাঁৱৰ অমৃত হাজঙৰ বাসগৃহত শোকাকুল পৰিৱেশ৷ কৰ্তব্যৰত অৱস্থাতে মৃত্যুক সাৱটিলে ৰাষ্ট্ৰপতিপদক প্ৰাপ্ত অমৃত হাজঙে৷ নিশা দুপৰলৈকে পৰিয়ালৰ সৈতে কথা পতা সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানজন হঠাতে হৃৎপিণ্ড স্তব্ধ হৈ পৰে৷ (Darrang-udalguri)

আনক দেখিলে মিচিকিয়াই কথা পতা জোৱানজনৰ মৃত্যুৰ বাতৰিয়ে শোকাকুল কৰিছে মৈমনসিং গাঁৱবাসীক৷ নিজৰ সাহসীকতাৰ বাবে দুবাৰকৈ ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালম আৰু প্ৰতিভা দেবী সিং পাটিলৰ কাৰ্যকালত police medel for geranty পদক লাভ কৰা তথা শেহতীয়াকৈ উত্তৰ ২৪ পৰগনা জিলা, পশ্চিমবঙ্গত কৰ্মৰত হৈ থকা অৱস্থাৰ পৰা উপ পৰিদৰ্শক পদলৈ উন্নিত হোৱাত জোৱান জনে চিমানগৰৰ মুখ্য কাৰ্য্যলয়ত যোগদানৰ বাবে নিজৰ তথ্যপাতি দিবলৈ আহিছিল বি এছ এফৰ জোৱানজনে৷ (BSF jawan Amrit Hajong dies)

নিশা হোৱাত বি এছ এফৰ সেনা চাৱনিতে আশ্ৰয় লৈছিল অমৃত হাজঙে৷ নিশা পৰিয়াল আত্মীয়ৰৈতে ফোন যোগে কৰিছিল কথা বাৰ্তা৷ নিশা খাই-বৈ বিছনাত বাগৰ দিয়া অমৃত আৰু সাৰ নাপালে৷ জোৱানজনে দুই পুত্ৰ কন্যা আৰু পত্নীক এৰি গ’লগৈ উভতি নহাৰ বাটেৰে৷ অমৃতৰ এই খবৰত অঞ্চলজুৰি বৈছে শোকৰ বন্যা৷

Related Articles