Barpeta: বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়াৰ অভিষেক

দৈনন্দিন বাৰ্তাৰ সেৱা,বৰপেটা ৩ অক্টোৱৰ ২০২৪ঃ (Barpeta Satra)সত্ৰীয়া ৰীতি নীতি পৰম্পৰা অনুসৰি তিনিও ৰাজ্যৰ বন্দণীয় স্থান বৰপেটা সত্ৰৰ নৱ নিৰ্বাচিত বুঢ়া সত্ৰীয়াৰ অভিষেক উৎসৱ বৃহস্পিবাৰে বৰপেটা সত্ৰত সম্পন্ন কৰা হয় । অভিষেক অনুষ্ঠান উপলক্ষে নৱ নিৰ্বাচিত বুঢ়া সত্ৰীয়া ড০ বাবুল চন্দ্ৰ দাসক নিজ বাসগৃহৰ পৰা গায়ন-বায়ন সহিতে বৰপেটাৰ বাইশখন হাটীৰ ভকত – আইসকল আৰু যুৱক – যুৱতীয়ে নাম-কীৰ্ত্তনেৰে চহৰৰ মুখ্য পথেৰে পৰিভ্ৰমণ কৰি সত্ৰলৈ আদৰি আনে । সত্ৰত প্ৰৱেশৰ পিছতে মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ গুৰুভিঠি (মঠ)ত সেৱা জনাই বুঢ়া সত্ৰীয়া ড০ বাবুল চন্দ্ৰ দাসেক বৰপেটা সত্ৰৰ ঘাই দেউৰী নাৰায়ণ আতৈ বুঢ়াভকত বাপজনাই থানৰ বাতৰি কোৱাৰ পিছত বুঢ়া সত্ৰীয়া বাপজনাক আদৰি আনি মঠৰ চোতালৰ বুঢ়া সত্ৰীয়াৰ বাবে নিৰ্দিষ্ট আসনত বহুৱায় ।

তাৰ পিছত সত্ৰৰ কীৰ্ত্তন ঘৰৰ উত্তৰৰ ঘাই দুৱাৰেৰে কীৰ্ত্তন ঘৰত প্ৰৱেশ কৰি গুৰু আসনৰ সন্মুখত সেৱা জনাই কীৰ্ত্তন ঘৰৰ ভিতৰৰ বুঢ়া সত্ৰীয়াৰ নিৰ্দিষ্ট আসনত বহুৱায় আৰু ইয়াতে তেওঁক সত্ৰৰ ঘাই দেউৰী নাৰায়ণ আতৈ বুঢ়াভকতে নৱ নিৰ্বাচিত বৰপেটা সত্ৰৰ ২৬ সংখ্যক বুঢ়া সত্ৰীয়া ড০ বাবুল চন্দ্ৰ দাসক মালা-নিৰ্মালী, পঞ্চ বস্ত্ৰ আদি প্ৰদান কৰে । কীৰ্ত্তন ঘৰৰ পৰা ঘাই দুৱাৰেৰে ওলাই আহি সত্ৰ চৌহদত থকা শ্ৰীশ্ৰীমথুৰা দাস বুঢ়াআতা, বদলা (পদ্ম) আতাৰ ভিঠিৰ লগতে সত্ৰৰ সেৱাৰ থলী সমূহত সেৱা জনাই উত্তৰৰ কেওঁলীয়া ভকতৰ বাহাসমূহত সেৱা জনাই আৰু কেওঁলীয়া হাটীৰ উত্তৰৰ বাটচ’ৰাত বহে ।

সেইদৰে দক্ষিণৰ কেওঁলীয়া ভকতৰ বাহাসমূহত সেৱা জনাই দক্ষিণৰ কেওঁলীয়া হাটীৰ বাটচ’ৰাত বহি সত্ৰৰ চৌহদৰ পৰা ওলাই আহে । ইয়াৰ পিছত সত্ৰৰ দক্ষিণত থকা থুল দক্ষিণ হাটীৰ বাটচ’ৰালৈ গৈ ছয়খন হাটীৰ থুল ভকতক সেৱা জনাই বাটচ’ৰাত বহে । ইয়াতে থুল দক্ষিণ হাটীৰ ৰাইজৰ হকে ভড়ালী-মজুমদাৰে বস্ত্ৰ প্ৰদান কৰি মান ধৰে । একাদিক্ৰমে থুল নহাটী আৰু থুল উত্তৰহাটীৰ বাটচ’ৰাতো তেখেতক বহুৱাৰ পিছত নহাটীৰ পাঁচখন হাটীৰ থুলৰ হকে আৰু এঘাৰখন হাটীৰ থুলৰ হকে থুল উত্তৰ হাটীৰ ভড়ালী-মজুমদাৰে বস্ত্ৰ, গুৱা-পাণ প্ৰদান কৰি যথানিয়মে নৱ নিৰ্বাচিত বুঢ়া সত্ৰীয়াক মান ধৰে । শেষত তেখেতক নহাটীস্থ শ্ৰীশ্ৰীমথুৰাদাস বুঢ়াআতাৰ আদি ভিঠিলৈ আদৰি নিয়া হয় আৰু তাত সেৱা জনোৱাৰ পিছত নহাটীৰ ৰাইজে মান ধৰে ৷ এনেদৰে ব্যাপক উৎসাহ – উদ্দীপনাৰ মাজেৰে বৰপেটা সত্ৰৰ নৱ নিৰ্বাচিত বুঢ়া সত্ৰীয়াৰ অভিষেক উৎসৱৰ সামৰণি পৰে ৷

Related Articles