Assamese Classical Language: অসমীয়া ভাষাৰ ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ; কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আনন্দ প্ৰকাশ

গুৱাহাটী ,৩ অক্টোবৰ: অসমীয়া ভাষাই ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰাত আনন্দ প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে(Union Minister Sarbananda Sonowal)। সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে, “প্ৰতিগৰাকী অসমীয়াৰ বাবে এক ঐতিহাসিক ক্ষণ! শ শ বছৰৰ ঐতিহ্যৰে পৰিপূৰ্ণ স্বকীয় অসমীয়া ভাষালৈ কেন্দ্ৰীয় কেবিনেটত ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানত অনুমোদন(Assamese Classical Language)”।

ইয়াৰ পূৰ্বে ভাৰতত মুঠ ছয়টা ভাষাকহে ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়া হৈছিল(Classical Language of India)। এই শাৰীত ধ্ৰুপদী ভাষা হিচাপে নতুনকৈ সংযোজিত হ’ল অসমীয়া ভাষা। এয়া সঁচাকৈয়ে এক আনন্দৰ বতৰা, এক দীৰ্ঘদিনীয়া প্ৰতীক্ষাৰ অন্ত।

সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে, “চিৰ চেনেহী ভাষা জননীৰ এই মৰ্যাদাপ্ৰাপ্তিৰ যাত্ৰাত উল্লেখযোগ্য অৰিহণা যোগোৱা প্ৰতিগৰাকী ব্যক্তিকেই ধন্যবাদ জনাইছোঁ।এই ঐতিহাসিক পদক্ষেপৰ বাবে অসমবাসীৰ হৈ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী(Prime Minister Narendra Modi) ডাঙৰীয়াক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এইছেগতে মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহ ডাঙৰীয়া, মাননীয় কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱট ডাঙৰীয়া আৰু মাননীয় কেন্দ্ৰীয় শিক্ষামন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াকো তেওঁলোকৰ সক্ৰিয় ভূমিকাৰ বাবে ধন্যবাদ জনাইছোঁ”।

তদুপৰি, ড° হিমন্ত বিশ্ব শৰ্মাৰ(Assam Chief Minister Himanta Biswa Sarma) নেতৃত্বাধীন অসম চৰকাৰৰ ভূমিকাৰো শলাগ ললে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। তেওঁ লগতে উল্লেখ কৰিলে, “ধ্ৰুপদী ভাষাৰ মৰ্যাদা পাবলৈ হ’লে এটা ভাষাৰ ইতিহাস ১৫০০-২০০০ বছৰৰ দৰে অতি পুৰণি আৰু মৌলিকতাৰে পূৰ্ণ তথা প্ৰাচীন সাহিত্যৰ লিপিবদ্ধ প্ৰমাণ থাকিব লাগে। এইক্ষেত্ৰত অসমীয়া ভাষাই প্ৰয়োজনীয় নীতি-নিয়ম পূৰণ কৰিছে। চৰকাৰে ধ্ৰুপদী ভাষাসমূহৰ প্ৰচাৰ-প্ৰসাৰ আৰু সুৰক্ষা-সংৰক্ষণৰ বাবে বিশেষ সহযোগিতা আগবঢ়ায়। তদুপৰি গৱেষণাৰ বাবে পুঁজি যোগান, উৎকৰ্ষতাৰ কেন্দ্ৰ স্থাপন, কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহত সংশ্লিষ্ট ভাষাৰ বাবে বিশেষ চকীৰ সূচনা, ধ্ৰুপদী ভাৰতীয় ভাষাৰ সাহিত্যিকৰ বাবে বাৰ্ষিক আন্তঃৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা ইত্যাদি কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈ আহিছে। অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পোৱাৰ ফলত বিভিন্ন সংস্থাপনৰ পথো প্ৰশস্ত হ’ব। আইৰ মুখৰ ভাষা -অসমীয়াৰ প্ৰচাৰ-প্ৰসাৰ, সুৰক্ষাৰ বাবে আমি অনাগত দিনবোৰতো ন উদ্যমেৰে কাম কৰি যোৱাৰ সংকল্প লওঁ আহক।”

লগতে পঢ়ক: Assamese Classical Language: অসমীয়া ভাষাই লাভ কৰিলে ধ্ৰুপদী ভাষাৰ মৰ্যাদা

Related Articles