Smart Meter: তিতাবৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তীব্ৰ প্ৰতিবাদঃ শৰাই আগবঢ়াই স্মাৰ্ট মিটাৰ গটাই দিলে বিদ্যুৎ বিভাগক

দৈনন্দিন বাৰ্তা, ৪ অক্টোবৰঃ ৰাজ্যজুৰি অৱ্যাহত আছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ। বিদ্যুৎ মাচুলৰ বাবদ স্মাৰ্ট মিটাৰৰ জৰিয়তে ৰাইজৰ তেজ শুহি খোৱা কাৰ্য্যক সহজভাৱে ল’ব পৰা নাই ৰাজ্যবাসীয়ে। বিশেষকৈ গ্ৰামাঞ্চলৰ উপভোক্তাসকলে স্মাৰ্ট মিটাৰৰ কেকোঁৰা চেঁপাত এতিয়া দিক্‌বিদিক হেৰুৱাই পেলাইছে। তাৰপাছতো ৰাজ্য চৰকাৰে স্মাৰ্ট মিটাৰ সন্দৰ্ভত কোনো স্পষ্ট নীতি গ্ৰহণ নকৰাত সম্প্ৰতি ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ ব্যাপক প্ৰতিবাদ অব্যাহত থকাৰ সময়তে বৃহস্পতিবাৰে তিতাবৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত বহু সংখ্যক বিদ্যুৎ গ্ৰাহকে তিতাবৰৰ বিদ্যুৎ উপ-সংমণ্ডল কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। (Smart Meter)

যোৰহাট বৈদ্যুতিক সংমণ্ডলৰ অধীনস্থ সমগ্ৰ তিতাবৰ বিধান সভা সমষ্টিৰ বিভিন্ন চাহ বাগিচা আৰু গ্ৰামাঞ্চলসমূহত স্মাৰ্ট মিটাৰ সংস্থাপনৰ বিৰোধিতাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত হাতে হাতে স্মাৰ্ট মিটাৰ লৈ ওলাই অহা শতাধিক গ্ৰাহকে ‘জনসাধাৰণৰ তেজ শুহি খোৱা স্মাৰ্ট মিটাৰ আমাক নালাগে, পুৰণি মিটাৰ ঘূৰাই দিয়ক, স্মাৰ্ট মিটাৰ ঘূৰাই ল’ব লাগিবই, ডকাইটৰূপী স্মাৰ্ট মিটাৰ বন্ধ কৰক, বিজেপি চৰকাৰ হুচিয়াৰ’ আদি শ্ল’গানেৰে প্ৰতিবাদী সমদল কৰি তিতাবৰৰ ৰাজপথ উত্তাল কৰাৰ পাছত বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত তামোল-পাণ, অৰিহণাসহ শৰাই আগবঢ়াই স্মাৰ্ট মিটাৰ গতাই দিয়ে।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া আৰু যোৰহাট জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা প্ৰমোদ গগৈৰ নেতৃত্বত অগণন লোকে বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

উল্লেখ্য যে, তিতাবৰত স্মাৰ্ট মিটাৰ সংস্থাপন কৰা গ্ৰাহকৰ ঘৰৰ পৰা স্মাৰ্ট মিটাৰ উঠাই পুৰণি মিটাৰ সংস্থাপনৰ বাবে যোৱা ৬ ছেপ্টেম্বৰত অন্তিম সময় বান্ধি দিয়াৰ দিন কেতিয়াবাই উকলি গ’ল যদিও বিদ্যুৎ বিভাগে কোনো পদক্ষেপ গ্ৰহণ নকৰাত খৰ্গহস্ত হৈ আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত গ্ৰাহকসকল ৰাজপথলৈ ওলাই আহি বিশাল প্ৰতিবাদী সমদল উলিয়াই তিতাবৰ বিদ্যুৎ উপ-সংমণ্ডল কাৰ্যালয় ঘেৰাও কৰি শ শ স্মাৰ্ট মিটাৰ ঘূৰাই দিয়াৰ লগতে পুনৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়নৰ বিষয়ে জানিবলৈ দি প্ৰতিবাদকাৰীসকলে শীঘ্ৰে স্মাৰ্ট মিটাৰ বন্ধ নকৰিলে আন্দোলন আৰু অধিক তীব্ৰতৰ হ’ব বুলি শক্তি বিভাগৰ লগতে ৰাজ্য চৰকাৰক সকীয়াই দিয়ে।

Related Articles