sore throat: পূজাৰ বতৰত বাচি খাব! নহ’লে হ’ব ডিঙিৰ বিষ, ডিঙিৰ বিষ নিৰাময়ৰ বাবে ৫টা ঘৰুৱা উপায়

ডিঙিৰ বিষৰ অনুভৱ কেনে হয় জানেনে? কিবা খোৱাৰ সময়ত ডিঙিত কাঁইটৰ দৰে বিন্ধে। গৰম পানী খালে আৰামদায়ক অনুভৱ হোৱা, কিন্তু একেবাৰে এই বিষৰ নিৰাময় নহয়। ডিঙিৰ বিষ ঠাণ্ডা আৰু গৰমৰ ফলত হয়।(sore throat)

এনে অৱস্থাত কি পিন্ধিব, কি খাব এই সমূহৰ বিষয়ে জানি ল’ব লাগিব। ঠাণ্ডা আৰু ডিঙিৰ বিষ নোহোৱা হৈ যাব। আনহাতে আপুনি নিমখীয়া গৰম পানীৰে গাৰ্গলিং কৰিব পাৰে। ইয়াৰউপৰিও যদি আপুনি কেইটামান ঘৰুৱা টিপছ মানি চলিব পাৰে-(Home remedies for sore throat)

১) ফিটকিৰি সৈতে গাৰ্গল কৰা:

এগিলাচ কুহুমীয়া পানীত আধা চামুচ ফিটকিৰি মিহলাই লওক। দিনটোত কমেও দুবাৰৰ পৰা তিনিবাৰকৈ পানীৰে গাৰ্গল কৰিব লাগে। ইয়াৰ দ্বাৰা প্ৰদাহজনিত সমস্যা আৰু বেক্টেৰিয়াৰ সংক্ৰমণ হ্ৰাস পাব।

২) হালধি গাখীৰ:

হালধিত কেইবাটাও এন্টি-ইনফ্লেমেটৰী আৰু এন্টিবেক্টেৰিয়েল গুণ থাকে। কুহুমীয়া গাখীৰত এচিকুট হালধি আৰু জালুকৰ গুড়ি মিহলাই লওক। ৰাতি শুৱাৰ পূৰ্বে এই পানীয় খালে বিষৰ পৰা সকাহ পাব।

৩) আদা, মৌ:

মৌত এন্টিবেক্টেৰিয়েল গুণ থাকে। আদা প্ৰদাহ নিবাৰণকাৰী হিচাপে ভাল। আদা কুটি মৌৰ লগত মিহলাই খাব পাৰে। আকৌ আদা চেপি তাৰ ৰস মৌৰ লগত মিহলাই খাব পাৰি।


৪) তুলসী চাহঃ

কেৰাহীত পানী গৰম কৰক। তাত এমুঠি তুলসীৰ পাত দি ভালদৰে উতলাই লওক। এইবাৰ ষ্ট্ৰেইনাৰৰ সহায়ত চেকি চাহৰ দৰে খাব পাৰে। সেই পানীয়ত অলপ মৌও মিহলাই ল’ব পাৰি।

৫) মছলাযুক্ত ঘিউঃ

সৰু পাত্ৰ এটাত ঘিউ অলপ গৰম কৰি লওক। তাত জালুক, দালচেনি আৰু আদাৰ ৰস দিব। ইচ্ছা কৰিলে অলপ মৌ দিব পাৰে। এই মিশ্ৰণটো ৰাতি শোৱাৰ পূৰ্বে খাব লাগে।

Related Articles