Co-District status to Kaliabor : সমজিলাৰ তালিকাত সোমাল কলিয়াবৰ; এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ল কলিয়াবৰবাসী

কলিয়াবৰ, ৫ অক্টোবৰ: এতিয়াৰ পৰা নগাঁও জিলাৰ অন্তৰ্গত কলিয়াবৰ মহকুমাৰ নতুন পৰিচয় হ’ল কলিয়াবৰ সমজিলা(Co-District status to Kaliabor) । এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শুকুৰবাৰে আনুষ্ঠানিকভাৱে কলিয়াবৰ সমজিলা উদ্ধোধন কৰা হয়। ৰাজ্য চৰকাৰে সমষ্টি ভিত্তিত প্ৰথম পৰ্যায়ত ঘোষণা কৰা ৩৯ খন সমজিলাৰ অন্যতম নগাঁৱৰ কলিয়াবৰ সমজিলা আয়ুক্তৰ কাৰ্যালয়টো এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই(Assam Minister Keshab Mahanta)।

সভাত প্ৰদান কৰা ভাষণ প্ৰসংগত মন্ত্ৰী কেশৱ মহন্তই ১৯৮৭ চনত কলিয়াবৰ মহকুমা স্থাপনৰ পূৰ্বে সেই সময়ৰ ছাত্ৰ নেতা হিচাপে থকা কালত কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ নেতৃত্বত কলিয়াবৰ মহকুমা গঠনৰ দাবীত কলিয়াবৰ বন্ধৰ আহ্বানত কথা সোঁৱৰণ কৰে(Kaliabor Journey from Sub-Division to Co-District) । তদুপৰি, তদানীন্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আৰু স্থানীয় বিধায়ক গুণীন হাজৰিকাৰ তৎপৰতাত কলিয়াবৰ মহকুমা গঠন যথেষ্ট খৰতকীয়াকৈ সম্পন্ন হয় বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

আজিৰ এই সমজিলা উদ্ধোধনৰ ফলত বহু প্ৰশাসনিক সেৱা-সুবিধাসমূহ নগাঁও জিলাৰ আয়ুক্ত কাৰ্যালয়লৈ নোযোৱাকৈয়ে কলিয়াবৰৰ নাগৰিকে লাভ কৰিব(Administrative recognition for Kaliabor)। ইয়াৰ ফলত প্ৰশাসনিক ব্যৱস্থাটো আৰু ৰাইজৰ কাষ চাপিব। নতুনকৈ সমজিলাৰ সেৱাসমূহ যাতে কলিয়াবৰীয়া ৰাইজে অতি সহজতে তৎকালীন ভাৱে পাই তাৰ বাবে কলিয়াবৰ নৱনিযুক্ত সমজিলা আয়ুক্ত লিছা তালুকদাৰসহ আন বিষয়া-কৰ্মচাৰীসকলক আহ্বান জনাই ৰাজ্য চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে।

সভাত ভাষণ প্ৰদান কৰি অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী গুণীন হাজৰিকা(Former Minister Gunin Hazarika)ই কলিয়াবৰ মহকুমা গঠন কালৰ স্মৃতি সোঁৱৰি কয়, কলিয়াবৰ মহকুমা গঠনৰ ২৭ বছৰৰ পাছত এক প্ৰশাসনিক সংস্কাৰ হৈছে। তাৰ বাবে অসম চৰকাৰক ধন্যবাদ পাত্ৰ। এতিয়া সমজিলাৰ পৰা পূৰ্ণ পৰ্যায়ৰ জিলালৈ উন্নীত হ’ব লাগে। এই কাম তৎপৰতাৰে বৰ্তমানৰ বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই আগবঢ়াব বুলি উল্লেখ কৰি প্ৰাক্তন মন্ত্ৰীগৰকাীয়ে আশাপ্ৰকাশ কৰে ।

নগাঁও জিলাৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে কলিয়াবৰৰ ভৌগলিক, ঐতিহাসিক, প্ৰাকৃতিক আৰু সাংস্কৃতিক সমলসমূহৰ কথা উল্লেখ কৰি কয়, কলিয়াবৰ সকলো দিশতে পৰ্যাপ্ত সমলেৰে বিদ্যমান। আজিৰ এই নতুন প্ৰশাসনিক সংস্কাৰে কলিয়াবৰৰ গুণ-গৰিমা বৃদ্ধিৰ লগতে ৰাইজক উপকৃত কৰিব।

নগাঁও জিলা প্ৰশাসনে মাংগলিক কাৰ্যসূচীৰে আয়োজন কৰা কলিয়াবৰ সমজিলা উদ্বোধনৰ এই অনুষ্ঠানত ৰাজ্য চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত, নগাঁও জিলাৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, প্ৰাক্তন মন্ত্ৰী গুণীন হাজৰিকাৰ উপৰি অসম প্ৰদেশ বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক দিপ্লুৰঞ্জন শৰ্মা, অগপ দলৰ নগাঁও জিলাৰ সভাপতি মণিমাধৱ মহন্তৰ লগতে কলিয়াবৰৰ বিভিন্ন দল সংগঠন আৰু অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকলৰ লগতে বিভিন্ন চৰকাৰী কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰী আৰু কলিয়াবৰীয়া ৰাইজ উপস্থিত থাকে।

শুকুৰবাৰে আয়োজিত এই অনুষ্ঠানৰ প্ৰাৰম্ভতে সঙ্গীত সূৰ্য ড০ ভূপেন হাজৰিকাই কণ্ঠদান কৰা প্ৰয়াত কুসুম বৰাৰ ৰচিত, অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ যোগেন বৰদৈলৰ সুৰাৰোপিত “এইখন কলিয়াবৰ” শীৰ্ষক গীতটিত কণ্ঠদান কৰে কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ৰ কৰ্মচাৰীসকলে। লগতে স্থানীয় কলা-কুশলীয়ে প্ৰদৰ্শন কৰা সত্ৰীয়া নৃত্যই উদ্বোধনী অনুষ্ঠানটিত উপস্থিত সভাসদসকলক মুগ্ধ কৰে।

প্ৰসাশনিক নৱ সংযোজনক নতুনকৈ গতি দিবলৈ সমষ্টি ভিত্তিত গঠন কৰা এই সমজিলাৰ কাম কাজসমূহ এতিয়াৰে পৰা কলিয়াবৰৰ পূৰ্বৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ পৰা পৰিচালিত হ’ব । কলিয়াবৰকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত গঠন কৰা সমজিলাসমূহে নাগৰিকলৈ যথাসময়ত অত্যাৱশ্যকীয় চৰকাৰী সেৱা প্ৰদানৰ লগতে নাগৰিকৰ বাবে সুচল চৰকাৰী সেৱাসমূহ আগবঢ়াই যাব(Administrative Benefits and Services)।

উল্লেখযোগ্য যে, শেহতীয়াকৈ অসম চৰকাৰে প্ৰশাসনিক সংস্কাৰ সাধন কৰিবলৈ কেইবাটাও বৈশিষ্ট্যৰে ৰাজ্যৰ ৩৯ টা বিধানসভা সমষ্টিক প্ৰথম পৰ্যায়ৰ সমজিলা হিচাপে ঘোষণা কৰিছে। সমজিলা হৈছে, একোখন জিলাৰ ভিতৰতে থকা এটা ক্ষুদ্ৰ প্ৰশাসনিক গোট । ই নাগৰিকসকলক যথাসময়ত অত্যাৱশ্যকীয় চৰকাৰী সেৱা প্ৰদানৰ এটা দৃঢ় প্ৰচেষ্টাৰ লগতে প্ৰশাসনিক দক্ষতা বৃদ্ধিৰ দিশত এক উল্লেখনীয় পদক্ষেপ । তাৰোপৰি নাগৰিকৰ বাবে সুচল চৰকাৰী সেৱা আগবঢ়াবৰ বাবে এক উৎকৃষ্ট পদক্ষেপ । সমজিলাত উপলব্ধ হ’বলগীয়া বিশেষ সেৱাসমূহৰ ভিতৰত ভূমি, ৰাজহ সম্পৰ্কীয় সেৱা, উন্নয়ন আৰু জনকল্যানমূলক আঁচনিৰ ৰূপায়ণ, প্ৰশাসনিক ক্ষমতা, দণ্ডাধিকাৰীয় ক্ষমতা, খাদ্য আৰু অসামৰিক যোগান, আবকাৰী ক্ষমতা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, দুৰ্যোগ ব্যৱস্থাপনা আদি উল্লেখযোগ্য।

Related Articles