katrina kaif have diabetes: মধুমেহ ৰোগৰ বলি অভিনেত্ৰী কেটৰিনা কাইফ!

আৰম্ভ হ’ল নৱৰাত্ৰি। আজি নৱৰাত্ৰিৰ তৃতীয় দিন। সকলো এতিয়া নৱৰাত্ৰি পূজাত ব্যস্ত, ব্যতিক্ৰম নহয় বলিউদৰ অভিনেত্ৰীসকলো। শুক্ৰবাৰে মুম্বাইৰ কলিনা বিমানবন্দৰত দেখা গৈছিল বলিউদৰ অভিনেত্ৰী কেটৰিনা কাইফক,পৰম্পৰাগত সাজ-পোছাকত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল কেটৰিনাই।(katrina kaif have diabetes)

এই ধুনীয়া সাজ-পোছাকত অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰা আন এটা কথা হ’ল অভিনেত্ৰীগৰাকীৰ হাতত আছিল এটা ক’লা দাগ। অনুৰাগীৰ মনত প্ৰশ্ন কেটৰিণাৰ হাতত এইটো কিহৰ ক’লা দাগ। আপুনিও জানিব বিচাৰে নেকি অভিনেত্ৰীগৰাকীৰ হাতত থকা ক’লা দাগটোৰ বিষয়ে।(bollywood actress katrina kaif)

আচলতে কেটৰিনা শুক্ৰবাৰে নৱৰাত্ৰিৰ এক বিশেষ অনুষ্ঠানলৈ গৈছিল। য’ত বলিউদৰ বহু অভিনেতা-অভিনেত্ৰী উপস্থিত আছিল। কেটৰিনাই পিন্ধিছিল ফেশ্বন ডিজাইনাৰ তৰুণ তাহিলিয়ানীয়ে ডিজাইন কৰা এখন সুন্দৰ শাৰী। অৱশ্যে তেওঁৰ ধুনীয়া চেহেৰাৰ লগতে তেওঁৰ অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰা আন এটা কথা হ’ল কেটৰিনাৰ হাতৰ ক’লা দাগটো।(netizens worried)

ছ’চিয়েল মিডিয়াত কেটৰিনাৰ ছবি আৰু ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত অনুৰাগীৰ মাজত এই ক’লা পেচক লৈ আলোচনা আৰম্ভ হয়। বহুতে ভাবিছিল এই ক’লা পেচটো কি। আচলতে কেটৰিনাৰ হাতৰ এই ক’লা পেচটো সাধাৰণ পেচ নহয়। ই ডায়েবেটিছ পেচ, যাক ব্লাড চুগাৰ মনিটৰ পেচ বুলিও কোৱা হয়। এই পেচটো ডায়েবেটিছ ৰোগী আৰু তেজৰ চেনিৰ মাত্ৰা নিয়মিতভাৱে নিৰীক্ষণ কৰিবলগীয়া হোৱা লোকে ব্যৱহাৰ কৰে।(why katrina kaif wearing diabetes monitor patch)

ডায়েবেটিছ পেচে কেনেকৈ কাম কৰে-
ডায়েবেটিছ পেচ হৈছে ছালত ৰখা কন্টিনিউয়াছ গ্লুক’জ মনিটৰ (CGM) ডিভাইচৰ অংশ। এই ডিভাইচটোৱে দিনটো শৰীৰৰ ব্লাড চুগাৰৰ মাত্ৰা নিৰ্ণয় কৰে আৰু ইয়াৰ ফলাফল স্মাৰ্টফোন বা আন যিকোনো ডিভাইচলৈ প্ৰেৰণ কৰে। এই পেচটোৰ লগত এটা আঠা থাকে, যিটো ছালত লাগি থাকে আৰু ট্ৰেন্সমিটাৰে ইয়াৰ সৈতে সংযোগ কৰি ডাটা প্ৰেৰণ কৰে।

যিসকল লোক টাইপ-১ ডায়েবেটিছ বা টাইপ-২ ডায়েবেটিছত আক্ৰান্ত তেওঁলোকৰ বাবে ডায়েবেটিছ পেচ অতি সহায়ক। তেওঁলোকে নিজৰ ব্লাড চুগাৰৰ মাত্ৰা নিৰীক্ষণ কৰিব পাৰে।

কেটৰিনা কাইফে পৰম্পৰাগত সাজ-পোচাকত যথেষ্ট প্ৰশংসা লাভ কৰাৰ বিপৰীতে হাতৰ ডায়েবেটিছ পেচটোও আলোচনাৰ বিষয় হৈ পৰিছিল। অৱশ্যে অভিনেত্ৰীগৰাকীৰ ডায়েবেটিছ আছে নে নাই সেই বিষয়ে এতিয়াও কোনো তথ্য পোৱা হোৱা নাই। কিন্তু, এই বিষয়ত সামাজিক মাধ্যমত অনুৰাগীৰ মাজত আলোচনা হৈ আছে।(navaratri 2024)

লগতে পঢ়ক- Prastuti Porasor Abahan Theatre 2024-25: মই হেনো প্রেমতে পৰিছোঁ, “কলিজা নহয় মেডাম কলিজা”; মেডাম মেনকাৰ যাদু


Related Articles