Durga Puja Guidelines 2024: সমাগত দুৰ্গা পূজাঃ গুৱাহাটীত পূজা সমিতিলৈ আৰক্ষী প্ৰশাসনৰ বিশেষ নিৰ্দেনা, কি আছে নিৰ্দেশনাত?

দৈনন্দিন বাৰ্তা, ৫ অক্টোবৰঃ দেৱী দুৰ্গাৰ আৰাধনাৰ বাবে সাজু হৈছে গুৱাহাটী মহানগৰীৰ বিভিন্ন পূজা সমতি। এনে সময়তে মহানগৰ তথা জিলা প্ৰশাসনে ইতিমধ্যে কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে। লগতে জাৰি কৰা হৈছে পূজাৰ বাবে বিশেষ এছ অ’ পি। গুৱাহাটী মহানগৰত দুৰ্গা পূজা উদযাপনৰ ক্ষেত্ৰত এইবাৰ কেতবোৰ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে মহানগৰ প্ৰশাসনে।(Durga Puja Guidelines 2024)

গুৱাহাটীত দুৰ্গা পূজা উদযাপনৰ বাবে প্ৰশাসনৰ নিৰ্দেশনাসমূহ

কামৰূপ মহানগৰ আৰু মহানগৰ আৰক্ষীৰ অনুমতি লৈহে পূজা কমিটীসমূহে পূজা অনুষ্ঠিত কৰিব লাগিব । প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা মতে, গুৱাহাটী মহানগৰীৰ বাট-পথ বন্ধ কৰি কোনো পূজা সমিতিয়ে দুৰ্গাপূজা উদযাপন কৰিব নোৱাৰিব । দুর্গা পূজা সমিতিয়ে উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশৰ প্ৰতি লক্ষ্য ৰাখি পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈ ৫৫ ডেচিবেলতকৈ উচ্চস্বৰত আৰু নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ ৪৫ ডেচিবেলতকৈ উচ্চস্বৰত মাইক বজাব নোৱাৰিব বুলি স্পষ্ট কৰি দিছে আৰক্ষী প্রশাসনে।(Durga Puja Guidelines for Guwahati City)

উল্লেখ্য, গুৱাহাটীৰ জিলা পুথিভঁৰালত বৃহস্পতিবাৰে জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন আৰু মহানগৰীৰ দুৰ্গা পূজা সমিতিসমূহৰ মাজত এখন সভা অনুষ্ঠিত হৈছিল । সভাত পূজাৰ সময়ছোৱাত ভক্তপ্ৰাণ ৰাইজৰ নিৰাপত্তা আৰু যান-বাহন পার্কিঙকে ধৰি বিভিন্ন দিশৰ ওপৰত আলোচনা কৰা হয় । লগতে বিভিন্ন বিষয়ত পূজা সমিতিসমূহক কেতবোৰ নীতি-নির্দেশনা প্ৰদান কৰে আৰক্ষী প্ৰশাসনে।(Police Release Guidelines)

পূজা মণ্ডপ চাফ-চিকুণত গুৰুত্ব আৰু খোৱাপানীৰ পৰ্যাপ্ত ব্যৱস্থা কৰাৰ লগতে কোনো ধৰণৰ কূটাঘাতমূলক ঘটনা যাতে সংঘটিত নহয়, তাৰ প্ৰতি সতর্কতা অৱলম্বন কৰিব লাগিব । কোনো পূজা সমিতিয়ে ৰাজপথ আবদ্ধ কৰি পূজা উদযাপন নোৱাৰিব। লগতে উচ্চস্বৰত মাইক বজাব আৰু পূজা মণ্ডপৰ ১০০ মিটাৰৰ ভিতৰত যান-বাহন পার্কিং কৰিব নোৱাৰিব ।

স্বেচ্ছাসেৱকৰ তালিকা দাখিল কৰা, আগতীয়াকৈ ওচৰৰ আৰক্ষী থানাত সকলো বিষয়ববীয়া আৰু স্বেচ্ছাসেৱকৰ বিশদ তালিকা প্ৰদান কৰা, ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ পুৰুষ আৰু মহিলাৰ বাবে পৃথক প্রৱেশ/প্রস্থান বেৰিকেড স্থাপন কৰা, পূজা মণ্ডপত চি চি কেমেৰা স্থাপন কৰা, বিদ্যুৎ কৰ্তন হ’লে লগে লগে জেনেৰেটৰৰ দ্বাৰা বিদ্যুৎ যোগানৰ ব্যৱস্থা কৰাৰ বাবে নিৰ্দেশ দিয়া হৈছে । আনহাতে, প্লাষ্টিক বৰ্জন কৰি কাগজৰ প্লেটত প্ৰসাদ বিতৰণকে ধৰি কোনো ধৰণৰ প্ৰদূষণযুক্ত সামগ্ৰী ব্যৱহাৰ নকৰিবলৈ পূজা সমিতিসমূহক আহ্বান জনাইছে অসম প্ৰদূষণ পৰিষদে।(APDCL)

তদুপৰি, স্বাস্থ্য বিভাগ, গুৱাহাটী পৌৰ নিগম, আভ্যন্তৰীণ জল পৰিবহণ বিভাগ, অগ্নি নির্বাপক বাহিনী, বিদ্যুৎ বিভাগকে ধৰি বিভিন্ন বিভাগৰ পৰাও দুৰ্গা পূজা সমিতিসমূহক বিভিন্ন নির্দেশনা দিয়া হয়। উল্লেখ্য যে এইবেলি গুৱাহাটীৰ ৮ টা ঘাটত দেৱী প্ৰতিমা বিসর্জন প্রক্রিয়া সম্পন্ন হ’ব। এই নিৰ্দেশাসমূহ সকলো পূজা সমতিয়ে বাধ্যতামূলকভাবে মানি চলিব লাগিব।(idol immersion will only be allowed eight ghats)

Related Articles