Darrang: সামাজিক বান্ধোনৰ নামত লজ্জাজনক কাণ্ড, ছাগলীৰে ভোজ নিদিয়াৰ বাবে ৩ মাহে এঘৰীয়া

দৈনন্দিন বাৰ্তাৰ সেৱা, দৰং, ৫ অক্টোবৰ:(Social Bonding)সামাজিক বান্ধোনৰ নামত (Darrang) দৰঙত আকৌ পোহৰলৈ আহিছে এক আজৱ কাণ্ড। কোচ-ৰাজবংশী সম্প্ৰদায়ৰ এক পৰিয়ালক গাওঁ খনৰে একাংশ বৰমুৰীয়াই সামাজিক ভাৱে এঘৰীয়া কৰাই নহয়, ৫০ হাজাৰ টকা জৰিমনা আৰু ছাগলীৰে ভোজ-ভাত নিদিলে চিৰদিন গাওঁ খনত থাকিব লাগিব এঘৰীয়া হৈ। এই সিদ্ধান্তত অটল ৰামৰাইপাৰাবাসীয়ৈ বিগত তিনিমাহে গাঁওৰ পৰা এঘৰীয়া কৰি ৰাখিছে নবকান্ত বৰুৱাৰ পৰিয়ালটোক।

ৰাইজৰ অভিযোগ, নৱকান্ত বৰুৱাৰ একমাত্ৰ জীয়ৰী পিপৰাকুচিৰ ইছলাম ধৰ্মী যুৱকলৈ পলাই যোৱাৰ বাবেই গাঁওবাসীয়ে এঘৰীয়া কৰিছে পৰিয়ালটোক। ইছলামধৰ্মী যুৱকলৈ পলাই যোৱাৰ পাছত বৰুৱাৰ পৰিয়ালটোৰ কাষলৈ খেলৰ কোনো গ’লেই দিব লাগে ১ হাজাৰ টকাৰ জৰিমনা। ৰামৰাই পাৰা গাঁৱৰ ৰাইজে সমাজত জুই পানী নিষেধ কৰিছে পৰিয়ালটিক।উল্লেখ্য যে গাওঁখনৰ নৱকান্ত বৰুৱাৰ একমাত্ৰ ছোৱালীজনী যোৱা জুন মাহতে ইছলাম ধৰ্মৰ লোকলৈ পলাই গৈছিল। যুৱতী গৰাকী পলাই যোৱাৰ খবৰ পাই সমাজৰলোকে ধৰ্ম ভিন্ন, সংস্কৃতি ভিন্ন, আচাৰ বিচাৰ ভিন্ন লোকলৈ কিয় যুৱতীজনী যাব, সেইলৈ ৰাইজ ক্ষোভিত হৈ পৰে।

ৰাইজে লাভ জেহাদৰ আখ্যা নিদিলে যদিও বিচাৰ পাতি পৰিয়ালটোৰ ওপৰত জৰিমনা হিচাবে ৫০ হাজাৰ টকা আৰু ছাগলীৰে এটি ভোজ-ভাত খুৱাই পৰাচিত হবলৈ নিৰ্দেশ দিয়ে। কিন্তু দিন হাজিৰা কৰি দুবেলা দুমুঠি খোৱা দৰিদ্ৰ পৰিয়ালটিয়ে উক্ত নিৰ্দেশ মানিব নোৱাৰাৰ বাবে বিগত তিনি মাহে সমাজৰ পৰা বৰ্জিত হৈ থাকিব লগা হৈছে। সমাজৰ পৰা বৰ্জন কৰাত কাৰো ঘৰত হাজিৰাও নোপোৱা হৈ এতিয়া পানীত হাহ নচৰা অৱস্থা হৈছে পৰিয়ালটিৰ। আত্মীয় একাংশ লোকে গোপনে সহায় কৰি আছে যদিও কিমান দিন চলিব তেনেকৈ।

এতিয়া প্ৰশ্ন হয় এই দুৰ্ভগীয়া পৰিয়ালটোৰ জীয়ৰীয়ে লাভ জেহাদৰ বলি হোৱাৰ পূৰ্বেই এঘৰীয়া কৰাৰ বিষয়টো অৱগত নাছিল নে ? গাঁওখনৰ লোকসকলে এই পৰিয়ালটোক আহি সাহস দি এনে ঘটনা আগলৈ নকৰিবলৈ সজাগ কৰাৰ সলনি এঘৰীয়া কৰিলে কিয় ?

Related Articles