Minister Bimal Bora: দুলীয়াজান আৰু টিংখাং সমজিলাৰ উদ্বোধন উদ্যোগ মন্ত্রী বিমল বড়াৰ

গুৱাহাটী, ৫অক্টোবৰ:(Bimal Bora,Minister of Cultural Affairs of Assam)অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহূৱা প্ৰতিষ্ঠান তথা সাংস্কৃতিক বিভাগৰ মন্ত্রী বিমল বড়াই আজি ডিব্ৰুগড় জিলাৰ দুলীয়াজান আৰু টিংখাং সমজিলা দুখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে। প্ৰশাসনীয় সংস্কাৰক এক নতুন গতি দিয়াৰ লক্ষ্যৰে তথা ৰাইজক সকলো প্ৰয়োজনীয় চৰকাৰী সেৱা যথাসময়ত প্ৰদান কৰাৰ মানসেৰে অসম চৰকাৰে লোৱা পদক্ষেপৰ ফলশ্ৰুতিত গঠন হোৱা৩৯খনকৈ সম জিলাৰ ভিতৰত ডিব্ৰুগড় জিলাৰ দুলীয়াজান আৰু টিংখাং সমজিলাৰ উদ্বোধন কৰা হয়।

দুলীয়াজান সমজিলাৰ শুভউদ্বোধন কৰি মন্ত্ৰী বিমল বড়াই কয় যে, “অসম চৰকাৰে প্ৰশাসনিক সংস্কাৰক এক নতুন মাত্ৰা প্ৰদান কৰি প্ৰশাসন ব্যৱস্থাক অধিক জনমুখী কৰাৰ লগতে জনসাধাৰণৰ বাবে চৰকাৰী সকলোবোৰ সেৱা অধিক সুচল কৰি তুলিবলৈ এই সমজিলা সমূহ গঠন কৰিছে। ভাষণ প্ৰসংগত তেওঁ কয় যে, সমজিলা গঠন হোৱাৰ ফলস্বৰূপে জনসাধাৰণে সকলো চৰকাৰী সেৱা আৰু সা-সুবিধা জিলা আয়ুক্তৰ কাৰ্যালয়লৈ নোযোৱাকৈয়ে নিচেই কাষতে নিজৰ এলেকাৰ সম জিলাৰ কাৰ্যালয়ত লাভ কৰিবলৈ সক্ষম হ’ব। তেওঁ পুনৰ কয় যে, অসম চৰকাৰৰ এই ঐতিহাসিক পদক্ষেপৰ ফলশ্ৰুতিত ৰাইজ আৰু প্ৰশাসনৰ মাজৰ ব্যৱধান হ্ৰাস পাব আৰু প্ৰশাসন ব্যৱস্থাক জনতাৰ কাষলৈ লৈ যোৱাৰ লগতে সকলো উন্নয়নমূলক কামকাজৰ গতি আৰু অধিক তৰান্বিত হ’ব। মন্ত্ৰী গৰাকীয়ে সমজিলাত নিযুক্তি লাভ কৰা বিষয়া তথা কৰ্মচাৰীসকলক সেৱাৰ মনোভাৱেৰে ৰাইজৰ কল্যাণৰ বাবে দায়িত্ব পালন কৰিবলৈ আহ্বান জনায়।


মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে আন্দোলন নোহোৱাকৈ তথা ৰাইজৰ কোনো দাবী নোহোৱাকৈ জিলা সদৰক বাদ দি সকলো সমষ্টিতে সম জিলা দিয়াৰ ব্যৱস্থা কৰিলে বুলি উল্লেখ কৰি উদ্যোগ মন্ত্রী বড়াই কয় যে আজিৰ দিনটো দুলীয়াজানবাসীৰ বাবে এক ঐতিহাসিক দিন।আজিৰ দিনটোতে ডিব্ৰুগড় জিলাৰ অন্যতম সম-জিলা হিচাপে তৈল নগৰী দুলীয়াজানক অসম চৰকাৰে স্বীকৃতি প্ৰদান কৰিলে।এতিয়াৰ পৰা প্ৰশাসনিক ভাৱে দুলীয়াজানৰ গুৰুত্ব অধিক বৃদ্ধি পালে। সময় ব্যয় কৰি ডিব্ৰুগড়লৈ যাব নালাগে। জনতাই বহু প্ৰয়োজনীয় কাম ইয়াতেই সমাধা কৰিব পাৰিব।এই সম জিলাৰ প্ৰশাসনিক দায়িত্বত থাকিব এগৰাকী সম জিলা আয়ুক্ত।

দুলীয়াজান সম জিলা উদ্বোধনী অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী, দুলীয়াজান বিধান সভা সমষ্টিৰ বিধায়ক তেৰছ গোৱালা, অসম গৃহ নিৰ্মাণ পৰিষদৰ উপাধ্যক্ষ সুভাষ দত্ত,অসম গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈ, জিলা আয়ুক্ত বিক্ৰম কৈৰী, সম-জিলা আয়ুক্ত অসীম বৰগোহাঁইৰ লগতেবিশিষ্ট ব্যক্তি সকল উপস্থিত আছিল।

আনহাতে টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰাজগড়স্হিত টিংখাং উন্নয়ন খণ্ড আৰু আঞ্চলিক পঞ্চায়ত কাৰ্যালয় প্ৰাংগণত আজি পিছ বেলা অনুষ্ঠিত এক সভাত স্হানীয় বিধায়ক তথা ৰাজ্যৰ কেবিনেট মন্ত্রী বিমল বড়াই টিংখাং সম জিলা আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে। উদ্বোধনী ভাষণত মন্ত্রী বড়াই অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী পদক্ষেপ অনুসৰি প্ৰশাসনক জনসাধাৰণৰ অধিক ওচৰ চপাই নিয়াৰ উদ্দেশ্যে সমজিলা ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছেবুলি কয়। এই ব্যৱস্থাৰ অধীনত মন্ত্রী বড়াই তেওঁ প্ৰতিনিধিত্ব কৰা সমষ্টি টিংখাঙক সমজিলাৰ মৰ্যাদা প্ৰদান কৰা বাবে মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাক সমষ্টি বাসীৰহৈ কৃতজ্ঞতা জনায়। । টিংখাং সমষ্টি বাসী ৰাইজৰ বাবে এক স্মৰণীয় দিন বুলিও মন্ত্রী বড়াই অভিহিত কৰে। অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যসভা সাংসদ ৰামেশ্বৰ তেলিয়েও ভাষণ প্ৰদান কৰে।অনুষ্ঠানত ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কৈৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিপুল দাস,সম জিলা আয়ুক্ত পৰীক্ষিত ফুকন,পদ্মশ্ৰী হেমলতা চুতীয়াকে ধৰি ভালে সংখ্যক গণ্য মান্য লোক উপস্থিত আছিল।

Related Articles