Toll Tax:পুনৰ টোল টেক্স দিবলৈ সাজু হওক!

দৈনন্দিন বাৰ্তাৰ সেৱা, কলিয়াবৰ, ৫ অক্টোবৰ : (Toll Tax)অসমত বৰ্তমান সৰ্বাধিক উচ্চাৰিত শব্দটো হ’ল টোল গে’ট্। ৰাজপথৰ দুৰৱস্থাৰ মাজতে পুনৰ চুলুং টোল গে’ট্ সাজু হৈ উঠিছে। দুৰ্গা পূজাৰ আগে-পিছে এই টোল গে’ট্ মুকলি হ’ব। এই সন্দৰ্ভত স্থানীয় সচেতন ব্যক্তিয়ে অভিযোগ কৰি কয় – কলিয়াবৰ তিনিআলিৰ পৰা গুৱাহাটীলৈ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত সৰু-বৰ গাঁতৰ সংখ্যা প্ৰায় ১০০১৫ টকা। য’ত দুখনকৈ টোল গেটত টোল টেক্স দিব লাগে। আনহাতে, কলিয়াবৰ তিনিআলিৰ পৰা চুলুঙত নিৰ্মিত টোলগে’টলৈকে সৰু-সৰু গাঁতৰ সংখ্যা ৯১৮টা।

এই গাঁতকেইটা পুতি, যাতায়তৰ উপযুক্ত কৰিহে কৰ্তৃপক্ষই বাহনৰ পৰা টোল টেক্স সংগ্ৰহ কৰিব পাৰে। কিন্তু অসমত সেই নিয়ম পালনৰ প্ৰতি কাৰো গুৰুত্ব নাই। নাই ৰজাঘৰীয়াৰ, না ৰাইজৰ। আন ৰাজ্যত টোল টেক্স লয় যদিও অসমত কৈ এই নিৰিখ অস্বাভাৱিকভাৱে কম। পথবোৰো চকুত লগা, গাঁতৰ নাম-গোন্ধই নাই। বৃত্তিগত কাৰণত প্ৰায়েই বহিঃৰাজ্যলৈ আহ-যাহ কৰা কলিয়াবৰৰ নৱ বৰদলৈ নামৰ ব্যক্তিগৰাকীয়ে কলিয়াবৰ তিনিআলিৰ সদাব্যস্ত নিৰ্মিয়মান উৰণসেতুৰ তলৰ বিধ্বস্ত পথছোৱাৰ বৰষুণৰ পানী ভৰি থকা প্ৰকাণ্ড গাঁতবোৰ দেখুৱাই প্ৰতিবাদ সাব্যস্ত কৰে। তদুপৰি, প্ৰকাণ্ড গাঁতৰ ওপৰৰে পাৰ হৈছে ৰোগী কঢ়িওৱা এম্বুলেঞ্চ। দৈনিক এই পথেৰে পাৰ হয় হাজাৰ-হাজাৰ যান-বাহন। উজনি-নামনিৰ মধ্যস্থল কলিয়াবৰ তিনি আলিৰ পথত মৰণফান্দ সদৃশ প্ৰকাণ্ড গাঁত।

পথৰ দুৰৱস্থাই জনতাক জীয়াতু ভুগাইছেবুলি চৰকাৰক তীব্ৰ সমালোচনা কৰে। এই পথেৰে মুখ্যমন্ত্ৰীয়ে আহ-যাহ কৰে। মুখ্যমন্ত্ৰীৰ অহাৰ সময়ত ততাতৈয়াকৈ গাঁতটোৰ পোতে যদিও তাৰ পিছেত পুনৰ একে অৱস্থালৈ ৰূপান্তৰিত হয়। সেয়ে, বৰদলৈয়ে হেলিকপ্তাৰ বাবে দি সঘনাই এই পথেৰে অহা-যোৱা কৰিবলৈ আহ্বান জনাই, যাতে পথটোৰ মেৰামতি স্থায়ীভাৱে হয়। যাৰ ফলত সাধাৰণ ৰাইজৰো উপকাৰ হয়। কিয়নো, গাঁতৰ ওপৰত পথ নে¸ পথৰ ওপৰত গাঁত ধৰিব নোৱাৰা অৱস্থা। যাৰ বাবে প্ৰায়ে দুৰ্ঘটনা হয় এই স্থানত। ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ কলিয়াবৰ তিনিআলিত পথৰ ওপৰত প্ৰকাণ্ড প্ৰকাণ্ড গাঁত।এজাক বৰষুণতে গাঁতত পানী ৰৈ বিপদসংকুল হৈ পৰিছে যাতায়ত ব্যৱস্থা। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ তথা গড়কাপ্তানি বিভাগৰ লগতে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত জনতা¸ বাহনৰ গৰাকী-চালক। পথছোৱা পুনৰ মেৰামতি কৰি সুচল যাতায়ত ব্যৱস্থা কৰিবলৈ আহ্বান জনতাৰ।


কলিয়াভোমোৰা দ্বিতীয়খন দলং নিৰ্মাণৰ নামত যান-বাহনৰ গৰাকী-চালকৰ পৰা কৰ সংগ্ৰহৰ বাবে কলিয়াবৰৰ চুলুঙত নিৰ্মাণ কৰা হৈছে টোলগেট। অৱশ্যে এই টোলগেট মুকলি হ’ব, সেয়া এতিয়ালৈ নিশ্চিত হোৱা নাই।
ইতিমধ্যে, প্ৰায় সম্পূৰ্ণ হৈছে টোলগেট নিৰ্মাণৰ কাম। চুলুঙৰ টোলগেটত টোল টেক্স দিহে উত্তৰ পাৰলৈ যাব পাৰিব যাত্ৰীসকল। অনুৰূপভাবে দক্ষিণ পাৰত উপস্থিত হৈ চুলুঙত টোল টেক্স দিহে কলিয়াবৰ হৈ ৰাজ্যৰ আন স্থানলৈ যাব পাৰিব যান-বাহনৰ গৰাকী-চালকে। দল-সংগঠনৰ তীব্ৰ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে কৰ সংগ্ৰহৰ বাবে কলিয়াবৰৰ চুলুঙত সাজু হৈ উঠিছে অত্যাধুনিক টোলগেট।

আনহাতে, কলিয়াবৰ তিনিআলিৰ উৰণ সেতু নিৰ্মাণ প্ৰতিষ্ঠানৰ পলায়ন। বিগত আঠ বছৰে সম্পূৰ্ণ কৰিব নোৱাৰিলে বিতৰ্কিত চিমপ্লেক্সে ২০১৬ চনতে নিৰ্মাণ কাৰ্য্য আৰম্ভ হোৱা উত্তৰ-পূৱ-পশ্চিম অসমৰ গুৰুত্বপূৰ্ণ সংযোগস্থল কলিয়াবৰ তিনিআলিত ৮ বছৰে সম্পূৰ্ণ নহ’ল উৰণ সেতু। চিমপ্লেক্স নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে সুদীৰ্ঘ আঠ বছৰতো উৰণসেতুখনৰ নিৰ্মাণ কৰিব নোৱাৰি পলায়ন কৰে বুলি বুলি স্থানীয় সচেতন ব্যক্তিয়ে অভিযোগ কৰে। ৰাষ্ট্ৰীয় পথ সম্প্ৰসাৰণৰ পৰা উদ্ভৱ হোৱা সমস্যা সমাধানৰ বাবে গঠন হোৱা সমিতিখনৰ প্ৰতিনিধিয়ে এই সম্পৰ্কত কয় – সুদীৰ্ঘ আঠ বছৰে নিৰ্মাণ সম্পূৰ্ণ কৰিব নোৱাৰি ইতিমধ্যে উৰণসেতু নিৰ্মাণৰ ঠিকাদাৰী প্ৰতিষ্ঠানটো পলায়ন কৰে। ইয়াৰ মূলতে নিম্নদৰত ঠিকা লৈ ব্যয়বহুল উৰণসেতু নিৰ্মাণৰ নামত লোকচানৰ সন্মুখীন হৈ চিমপ্লেক্সে নিৰ্মাণ কাৰ্য সামৰি পলায়ন কৰে। শুনিবলৈ পোৱা মতে উৰণসেতুৰ বাকী ৰোৱা নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ নতুনকৈ নিবিদা আহ্বান কৰিছে। কিন্তু এনে ঠিকাদাৰী প্ৰতিষ্ঠানক এই উৰণসেতু নিৰ্মাণ কৰিবলৈ ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঠনি বিকাশ নিগমে কেনেকৈ অনুমতি দিলে সি গভীৰ ৰহস্যৰ বিষয়।


কেন্দ্ৰীয় চৰকাৰৰ ৰাজধানী সংযোগ প্ৰকল্পৰ অধীনত নগাঁৱৰ পৰা ইটানগৰলৈ অব্যাহত চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণত ব্যপক আসোঁৱাহৰ আৰম্ভণীতে পৰা অভিযোগ উত্থাপন কৰি আহিছে কলিয়াবৰৰ সচেতন মহলে। কলিয়াবৰ তিনিআলি মাজেৰে পাৰ হৈ যোৱা ব্যস্ত ৰাজপথ চোৱা চাৰিলেনযুক্ত পথ নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈছে যদিও লেহেমীয়া গতিৰে চলিছে কলিয়াবৰ তিনিআলিৰ উৰণসেতুৰ নিৰ্মাণ কাৰ্য। ৰাষ্ট্ৰীয় ৰাজমাৰ্গ আন্তঃগাথঁনি উন্নয়ন প্ৰাধিকৰণৰ অধীনত চিমপ্লেক্স নামৰ এটা ঠিকাদাৰী প্ৰতিষ্ঠানে বিগত কেইবাবছৰ ধৰি নিৰ্মাণ কৰি আছে কলিয়াবৰ তিনি আলিত উৰণ সেতু। কিন্তু লেহেমীয়া হোৱাৰ বাবে আজি পৰ্যন্ত সম্পূৰ্ণ নহল উৰণ সেতু। যাৰ পৰিণতিত অসুবিধাৰ সন্মুখীন হৈছে পথাচাৰী তথা উজনি-নামনি-উত্তৰপাৰলৈ অহা-যোৱা কৰা যাত্ৰী। নিতৌ ঘটিছে সৰু-বৰ দুৰ্ঘটনা। সদাব্যস্ত কলিয়াবৰ তিনিআলিৰ সমীপতে থকা কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ৰ লগতে ভাৰতীয় ষ্টেট বেংকৰ শাখালৈ অহা লোকসকলে অসম্পূৰ্ণ উৰণসেতুৰ বাবে যাতায়তৰ সময়ত জলা-কলা খাবলগা হয়।


আনহাতে, গুৰুত্বপুৰ্ণ বিষয়টো হ’ল কলিয়াবৰ তিনিআলিৰ কোনো স্থানতে ৰখা হোৱা নাছিল সেৱা-পথ, স্থায়ী নলা-নৰ্দমাৰ লগতে যাবতীয় সা-সুবিধা। যোগাযোগৰ ফালৰ পৰা সদাব্যস্ত এই তিনিআলিটোত সেৱা পথ আৰু নলা-নৰ্দমা নিৰ্মাণৰ বাবে স্থানীয় এক সংগঠনে তৰা এক গোচৰত মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ে সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়াৰ পিছত ৰাষ্ট্ৰীয় ৰাজপথ উন্নয়ন আৰু বিকাশ প্ৰাধিকৰণে এই কাম হাতত লৈছে।

Related Articles