Lakhimpur: লখিমপুৰৰ বগীনদীত খাদ্যত বিষক্ৰিয়া ,শিশুসহ অসুস্থ ১৮

দৈনন্দিন বাৰ্তাৰ সেৱা , লখিমপুৰ, ৫ অক্টোবৰ : – (Lakhimpur )লখিমপুৰ জিলাৰ বগীনদীৰ তাৰিয়নিত খাদ্যত বিষক্ৰিয়া হৈ শিশুসহ ১৮ গৰাকীকৈ লোক অসুস্থ হৈ চিকিৎসাধীন হবলগীয়া হৈছে। ইয়াৰে এটি ৭ বছৰীয়া শিশু আৰু এগৰাকী মহিলা অধিক অসুস্থ হৈ পৰাত শিশুটি ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় আৰু মহিলাগৰাকী লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে।

ঘটনাৰ বিৱৰণী মতে , তাৰিয়ণিৰ ৰাজগড় নেপালী গাঁৱত সংঘটিত ঘটনাটোত, বৃহস্পতিবাৰে গাঁওখনৰ চূড়ামণি খতিৱড়াৰ গৃহত অনুষ্ঠিত হোৱা শ্ৰাদ্ধৰ খাদ্য খাই, এই লোকসকল বিষক্ৰিয়াত আক্ৰান্ত হয় বুলি জানিব পৰা গৈছে। শ্ৰাদ্ধত অৰ্ধশতাধিকৰো অধিক লোকে খাদ্য গ্ৰহণ কৰিছিল যদিও ইয়াৰে ছয় গৰাকী শিশু, চাৰি গৰাকী পূৰুষ আৰু আঠ গৰাকী মহিলাৰ দেহত কালি বিয়লিৰ পৰা বিষক্ৰিয়া হৈ শৌচ বমিত আক্ৰান্ত হৈ দুই তিনিগৰাকী লোক বগীনদী আদৰ্শ চিকিৎসালয়ত ভৰ্তি হয় যদিও আজিও পুনৰ আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত বাকী কেইজন লোকসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

তাৰে দুগৰাকী আক্ৰান্ত লোক শাৰিৰীকভাৱে অধিক অসুস্থ হোৱাৰ বাবে উন্নত চিকিৎসাৰ বাবে লখিমপুৰ আৰু ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। বাকী বগীনদী আদৰ্শ চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ অন্তত ঘৰলৈ যাবলৈ দিয়ে। আনহাতে বজাৰৰ পৰা কিনি অনা বিলাহী আৰু বন্ধাকবিৰ বাহিৰে সম্পূৰ্ণ ঘৰুৱা খাদ্যৰে অনুষ্ঠিত কৰা শ্ৰাদ্ধৰ খাদ্যত এনেদৰে বিষক্ৰিয়া হোৱাত হতভম্ব হৈ পৰিছে গৃহস্থৰ লোক।

Related Articles