pijush hazarika comments on asom sammilita morcha: জ্যোতিষীয়ে আগৰ নামটো বেয়া বুলি কৈছে চাগে, সেয়ে বিৰোধী শব্দটো উঠাই দিছে: অসম সন্মিলিত মৰ্চাক লৈ মন্তব্য পীয়ূষ হাজৰিকাৰ

জাগীৰোড, ৬ অক্টোবৰ: জ্যোতিষীয়ে আগৰ নামটো বেয়া বুলি কৈছে চাগে, সেয়ে বিৰোধী শব্দটো উঠাই দিছে ৷ বিৰোধী ঐক্যমঞ্চৰ সলনি অসম সন্মিলিত মৰ্চা নামেৰে নামাকৰণ কৰাক কটাক্ষ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ ৷ লগতে মন্ত্ৰীগৰাকীয়ে নাম নোলোৱাকৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক কটাক্ষ কৰি কয় যে, যিয়ে ২০২৬ ত চৰকাৰ গঠন কৰিম বুলি কৈ আছে, তেওঁৱেই তিনিবাৰকৈ নিৰ্বাচন হাৰিছে ৷ (pijush hazarika comments on asom sammilita morcha)

প্ৰথমে বিধায়ক হৈ লওক, তাৰ পিছত চৰকাৰ বনাওক ৷ তেওঁলোকে আকাশত চাং পাতি থাকক, সপোনত চৰকাৰ বনাই থাকক ৷ আমি পুনৰ চৰকাৰ গঠন কৰিম আৰু ড° হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হ’ব ৷ উল্লেখ্য যে, জাগীৰোড সমজিলা শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি প্ৰশাসনিক কাৰ্যালয় মুকলি কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই ৷ অসম চৰকাৰৰ প্ৰশাসনিক দক্ষতা আৰু বিকেন্দ্ৰীকৃত শাসন ব্যৱস্থাৰ এক উল্লেখযোগ্য পদক্ষেপ হিচাপে শনিবাৰে জাগীৰোড আৰু লাহৰীঘাট অঞ্চলত সম জিলাৰ সম-আয়ুক্তৰ কাৰ্যালয় আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়।(asom sammilita morcha)

অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ, সংসদীয় পৰিক্ৰমা, সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই জাগীৰোডৰ কাৰ্যালয় উদ্বোধন কৰে।মন্ত্ৰীগৰাকীয়ে এই পদক্ষেপক প্ৰশংসা কৰি কয় যে, এই সম জিলাখনে শাসনৰ এক নতুন যুগৰ সূচনা কৰিব, ৰাজহুৱা সেৱাৰ সুবিধা সমূহ সময়মতে নিশ্চিত কৰিব আৰু সৰ্বাংগীন উন্নয়নক লাভান্বিত কৰিব।ইয়াৰ পৰবৰ্তী সময়ত অসম চৰকাৰৰ পৰিবহন, মীন, আৱকাৰী, বিজ্ঞান আৰু প্ৰযুক্তি, জলবায়ু পৰিবৰ্ত্তন বিভাগ তথা জিলাখনৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই লাহৰীঘাট কাৰ্যালয়ৰ শুভাৰম্ভ কৰে। (opposition unity forum assam renamed as asom sammilita morcha)

তেওঁ নিজৰ বক্তব্যত প্ৰকাশ কৰে যে এই সম জিলাখনে অঞ্চলটোৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব, অৰ্থনৈতিক বৃদ্ধি, সামাজিক ন্যায়, আৰু সবলীকৰণক প্ৰসাৰিত কৰিব। তদুপৰি উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই এই পদক্ষেপক প্ৰশংসা কৰি নতুন কাৰ্যালয়সমূহে জাগীৰোড আৰু লাহৰীঘাট অঞ্চলত অধিক সুশৃংখলিত আৰু ফলপ্ৰসূ শাসনৰ আৰম্ভণি কৰিব বুলি বিশ্বাস প্ৰকাশ কৰে। তেওঁ নিশ্চিত যে এই নতুন কাৰ্যালয়সমূহে বৃদ্ধিৰ অনুঘটক হিচাপে কাম কৰিব, শাসন ব্যৱস্থাৰ সুবিধা সমূহ তৃণমূল পৰ্যায়ত উপনীত হব বুলি মত প্ৰকাশ কৰে। (Assam oppositions alliance)

এই অনুষ্ঠানত স্থানীয় বিধায়ক ৰমাকান্ত দেউৰী, লাহৰীঘাট সমষ্টিৰ বিধায়ক আছিফ ম: নাজাৰ,তিৱা স্বায়ত্ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস ,জিলা উন্নয়ন আয়ুক্ত, অতিৰিক্ত আয়ুক্তসকল, বিভিন্ন বিভাগৰ বিষয়া সকলৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা স্থানীয় লোক সকল উপস্থিত আছিল।(lurinjyoti gogoi)

Related Articles