What Food Cause Cancer: এই ৫ টা খাদ্য বেছি সময় ৰান্ধিলে হ’ব পাৰে কেন্সাৰ কাৰণ

বৰ্তমান দিনক দিনে বৃদ্ধি পাইছে কৰ্কট ৰোগী সংখ্য়া। কৰ্কট ৰোগৰ একক কাৰণ নাই। বহু সময়ত ৰন্ধা-বঢ়াৰ সময়ত হোৱা ভুলেও শৰীৰক এই মাৰাত্মক ৰোগৰ বলি কৰি তুলিব পাৰে।(What Food Cause Cancer)

কেন্সাৰ বহু ধৰণৰ আৰু ইয়াৰ কাৰণো বহুত। কেন্সাৰ ৰোগৰ পৰা মুক্ত হোৱাটোও সহজ নহয় আনহাতে কৰ্কট ৰোগ হোৱাৰো আছে বিভিন্ন কাৰণ। অধ্যয়ন অনুসৰি দ্ৰুতগতিত বিয়পি পৰা কৰ্কট ৰোগৰ ৮০-৯০ শতাংশ ৰোগী বেয়া অভ্যাস আৰু বাহ্যিক কাৰণ ফলত হয়। ইয়াৰ ভিতৰত আছে জীৱনশৈলীৰ সৈতে জড়িত বেয়া অভ্যাসসমূহ। যিবোৰ অভ্যাস উন্নত কৰিলে কেন্সাৰৰ সম্ভাৱনা সহজেই হ্ৰাস কৰিব পৰা যায়।(cancer patients)

বেছিভাগ মানুহেই নাজানে, খাদ্যৰ লগত কেন্সাৰ হোৱাৰ সম্ভাৱনাৰ কি সম্পৰ্ক আছে। খাদ্যৰ সহায়ত কেন্সাৰ টিউমাৰৰ বৃদ্ধি ৰোধ কৰিব পাৰি যদিও ইয়াৰ বাবে দায়ী বহুতো খাদ্য আছে।(cooking these 5 foods for too long is like inviting cancer)আজি আমি আপোনালোকক এনেধৰণৰ ৫টা খাদ্যৰ বিষয়ে কম, যিবোৰ খাদ্য ৰন্ধা-বঢ়া কৰাৰ সময়ত বহুত মনোযোগৰ প্ৰয়োজন হয়, নহ’লে শৰীৰত কেন্সাৰ বিয়পিব পাৰে।

এক প্ৰতিবেদন অনুসৰি অতিমাত্ৰা সিজোৱা মাংস খালে কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। উচ্চ তাপত মাংস ৰান্ধিলে কাৰ্চিনোজেনিক পিএএইচ আৰু হেটেৰ’চাইক্লিক এমাইন (HCA) উৎপন্ন হয়। এই পদাৰ্থবোৰে কোষৰ ডি এন এ সলনি কৰি কেন্সাৰ টিউমাৰ গঠন কৰিব পাৰে।(meat)

আলু বেছি সময় ৰান্ধি খালে কেন্সাৰ হ’ব পাৰে। আচলতে যদি ইয়াক বেছিকৈ ভজা বা পোৰা হয় তেন্তে এক্ৰিলামাইড ৰাসায়নিক পদাৰ্থ নিৰ্গত হয়, যিটো কাৰ্চিনোজেনিক। সেয়ে আলু ভাজিৰ সলনি মধ্যমীয়া উষ্ণতাত সিজাই উতলাই খালে ভাল।(potato)

পালেঙৰ দৰে পাতযুক্ত শাক-পাচলিত আইৰণ আৰু অন্যান্য পুষ্টিকৰ উপাদান থাকে যদিও অতিমাত্ৰা সিজলে ইয়াৰ পুষ্টিকৰ মূল্য হ্ৰাস পায় আৰু কিছু ৰাসায়নিক পৰিৱৰ্তন ঘটে। বেছি সময় সিজালে ইয়াত থকা নাইট্ৰেট নাইট্ৰাইটলৈ ৰূপান্তৰিত হ’ব পাৰে, যাৰ ফলত কেন্সাৰ হ’ব পাৰে।

চাউল আৰু অন্যান্য শস্য অতিমাত্ৰা সিজলে এক্ৰিলামাইড উৎপন্ন হ’ব পাৰে, যিটো কেন্সাৰৰ আশংকাৰ সৈতে জড়িত। সেইবাবে ভাত সঠিক পৰিমানত ৰান্ধি খাব লাগে।

মৌ উচ্চ উষ্ণতাত গৰম কৰিলে ইয়াক হাইড্ৰক্সিমিথাইলফাৰফিউৰেল (HMF)লৈ ৰূপান্তৰিত কৰিব পাৰি। এইচ এম এফ কাৰ্চিনোজেনিক, যিয়ে শৰীৰত মাৰাত্মক টিউমাৰ গঠন কৰিব পাৰে। সেয়েহে সদায় কম উষ্ণতাত মৌ ব্যৱহাৰ কৰিব লাগে, যেনে চাহত দিয়াৰ আগতে গৰম নকৰাকৈ।(honey)

Related Articles