Playing Lord Ram In Ramlila Dies: ৰামলীলাত ৰামৰ ভাও দিবলৈ গৈ মৃত্যুক সাৱতিলে সুশীল কৌশিকে

নৱৰাত্ৰি উপলক্ষে দিল্লীৰ ছাহদৰা অঞ্চলত আয়োজন কৰা ৰামলীলাৰ মাজতে অঘটন। ৰামলীলাত ৰামৰ ভাও দিবলৈ গৈ মৃত্যুক সাৱতিলে এজন ব্যক্তিয়ে। অভিনয়ৰ সময়ত হৃদক্ৰিয়া বন্ধ হৈ ৰামলীলাৰ মঞ্চতে ঢলি পৰি মৃত্যুমুখত পৰে ব্যক্তিজন। (Playing Lord Ram In Ramlila Dies)

এই ঘটনা দিল্লীৰ। দিল্লীৰ শ্বাহদৰাত ৰামলীলাৰ মঞ্চায়নৰ সময়ত এক অতি দুখৰ দুৰ্ঘটনা সংঘটিত হয়। ভগৱান ৰামৰ চৰিত্ৰত অভিনয় কৰা এজন ব্যক্তিয়ে হঠাৎ বুকুত বিষ অনুভৱ কৰিলে। লগে লগে তেওঁক নিয়া হয় হস্পাতাললৈ। কিন্তু, চিকিৎসালয়লৈ লৈ যাওতে তেওঁৰ মৃত্যু হয়। তেওঁৰ বয়স আছিল ৫৪ বছৰ। ব্যক্তিজন বিশ্বকৰ্মা নগৰৰ বাসিন্দা সুশীল কৌশিক আছিল।(Heart Attack during Ramlila in Delhi)

ঘটনাৰ সময়ত তেওঁ ভগৱান শ্ৰীৰামৰ চৰিত্ৰত অভিনয় কৰিছিল। হঠাতে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিল আৰু মঞ্চৰ পৰা নামি আহিল। ইয়াৰ পিছতে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়, কিন্তু চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। পৰিয়ালৰ লোক কান্দোনত ভাগি পৰিছে। (sushil kaushik)

আনহাতে এই ঘটনাৰ এটা ভিডিঅ’ ভাইৰেল হৈ আছে। এই ভিডিঅ’টোত তেওঁ ৰামলীলাৰ মঞ্চত ভগৱান শ্ৰীৰামৰ চৰিত্ৰ অভিনয় কৰাৰ লগতে সংলাপও কৈ আছিল। তাৰ পিছত হঠাৎ তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিল। ইয়াৰ পিছত তেওঁ মঞ্চৰ পৰা নামি আহিল। তেওঁ কৈছিল তেওঁৰ বুকুৰ বিষৰ কথা। ইয়াৰ পিছতে ৰামলীলা কমিটীৰ এজন লোকে এম্বুলেন্স মাতি আনি চিকিৎসালয়লৈ লৈ গৈছিল তেওঁক।(Delhi Man Playing Lord Ram In Ramlila Dies Of Heart Attack On Stage)

আন এটা ভিডিঅ’ত তেওঁক মঞ্চৰ তলত বহি ভজন গোৱা দেখা গৈছে। তেওঁৰ কাষত আন বহু লোকেও ভজন গাই আছিল। ইয়াৰ পিছত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে।

এই ভিডিঅ’টো হয়তো ৰামলীলা চাবলৈ অহা কোনোবাই বনাইছে ,সেই ভিডিঅ’টোত কৌশিকক ভগৱান ৰামৰ চৰিত্ৰত অভিনয় কৰা দেখা গৈছে। ভিডিঅ’টো ৩০ ছেকেণ্ডৰ। তাত ৰামলীলা মঞ্চ সজাই তোলা হৈছে। ভগৱান ৰামৰ চৰিত্ৰত অভিনয় কৰি সতীশে প্ৰথমে খোজ কাঢ়ে। ইয়াৰ পিছত তেওঁক আঁঠু লৈ বহি হাত ভাঁজ কৰা দেখা যায়। সংলাপটো কোৱাৰ লগে লগে বুকুত হাতখন থয়। প্ৰথমে বুকুখন হেঁচা মাৰি ধৰিবলৈ চেষ্টা কৰে, তাৰ পিছত খৰধৰকৈ মঞ্চৰ পিছফালে যায়।(viral vedio)

Related Articles