Immunity Booster Tea: চাহ সাধাৰণ বস্তু নহয়, দৈনিক খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়

আপুনি চাহ খাই ভাল পাই নেকি? যদি আপোনাৰ চাহ খোৱাৰ অভ্যাস আছে, তেন্তে চাহ আপোনাৰ স্বাস্থ্যৰ কেনেকৈ উপকাৰী এই বিষয়ে জানি লওক। আজি আমি আপোনালোকক এনেকুৱা কিছুমান চাহৰ ৰেচিপি কথা কম যাৰ দ্বাৰা আপুনি আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰিব।(Immunity Booster Tea)

যদি আপুনি আপোনাৰ দিনটো একাপ চাহ খাই আৰম্ভ কৰে, তেন্তে আপোনাৰ বাবে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাটো অতি সহজ। কিন্তু ইয়াৰ বাবে আপুনি কেনেকৈ চাহ প্ৰস্তুত কৰিব সেই বিষয়ে জানিব লাগিব।

চাহে কেৱল ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাই নহয় হজম শক্তি আৰু ওজন হ্ৰাস কৰাত সহায় কৰে। কেৱল এয়াই নহয়, চাহ বিশেষ ধৰণেৰে প্ৰস্তুত কৰিলে চাহৰ সোৱাদও সুকীয়া হ’ব। গতিকে চাহ বনোৱাৰ কেইটামান পদ্ধতিৰ বিষয়ে জানি লওক-(teas are naturaln immunity booster drink)

তুলসীয়ে শৰীৰক সংক্ৰমণ, ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰে আৰু লগতে তেজত শৰ্কৰাৰ মাত্ৰাও হ্ৰাস কৰে। একে সময়তে আদাই শৰীৰৰ বিষমুক্ত কৰাত সহায় কৰে। ইয়াৰ এন্টি-ইনফ্লেমেটৰী গুণে হাড়ৰ স্বাস্থ্য উন্নত কৰে।(Tulsi Ginger Tea)

প্ৰথমে আদাৰ বাকলি গুচাই কাটি লব লগতে তুলসীৰ পাত ধুই লব। তাৰ পিছত পানী উতলিবলৈ দিব। এতিয়া তাত আদা আৰু তুলসীৰ পাত দিব। চাহপাত দি পানী অলপ কমি যোৱালৈকে উতলিবলৈ দিব। ইচ্ছা কৰিলে আপোনাৰ ৰুচি অনুসৰি গাখীৰ আৰু চেনিও দিব পাৰে। তাৰপিছত চাহ চেকি পৰিৱেশন কৰিব পাৰিব।।

গুড়ত আইৰণ, খনিজ পদাৰ্থ আৰু বহুতো প্ৰয়োজনীয় পুষ্টিকৰ উপাদান থাকে। গুড়ে ৰক্তবাহী নলী প্ৰসাৰিত কৰাত সহায় কৰে, যাৰ ফলত ৰক্ত সঞ্চালন ভালদৰে নিশ্চিত হয়। ইয়াৰ ফলত হৃদৰোগৰ সম্ভাৱনা কম হয়।(jaggery tea)

মছলাযুক্ত চাহত পটাছিয়াম, ভিটামিন বি, কেৰটিন, ভিটামিন চি আৰু মেগনেছিয়াম থাকে। মছলাযুক্ত চাহ খালে কাহ, ডিঙিৰ বিষ, মূৰৰ বিষ আৰু শৰীৰৰ বিষৰ পৰা উপশম পোৱা যায়। ই সংক্ৰমণ আৰু প্ৰদাহৰ বিৰুদ্ধে যুঁজিবলৈ আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে।(Masala Tea)

এই চাহ বনাবলৈ প্ৰথমে ইলাচি, লৱণ, ডালচেনি, জালুক থেতেলিয়াই লওক। কিছু আদা পৃথকে পৃথকে থেতেলিয়াই লওক। এতিয়া পানী উতলাই লওক। তাত চাহপাত দিব। তাৰ পিছত থেতেলিয়াই লোৱা মছলা আৰু আদা দিব। উতলিবলৈ দিয়ক। লগতে গাখীৰ আৰু চেনিও দিব পাৰে। তাৰ পিছত চাহ চেকি গৰমে গৰমে উপভোগ কৰক।

Related Articles