Muizzu At Rashtrapati Bhavan: ৰাষ্ট্ৰপতি ভৱনত মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজজুক উষ্ম আদৰণি

নতুন দিল্লী, ৭ অক্টোবৰ: সোমবাৰে মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজজু(Maldives President Mohamed Muizzu)য়ে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু(President Droupadi Murmu) আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আনুষ্ঠানিক আদৰণি গ্ৰহণ কৰে(Muizzu At Rashtrapati Bhavan)।

কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত মুইজজুৰ এইটো প্ৰথমটো পাঁচ দিনীয়া আনুষ্ঠানিক ভাৰত ভ্ৰমণৰ কাৰ্যসূচী। ইফালে দেওবাৰে দিল্লীত উপস্থিত হোৱাৰ সময়ত তেওঁক আদৰণি জনাই ভাৰতৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে(Maldives President Mohamed Muizzu in Delhi)।

সোমবাৰৰ আনুষ্ঠানিক সম্বৰ্ধনা অনুষ্ঠানৰ অন্তত মুইজুৱে জাতিৰ পিতা মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জনাবলৈ ৰাজঘাটত উপস্থিত হয়(Muizzu visited Raj Ghat)। দিনটোৰ শেষৰফালে মুইজজুয়ে নতুন দিল্লীস্থিত হায়দৰাবাদ হাউছত প্ৰধানমন্ত্ৰী মোডী(Prime Minister Narendra Modi)ৰ সৈতে এক দ্বিপাক্ষিক আলোচনাত মিলিত হোৱাৰ কথা।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে(External Affairs Minister S Jaishankar) এই আলোচনাক লৈ আশাবাদী বুলি উল্লেখ কৰি কয় যে তেওঁ ভাৰত-মালদ্বীপৰ সম্পৰ্ক শক্তিশালী কৰাৰ বাবে মুইজজুৰ দায়বদ্ধতা শলাগনীয়। জয়শংকৰে এক্সত এটা পোষ্টত এই বক্তব্য প্ৰকাশ কৰি এই দুইগৰাকী নেতাৰ আলোচনাই দুয়োখন দেশৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কক নতুন গতি প্ৰদান কৰিব বুলি ইংগিত দিয়ে।

এই ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি মুইজজুৱে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰকে ধৰি দেশৰ কেইবাগৰাকীও শীৰ্ষ নেতৃত্বক সাক্ষাৎ কৰিব। মালদ্বীপৰ ফাৰ্ষ্ট লেডী সাজিধা মহম্মদ আৰু তেওঁৰ উচ্চ প্ৰতিনিধি দলটোৱেও মঙলবাৰে আগ্ৰা ভ্ৰমণ কৰিব বুলি জানিব পৰা গৈছে । তাৰোপৰি বিভিন্ন বিনিয়োগৰ ক্ষেত্ৰত আলোচনা কৰিবৰ বাবে মুম্বাই আৰু বেংগালুৰুলৈ যোৱাৰো পৰিকল্পনা কৰা হৈছে বুলি জানিব পৰা গৈছে।

মুইজজুৰ কাৰ্যালয়ে এক বিবৃতি প্ৰকাশ কৰি মালদ্বীপৰ উন্নয়নৰ বাবে গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰসমূহৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক মজবুত কৰাৰ বাবে তেওঁঅংগীকাৰবদ্ধ বুলি উল্লেখ কৰিছে । তাৰোপৰি ভ্ৰমণৰ সময়ত তেওঁ ভাৰতৰ সৈতে সহযোগিতা আৰু দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব বুলিও আশা কৰা হৈছে।

মালদ্বীপৰ ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্ৰমণ ভাৰত-মালদ্বীপ সম্পৰ্কত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হৈছে । তাৰোপৰি ইয়াৰ লক্ষ্য হৈছে দুয়োখন দেশৰ মাজত সহযোগিতা বৃদ্ধি আৰু জনসাধাৰণৰ মাজত সংযোগ উন্নত কৰা।

উল্লেখ্য যে, চলিত বৰ্ষৰ আৰম্ভণিতে মালদ্বীপৰ ৰাষ্ট্ৰপতি মুইজজুৱে প্ৰধানমন্ত্ৰী মোডীৰ শপতগ্ৰহণ অনুষ্ঠানত অংশ গ্ৰহণ কৰাৰ লগতে ডুবাইত অনুষ্ঠিত COP28 শীৰ্ষ সন্মিলনতো প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰিছিল।

Related Articles