Mangaldoi:মঙলদৈত ছহিদ মোজাম্মিল হক স্মাৰক কেন্দ্ৰীয় মাতৃভাষা দিৱস

দৈনন্দিন বাৰ্তাৰ সেৱা, দৰং,৬ অক্টোবৰঃ (Mangaldoi)মঙলদৈত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা ৭২ ৰ মাধ্যম আন্দোলনত প্ৰথম গৰাকী বীৰ ছহিদ মোজাম্মিল হকে দিয়া আত্মবলিদানৰ বাবে পালন কৰা মাতৃভাষা দিৱসৰ সফলভাবে সম্পৰ্ণ হয়৷ সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ, দৰং জিলা সমিতিয়ে আন আন জাতীয় সংগঠনৰ সহযোগত জাতীয় বীৰ ছহিদ মোজাম্মিল হকৰ মৃত্যু দিনটো ২০০৮ বৰ্ষৰ পৰা ‘অসম মাতৃভাষা দিৱস’ হিচাপে পালন কৰি আহিছে৷ ২০২৩ বৰ্ষত ষষ্ঠদশ উদযাপনৰ লগত সংগতি ৰাখি জাতীয় বীৰ ছহিদ গৰাকীৰ স্মৃতি যুগমীয়া কৰাৰ অৰ্থে ৰাজ্যিক ভিত্তিত প্ৰৱৰ্তন কৰে ‘ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা বঁটা’ আৰু উক্ত বৰ্ষত প্ৰথমবাৰৰ বাবে এই বঁটা প্ৰদান কৰা হয় অসমৰ সাৰস্বত সমাজৰ উজ্জ্বল নক্ষত্ৰ, ‘অসমীয়া মানুহৰ ইতিহাস’, ‘মিতভাষ’ ৰ দৰে অমূল্য গ্ৰন্থৰ স্ৰষ্টা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, অসমীয়া সাহিত্যৰ জীৱন্ত কিংবদন্তি ডঃ নগেন শইকীয়াক।

এইবেলি ২০২৪ বৰ্ষৰ মাতৃভাষা বঁটাৰ বাবে মনোনীত হৈছে ১৯৩৩ চনৰ ২৩ নৱেম্বৰত শিৱসাগৰৰ ধাই আলিৰ বিখ্যাত নবাব পৰিয়ালত জন্মগ্ৰহণ কৰা ইমৰাণ শ্বাহ, যিয়ে নৱম শ্ৰেণীত পঢ়ি থাকোঁতেই ‘বনবাসী’ নামৰ কাব্য গ্ৰন্থ ৰচনা কৰি উজ্জ্বল প্ৰতিভাৰ স্বাক্ষৰ দাঙি ধৰিছিল।তাৰ পিছত ‘সংগীতৰ সিপাৰে’ নামৰ আন এখন গ্ৰন্থ লিখি তেওঁ কম বয়সতে বৌদ্ধিক মহল আৰু সমালোচক সকলৰ দৃষ্টি আকৰ্ষণ কৰি চমক সৃষ্টি কৰে।,পিয়ামুখচন্দা,পথিক, বন্দী বিহংগে কান্দে,অনমিতা,’তথাপি সাগৰ আদিকে ধৰি এখনৰ পিছত এখন গ্ৰন্থ ৰচনা কৰি ইমৰাণ শ্বাহে অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰে।

শিৱসাগৰ কলেজত অধ্যয়নৰ পৰা -অধ্যাপনালৈকে ঈশান দত্ত ছদ্মনামেৰে অনেক গল্প, কবিতা ৰচনাৰে পাঠকৰ অন্তৰত সুকীয়া স্থান দখল কৰা ইমৰাণ শ্বাহে এতিয়ালৈকে দুই হাজাৰৰো অধিক গল্প ৰচনা কৰি নজিৰ সৃষ্টি কৰিছে। কবি, গীতিকাৰ, গল্পকাৰ হিচাপে খ্যাতি অৰ্জন কৰা অসমীয়া সাহিত্যৰ কাণ্ডাৰী শ্বাহৰ কাপৰ পৰা সৃষ্টি হোৱা জবানবন্দী নামৰ কালজয়ী উপন্যাসকে ধৰি এতিয়ালৈকে তেওঁ শতাধিক গ্ৰন্থই অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে। অসমীয়া ভাষা সাহিত্যলৈ যোগোৱা অনবদ্য বৰঙণিৰ বাবে কৃতজ্ঞ অসমীয়া জাতিয়ে তেওঁক অসম সাহিত্য সভাৰ সৰ্বোচ্চ আসন সভাপতি পদত অধিষ্ঠিত কৰিছে আৰু তেওঁ ২০১৩ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত সভাৰ বৰপেটা ৰোড অধিবেশনত সভাপতিত্ব কৰিছে। সাহিত্য একাডেমীৰ বঁটাৰে সন্মানিত বিশিষ্ট সাহিত্যিক শ্বাহে ২০১০ বৰ্ষত অসম উপত্যকা সাহিত্য বঁটা,২০২১ বৰ্ষত বৰ অসম সমন্বয় বঁটা লাভ কৰা ইমৰাণ শ্বাহক কেন্দ্ৰীয় চৰকাৰে পদ্মশ্ৰী সন্মানেৰেও সন্মানিত কৰিছে।

এনে অনেক বঁটা বাহন আৰু সন্মান লাভ কৰা এগৰাকী প্ৰথিতযশা সাহিত্যিকক ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা বঁটাৰ বাবে মনোনীত কৰিবলৈ পাই সদৌ অসম গৰিয়া -মৰিয়া- দেশী জাতীয় পৰিষদ ধন্য হোৱা বুলি উল্লেখ কৰে কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা ড০ চহিৰ ভূঞা, জিলা সভাপতি বাবুল মকছেদ আহমেদ, কাৰ্যকৰী সভাপতি আয়ুব আনছাৰী,সাধাৰণ সম্পাদক চাহাবুদ্দিন আহমেদ, উদযাপন সমিতিৰ সাধাৰণ সম্পাদক মিছবাহুল হুদাই। ।

সপ্তদশ মাতৃভাষা দিৱসৰ কাৰ্যসূচী অনুসৰি ৫ অক্টোবৰৰ পুৱা গছপুলি ৰোপণ কাৰ্যসূচী মুকলি কৰেবিশিষ্ট প্ৰকৃতি প্ৰেমী আৰক্ষী বিষয়া মুকুট কাকতিয়ে।দিনৰ ১২.৩০ বজাত অনুষ্ঠিত চিত্ৰাংকন প্ৰতিযোগিতা উদ্বোধন কৰে দৰং জিলা সমিতিৰ কাৰ্যকৰী সভাপতি আবু আয়ুব আনছাৰীয়এ। ৬ অক্টোবৰৰ পুৱা ৮.৫৫ বজাত পৰিষদৰ পতাকা উত্তোলন কৰে জিলা সমিতিৰ সভাপতি বাবুল মকছেদ আহমেদে ,৯.৩০ বজাত ছহিদৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে ছহিদ ভাতৃ বদৰুল হকে। মুখ্য তৰ্পক হিচাপে ছহিদ তৰ্পণ ভাগ লয় কেন্দ্ৰীয় উপদেষ্টা ডঃ চহিৰ ভূঞাই। ১২.৩০ বজাত অনুষ্ঠিত সৰ্বধৰ্ম প্ৰাৰ্থনাত গীতা পাঠ কৰে হিৰণ্য কাশ্যপে,কোৰাণ পাঠ কৰে মুক্তি মহম্মদ তাজনুৰ আলিয়ে আৰু বাইবেল পাঠ কৰে মিষ্টাৰ বীণাই। বিয়লি ১.০০ বজাত উদযাপন সমিতিৰ সভাপতি তথা ছিপাঝাৰৰ বিধায়ক,অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ পৰমানন্দ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি আৰু বঁটা প্ৰদান অনুষ্ঠান উদ্বোধন কৰে ডঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱে। জিলা সমিতিৰ সাধাৰণ সম্পাদক চাহাবুদ্দিন আহমেদে আঁত ধৰা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি পদ্মশ্ৰী ডঃ ইলিয়াছ আলিয়ে ভাষণ দি অসমৰ জন্ম নিয়ন্ত্ৰৰ ক্ষেত্ৰত তেখেতে সৃষ্টি কৰা সজাগতা আন্দোলনৰ অভিজ্ঞতাৰ বিষয়ে দাঙি ধৰি সভাক মন্ত্ৰমুগ্দ্ধ কৰে।

নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি সাংস্কৃতিক সংগঠক তৰুণ আজাদ ডেকাই অসমীয়া মাতৃভাষা ৰাজ্যভাষা আইনৰ আজিকোপতি সু প্ৰয়োগ নোহোৱাত অসন্তুষ্টি ব্যক্ত কৰে। এই আইনৰ উচিত প্ৰয়োগ নহ’লে আৰু আমি অসমীয়া সকলে মনে প্ৰাণে অসমীয়া ভাষাৰ সঠিক ব্যৱহাৰ নকৰিলে অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যাদা পালেও আমাৰ ভাষাৰ সংকট আঁতৰি নাযায় বুলি সকলোকে সঁকিয়াই দিয়ে। মুকলি সভাত বিশিষ্ট অতিথি হিচাপে ভাষণ প্ৰদান কৰে কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ছহিদ আলি আহমেদ, সাধাৰণ সম্পাদক আৰিফ উদ্দিন আহমেদ,গৰিয়া উন্নয়ন পৰিষদৰ অধ্যক্ষ হাফিজুল আহমেদ আৰু অসম চৰকাৰৰ প্ৰৱৰ্তক পৰিদৰ্শক আৰিফুল ইছলামে। মুকলি সভাত সৰ্বসন্মতিক্ৰমে তিনিটা প্ৰস্তাৱ গ্ৰহণ কৰা হয়। প্ৰথম প্ৰস্তাৱ মৰ্মে দৰং জিলাৰ মঙলদৈত স্থাপন হ’বলগীয়া চিকিৎসা মহাবিদ্যালয়খনৰ নাম ছহিদ মোজাম্মিল হকৰ নামেৰে প্ৰতিষ্ঠা কৰিবলৈ দাবী জনোৱা হয়।

দ্বিতীয় প্ৰস্তাৱ মৰ্মে অসমীয়া ৰাজ্য ভাষা মাতৃভাষা আইন ১৯৬০ ৰ যথোচিত প্ৰয়োগ কৰিবলৈ দাবী জনায়। তৃতীয় প্ৰস্তাৱত অসমীয়া ভাষালৈ কেন্দ্ৰীয় চৰকাৰে ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাত সন্তোষ প্ৰকাশ কৰে আৰু এই এনে সফলতাৰ বাবে অসম সাহিত্য সভা,ভাৰত চৰকাৰ তথা অসম চৰকাৰক বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ড০ চহিৰ ভূঞাই আদৰণি ভাষণ দিয়া মুকলি সভিত জ্যেষ্ঠ সাংবাদিক শংকৰ কাকতিৰ সভাপতি,মহিবুল হকক সম্পাদক হিচাপে লৈ গঠিত সম্পাদনা সমিতিয়ে প্ৰকাশ কৰি উলিওৱা ‘আই তোক কিহেৰে পূঁজিমে’ শীৰ্ষক স্মৃতি গ্ৰন্থ ‘উন্মোচন কৰে কৃতী শিক্ষক ফাইজুৰ ৰহমান চহৰীয়াই। সংগীত শিল্পী দিনবন্ধু চহৰীয়াৰ পৰিচালনাত ‘আই তোক কিহেৰে পূঁজিমে’ শীৰ্ষক ড০ ভূপেন হাজৰিকাৰ কালজয়ী গীতেৰে আৰম্ভণি কৰা মুকলি সভা সমাপ্ত হয় জাতীয় সংগীত “অ মোৰ আপোনাৰ দেশেৰে’’৷
সন্ধিয়া বন্তি প্ৰজ্বলনত মুখ্য তৰ্পক হিচাপে ভাগ ল’য় বিশিষ্ট সমাজকৰ্মী , অভিযন্তা কল্পসিং বৰদলৈয়ে।বন্তি প্ৰজ্বলন কাৰ্যসূচীত শতাধিক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

Related Articles