Commonwealth Classic Sub Junior Powerlifting Championship: কমনৱেলথ ক্লাছিক চাব জুনিয়ৰ পাৱাৰলিফটিং চেম্পিয়নশ্বিপত অসমৰ প্ৰথম গৰাকী স্বৰ্ণ পদক বিজয়ী মৈত্ৰী বড়া

৮ অক্টোৱৰ, গুৱাহাটী: (Commonwealth Classic Sub Junior Powerlifting Championships) কমনৱেলথ ক্লাছিক চাব জুনিয়ৰ পাৱাৰলিফটিং চেম্পিয়নশ্বিপত ভাৰতৰ দলৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ লাভ কৰে তিনিচুকীয়া জিলাৰ হিজুগুৰিৰ নিবাসী মৈত্ৰী বড়াই। ৪ পৰা ১৩ অক্টোবৰ, ২০২৪ তাৰিখলৈ দক্ষিণ আফ্ৰিকাৰ ছান চিটিত অনুষ্ঠিত কমনৱেলথ ক্লাছিক চাব জুনিয়ৰ পাৱাৰলিফটিং চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি চাৰিটা শিতানত ক্ৰমে ৪৭ কেজি চাব জুনিয়ৰ ৱিমেন, অভাৰ অল গল্ড মেডেল, ইন্দিভিজুৱেল গল্ড মেডেল ইন স্কোৱাত, বেঞ্চ প্ৰেছ এণ্ড ডেডলিফট শাখাত ৪টাকৈ স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হয়(Moitrayee Borah)। মৈত্ৰীৰ পিতৃৰ নাম প্ৰাঞ্জল প্ৰতিম বড়া আৰু মাতৃ অনিতা বড়া।

প্ৰাঞ্জল প্ৰতিম বড়াই এগৰাকী সু-কন্যাৰ পিতৃ হোৱাৰ লগতে ভাৰতৰ পাৱাৰলিফটিং দলৰ মেনেজাৰ হিচাবে প্ৰতিনিধিত্ব কৰে। অসম পাৱাৰলিফটিং এছ’চিয়েচনে জানিবলৈ দিয়া অনুসৰি ৪৭ কেজি বডিউৱেইট বিভাগত অসম চাব জুনিয়ৰ ক্লাছিক শাখাৰ পৰা প্ৰথমগৰাকী স্বৰ্ণ পদক বিজয়ী হিচাবে বিবেচিত হৈছে মৈত্ৰী বড়াই। মৈত্ৰীৰ এনে খবৰৰ পাছতে ভাৰতৰ পাৱাৰলিফটিং সন্থাৰ উপ-সভাপতি কৈলাশ শৰ্মা, অসম পাৱাৰলিফটিং সন্থাৰ সভাপতি ৰাজ কুমাৰ দাস, সম্পাদক অনুপম শৰ্মাই কমনৱেলথ পাৱাৰলিফটিং চেম্পিয়নশ্বিপত সুন্দৰ প্ৰদৰ্শনৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।

Related Articles