Haryana Election Result: বিজেপিৰ যোগেশ কুমাৰক পৰাস্ত কৰি বিপুল ভোটত ভিনেশ ফোগটৰ জয়লাভ

নেশ্যনেল ডেস্ক, ৮ অক্টোবৰ: প্ৰথমবাৰৰ বাবে নিৰ্বাচনী ক্ষেত্ৰত অৱতীৰ্ণ হৈ ভিনেশ ফোগটে দেখুৱালে এক চমকপ্ৰদ সাফল্য (Haryana Election Result)। মল্লযুঁজাৰু হিচাপে বিশ্বজোৰি খ্যাতি অৰ্জন কৰা ভিনেশে বিজেপিৰ প্ৰাৰ্থী যোগেশ কুমাৰক পৰাস্ত কৰি কংগ্ৰেছৰ হৈ জুলানা বিধানসভা সমষ্টিৰ আসনখনৰ পৰা বিজয়ী হৈছে (Vinesh Phogat Wins in Haryana Elections)।

ভোটগননাৰ আজিৰ এই দিনটোৰ আৰম্ভণিতে দেখিবলৈ পোৱা ট্ৰেণ্ড অনুসৰি হৰিয়ানাত কংগ্ৰেছে চৰকাৰ গঠন কৰিব বুলি ধাৰণা কৰা হৈছিল। কিন্তু, অতি কম সময়তে সেই ছবি সলনি হৈ বৃহৎ পৰিৱৰ্তনেৰে বিজেপিয়ে ৯০খন আসনৰ বেছিভাগ আসনতে অগ্ৰগতি লাভ কৰা দেখিবলৈ পোৱা যায়। এই প্ৰতিবেদন যুগুত কৰা মুহূর্তলৈকে বিজেপিয়ে ৪৯ খন আসনত আৰু কংগ্ৰেছ ৩৬ খন আসনত আগবাঢ়ি আছে(Haryana Election 2024)।

ভিনেশ ফোগটৰ জয়লাভ

ভিনেশ ফোগট, যিগৰাকী মল্লযুঁজাৰুয়ে পেৰিচ অলিম্পিকত পদক হেৰুওৱাৰ পাছতে সৰ্বত্ৰে পৰিচিত হৈ পৰিছিল(Renowned wrestler Vinesh Phogat), তেওঁ এইবাৰৰ হাৰিয়ানা বিধানসভা নিৰ্বাচনত জুলানা সমষ্টিৰ পৰা বিশাল ভোটৰ ব্যৱধানত বিজেপিৰ যোগেশ বৈৰাগীক পৰাস্ত কৰে । এই সমষ্টিটোত প্ৰায় ৭০% ভোটাৰ জাঠ সম্প্ৰদায়ৰ আৰু প্ৰায় ৫০,০০০ ভোটাৰ অন্যান্য পিছপৰা শ্ৰেণী আৰু ব্ৰাহ্মণ সম্প্ৰদায়ৰ অন্তর্ভুক্ত।

Related Articles