(Sky)শৰতৰ আগমনত ফেনিল শুভ্ৰতাৰ পোচাক পিন্ধি শ্যামলীমা ধৰণীৰ বুকুত নৈৰ দাঁতিত এডৰা কহুঁৱাই হাঁহিৰ বৰষুণ নমাইছে ৷ শাৰদী কোমল মলয়াই গছৰ নিৰ্বিকাৰ আৰু নিৰানন্দময়, পাল নথকা নাওৰ দৰে পাতবোৰক আলফুলকৈ সৰুৱাই জেতুলীপকা ৰঙা ৰঙেৰে আকাশখনত সুমিষ্ট গীতৰ ঢৌ তোলাৰ আয়োজনত নিমগ্ন হৈছে৷
শৰতৰ বাহাদুৰি এয়া ৷
যাৰ পৰশত মেঘৰ মাজত সুশোভিত পৰিষ্কাৰ এসোপামান নীলাই আবিৰ সানিছে৷
ধৰাৰ বুকুত এখন ঘাঁহনিৰ কোমল সেউজীয়াই শৰতক আদৰাৰ প্ৰস্তুতি কৰিছে৷
এক মনোমোহা পৰিষ্কাৰ বাতাৱৰণত বিতোপন শৰতৰ আগমনিৰ আনন্দোল্লাস এয়া।
এই পৰিবেশত কেতিয়াবা নদীৰ পাৰত বহি শৰতৰ সন্ধিয়া অস্তিমিত সূৰ্য্যৰ হেঙুল ৰ’দজাকত তিতি চাই পাইছেনে?
কি জানো বাতৰি কঢ়িয়াই আনে গোপনে গোপনে। নিয়ৰৰ ৰুণঝুন শৱদত উদ্বাউল হোৱা হিয়ামনে
সুধিবলৈ ব্যাকুল হৈ পৰে ব্যস্ততাই কোঙা কৰা লহমাবোৰক।
ব্যস্ততাক আতঁৰাই থৈ প্ৰকৃতিৰ মনোমোহা ৰূপৰ মদিৰা পান কৰাৰ বাবে সাজু হোৱাৰ সময় এই শৰততে।
ৰ’দঘাই বতৰৰ সেই উমসনা আবেগিক প্ৰণয়-গাথাঁক শৰতৰ সিক্ত আবেলিটোৱে যেন সাধুকথাৰ দৰে আদৰে!
নদীৰ পানচৈ ঘাটত। আলসুৱা মেঘবোৰে ডাকোৱাল হৈ প্ৰণয়ৰ সেই নিৰ্লোভ চিঠিখন কঢ়িয়াই।
“এটুকুৰা আলসুৱা মেঘ ভাঁহি যায়’’সুধাকণ্ঠৰ অমৰ সেই গীতৰ কলিক গুনগুনায়৷
ৰিমঝিম বৰষুণে তিয়াই চিপচিপিয়া কৰা সেউজীয়া ঘাহঁনি এডৰাত ৰ’দৰ আলিঙ্গনত মুচকচ গৈ চিকুণ সেউজীয়া হোৱা দূবৰিৰ প্ৰাণৰ সমস্ত আকুলতা তাতেই হাবুডুবু খায়।
যেন মনিমুকুতাৰ এধাৰি হাৰ। আলফুলকৈ প্ৰকৃতিক পিন্ধায়।
কাল্পনিক কথোপকথনত এহাল প্ৰেমিক চৰাই৷
কহুঁৱা এডৰাৰ কাষত নৈৰ দাঁতিত বহি সিহঁতৰ মধুৰ প্ৰেমালাপ,
আহিনৰ আলাপ শেৱালিৰ সতে ৷
(প্ৰতিগৰাকী প্ৰিয়জনৰ প্ৰিয়জনলৈ বুলি এক শাৰদীয় কাল্পনিক বাৰ্তালাপ)
তেওঁঃ এই,
চোৱাচোন নদীৰ সিটো পাৰলৈ৷
হাতদুখনত আলফুলকৈ ধৰি সি তেওঁক নদীখনৰ বালিচৰত বহি সিটো পাৰলৈ আঙুলিয়াই দেখুৱালে৷
সিঃ বলাচোন এপাক চাই আঁহো৷
এই বাটেৰেই,
মাত্ৰ অলপ দূৰ গৈ গৈ
কহুঁৱাৰ বাগিচা এখন পাম৷
দুয়োৰে আত্মাৰ মউবোৰ যিমানলৈ
নিগৰি বব,
সিমানখিনিলৈকে ভটিয়াই যাম দুয়ো৷
তোমাৰ আপত্তিটো নাই ?
তেওঁঃ অ’!
এয়া আক’ সুধিব লগীয়া কথা নেকি?
যামটো৷
বলা৷
তেতিয়া বেলিটো টুপুককৈ নৈ খনৰ দাঁতিৰ টিলাটিৰ আঁৰত লুকাই যাও কি নাযাওঁ সেই দোমোজাতে পৰি আছিল৷
কেৰাহিকৈ সিহঁতৰ পিনে পিছে এপাক চাবলৈ নেৰিলে সন্ধিয়াৰ বেলিটিয়ে৷
সিঃ সময়বোৰ মন কৰিছা?
লাহে লাহে বিশেষ হৈছে৷
পনিয়লবৰণীয়া৷
ঠিক তোমাৰ ওঠযুঁৰিৰ দৰেই৷
মিচিকি হাঁহি এটি তেওঁৰ ওঠৰ কোণেৰে বিৰিঙি উঠিল৷
তেওঁঃ ওহোঁ৷
কিনো বিশেষ,
মইতো একো দেখা নাই৷
সিঃ ৰহৰহীয়া, অথচ ফুটো নুফোটোকৈ থকা বিষাদ এটিক চুই চাইছা তুমি কেতিয়াবা?
তাক হেঁচুকি যে পলবোৰক ধিয়াই নিমিষ নমৰাকৈ নিচুকনি গীত গায় কোনোবাই?
ঋতুৰ বাহাদুৰিক ধাৰশায়ী কৰি৷
তেওঁঃ কোন সেয়া?
সিঃ শেৱালি৷
ৰাতিয়েই ফুলি ৰাতিতেই মৰহি আহিনৰ প্ৰেমক বুটলিব নোৱাৰাৰ যি বিষাদ৷
সেয়া শেৱালিৰ বাদে অইন কোনে বুজিব?
সেয়ে মোৰ প্ৰিয় “শেৱালি’’৷
আৰু অলপ আগুৱাই যাই দুয়ো৷
কুহুমবুলীয়া বেলিটো তেতিয়াওঁ দোমোজাৰ কেঁকুৰিটোতে পৰি আছিল৷
কি জানো কৰিব?
কোনটো টিলাৰ কাষেৰে টুপকৈ বুৰ মাৰিব!
তেওঁঃ এঘুমটি ভালকৈ মাৰি ল’ম আজি৷
ৰ’দে-গোন্ধে আবৰা
এইডৰা সেউজ ঘাহঁনিত৷
কিমান দিন যে কহুঁৱাৰ গোন্ধটো উজিয়াই লোৱা হোৱা নাই৷
এডাল কহুঁৱা চিকুনকৈ চিঙি আনি তেওঁৰ হাতত দিলে৷
কহুঁৱাডাল হাতত লৈয়ে তেওঁৰ চকুত এটি দুষ্টামিৰ তিৰবিৰণিয়ে ঢৌ তুলি গল৷
কহুঁৱাৰ কোমল পৰশৰে এবাৰ তাৰ ডিঙিত আকৌ এবাৰ তাৰ কাণৰ কাষেৰে ভাকুটকুটাই দিলে৷
সিঃ উফ্৷
ৰবাচোন৷
তুমিও যে আৰু নহয়৷
তাইঃ বেয়া পালা?