70th National Film Awards: বিৰুবালা- ‘উইটচ’ টু পদ্মশ্ৰী-ৰ বাবে বিচাৰকৰ বিশেষ বঁটা গ্ৰহণ অভিনেত্ৰী আইমী বৰুৱাৰ

গুৱাহাটী,৮ অক্টোবৰ: আজি নতুন দিল্লীত ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানটি অনুষ্ঠিত হৈ যায় । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত বঁটা প্ৰদান অনুষ্ঠানটোত শ্ৰেষ্ঠ চলচ্চিত্ৰ নিৰ্মাতা, অভিনেতা-অভিনেত্ৰীসকলক সন্মানিত কৰে । এই ৰাষ্ট্ৰীয় বঁটাসমূহ এই বছৰৰে ১৬ আগষ্টত ঘোষণা কৰা হৈছিল ।

বঁটা প্ৰদান অনুষ্ঠানটোত আইমী বৰুৱা প্ৰডাকচন ছ’চাইটীৰ প্ৰযোজনা আৰু আইমী বৰুৱাৰ(Actress and filmmaker Aimee Baruah) পৰিচালনাত নিৰ্মিত “বিৰুবালা- ‘উইটচ’ টু পদ্মশ্ৰী”তথ্যচিত্ৰখনক বিচাৰকৰ বিশেষ বঁটা(Jury Special Award) প্ৰদান কৰা হয় । তথ্যচিত্ৰখনৰ নিৰ্মাতা অভিনেত্ৰী আইমী বৰুৱাই ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ পৰা এই বঁটা গ্ৰহণ কৰে ।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ পৰা অভিনেত্ৰী আইমী বৰুৱাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা গ্ৰহণ

সমাজৰ পৰা অন্ধবিশ্বাস দূৰ কৰাৰ বাবে বিৰুবালা ৰাভা(Padma Shri Birubala Rabha)ই কিদৰে চেষ্টা চলাইছিল, সেই বিষয়ে বঁটা প্ৰদান অনুষ্ঠানত ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে । তাৰোপৰি অন্ধবিশ্বাসৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰাৰ লগতে কঠিন পৰিস্থিতিতো পীড়িসকলক সহায় কৰা বিৰুবালা ৰাভাই ২০২১ চনত পদ্মশ্ৰী সন্মান লাভ কৰাৰ বিষয়েও ৰাষ্ট্ৰপতিগৰাকীয়ে তেখেতৰ ভাষণত উল্লেখ কৰে।

৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদানৰ এই অনুষ্ঠানতেই ভাৰতীয় চলচ্চিত্ৰ জগতৰ অন্যতম কিংবদন্তি অভিনেতা মিঠুন চক্রৱৰ্তীক দাদা চাহেব ফাল্কে বঁটা(Dadasaheb Phalke Award) প্ৰদান কৰা হয়। এই বঁটাক ভাৰতীয় চলচ্চিত্ৰ জগতৰ আটাইতকৈ সৰ্বোচ্চ সন্মান হিচাপে গণ্য কৰা হয়(Indian cinema)। ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিতৰণ অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা এই সন্মান গ্ৰহণ কৰি অভিনেতাগৰাকী আবেগিক হৈ পৰে।

Related Articles