Infertility: কিয় বৃদ্ধি পাইছে বন্ধ্যাত্বৰ সমস্যা !..কি কয় চিকিৎসকে ?

গুৱাহাটী, ৯ অক্টোবৰ:(Infertility)সাম্প্ৰতিক সময়ত গুৱাহাটীত বন্ধ্যাত্ব ক্ৰমান্বয়ে এক গুৰুত্বপূৰ্ণ সমস্যাৰূপে পৰিগণিত হৈ আহিছে। শেহতীয়াভাৱে মহানগৰীৰ বহু দম্পতিয়ে গৰ্ভধাৰণৰ বাবে সংগ্ৰাম কৰি থাকিব লগীয়া হৈছে। ই একাধিক কাৰক যেনে বিলম্বিত পিতৃত্ব, অস্বাস্থ্যকৰ জীৱনশৈলী আৰু পলিচিষ্টিক ডিম্বাশয় চিণ্ড্ৰোম ( পি চি অ এছ ) আদিৰ বাবে হৈছে বুলি চিনাক্ত কৰা হৈছে। পিচিঅ’এছ হৈছে হৰমনৰ এনে এক স্থিতি যি মহিলাৰ উপৰত প্ৰভাৱ পেলায় আৰু ইয়াৰ ফলত বন্ধ্যাত্বৰ সমস্যা দেখা দিব পাৰে। ইয়াৰ বিশেষত্ব হৈছে অনিয়মীয়া ঋতুস্ৰাৱ, এণ্ড্ৰোজেনৰ উচ্চ স্তৰ আৰু ডিম্বাশয়ত ক্ষুদ্ৰ ক্ষুদ্ৰ চিষ্ট গঠন।

” মহিলাসকলৰ বন্ধ্যাত্বৰ এক মুখ্য কাৰণ হৈছে পিচিঅ’এছ। বন্ধ্যাত্বৰ সমস্যাৰ ৩০ % মহিলাৰে থাকে পিচিঅ’এছ। অৰ্থাৎ বন্ধ্যাত্ব চিকিৎসা সেৱাত বন্ধ্যাত্বৰ সৈতে যুঁজি থকা দহজন ৰোগীৰ ভিতৰত চাৰিজনৰে পিচিঅ’এছ দেখা যায়, ” প্ৰসঙ্গত নভা আইভিএফ ফাৰ্টিলিটি, গুৱাহাটীৰ ফাৰ্টিলিটি বিশেষজ্ঞ ডাঃ ৰাতুল দত্তই এক বাৰ্তালাপত এনেদৰে কয়। তেওঁ লগতে কয় ” পি চি অ এছে এগৰাকী মহিলাৰ ঋতুস্ৰাৱত প্ৰভাৱ পেলোৱাৰ উপৰি এনে অৱস্থাত হৰ্মোনেল অস্বাভাৱিকতাই দেখা দিয়ে, যাৰ ফলত মহিলাসকলৰ গৰ্ভধাৰণত প্ৰত্যাহ্বান হিচাপে থিয় দিয়ে। অৱশ্যে গুৱাহাটীত উদ্বেগজনক ভাবে দেখা দিয়া বন্ধ্যাত্ব সংকটত অৰিহণা যোগোৱা পিচিঅ’এছ য়েই একমাত্ৰ কাৰক নহয়।

বিলম্বিত পিতৃত্ব ইয়াৰ আন এটা মুখ্য কাৰক। গুৱাহাটীত, বহুতো দম্পতীয়ে তেওঁলোকৰ বৃত্তি বা ব্যক্তিগত বিকাশৰ ওপৰত অধিক গুৰুত্ব দিযাৰ ফলত পিতৃত্বত বিলম্ব ঘটিছে। তেওঁলোকে পৰিয়াল বৃদ্ধিৰ সিদ্ধান্ত লব বিচাৰে যদিও পেশাগতভাবে অসুবিধাৰ সন্মুখীন হয়। সেইবাবেই প্ৰজননৰ পৰা আঁতৰি থাকে। অন্যহাতে বয়স বৃদ্ধিৰ লগে লগে জীৱনৰ পিছৰ সময়চোৱাত গৰ্ভধাৰণ কৰাটো ক্ৰমান্বয়ে কঠিন হৈ পৰে। ইয়াৰ কাৰণ হল প্ৰাকৃতিকভাৱে বয়স বৃদ্ধিৰ লগে লগে মানুহৰ প্ৰজনন ক্ষমতা হ্ৰাস পায়, বিশেষকৈ মহিলাৰ ক্ষেত্ৰত ই অধিক প্ৰকট হৈ পৰে।

যিহেতু সাম্প্ৰতিক সময়ত অধিক সংখ্যক মহিলাই তেওঁলোকৰ ৩০ বা ৪০ বছৰ বয়সলৈ সন্তান জন্ম দিয়াৰ বাবে অপেক্ষা কৰি থাকে, সেয়েহে তেওঁলোকে উৰ্বৰতা হ্ৰাস সমস্যাৰ সন্মুখীন হয় আৰু বহু সময়ত অন্তৰ্নিহিত স্বাস্থ্য সমস্যাৰ দ্বাৰা অধিক ক্ষতিগ্ৰস্থ হয়। বয়স-সম্পৰ্কীয় কাৰকৰ ওপৰি জীৱনশৈলীৰ বিকল্পবোৰেও বন্ধ্যাত্ব সমস্যা বৃদ্ধিত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়।

আমাৰ আধুনিক জীৱনশৈলীৰ দ্বাৰা টোপনিৰ অভ্যাস আৰু পৰিমাণ বিঘ্নিত হৈছে, যিয়ে হৰমণৰ স্তৰ আৰু উৰ্বৰতাৰ ওপৰত প্ৰভাৱ পেলাই। অস্বাস্থ্যকৰ আহাৰৰ লগতে জাংক ফুড সেৱনৰ ফলত মেদবহুলতা আৰু অন্যান্য স্বাস্থ্যজনিত সমস্যা বৃদ্ধি হৈছে, যি উৰ্বৰতা জনিত সমস্যাক প্ৰভাৱিত কৰে। বাহ্যিক জীৱনশৈলীয়ে মেদবহুলতাৰ আশংকা বৃদ্ধি কৰে, যাক অন্যান্য স্বাস্থ্য সমস্যাৰ লগতে বন্ধ্যাত্বৰ এক মুখ্য কাৰণ হিচাপে গণ্য কৰা হয়। পুৰুষৰ বন্ধ্যাত্ব নিম্নগামী হোৱাৰ আন এটা কাৰণ হল শুক্ৰাণুৰ গুণাগুণ হ্ৰাস।

ডাঃ ৰাতুল দত্তই লগতে কয় যে, “দম্পতীসকলে পিতৃ-মাতৃত্ব পলম কৰাৰ সলনি তেওঁলোকৰ পৰিয়াল সোনকালে আৰম্ভ কৰাৰ কথা বিবেচনা কৰা উচিত। অৱশ্যে ভৱিষ্যতৰ বাবে তেওঁলোকৰ উৰ্বৰতা বজাই ৰাখি কোনো ব্যক্তিয়ে সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত পলম কৰাৰ পৰিকল্পনা কৰিলে শুক্ৰাণু বা ভ্ৰূণ হিমায়িত ( ফ্ৰীজিং) কৰাৰ দৰে বিকল্পৰ বিষয়ে চিন্তা কৰিব পাৰে। যদি আপুনি এবছৰতকৈ অধিক সময় ধৰি গৰ্ভধাৰণ কৰিবলৈ চেষ্টা কৰি আছে বা আপোনাৰ বয়স যদি ৩৫ বছৰতকৈ অধিক হৈছে, অনিয়মীয়া ঋতুস্ৰাৱ হৈছে বা যিকোনো প্ৰজনন সমস্যাৰ বিষয়ে অৱগত হৈছে, তেনেক্ষেত্ৰত উৰ্বৰতা বিশেষজ্ঞৰ পৰা পৰামৰ্শ লোৱা উচিত।

অন্যহাতে যদি আপোনাৰ বাৰে বাৰে গৰ্ভপাত, আনুবংশিক স্থিতি আৰু গৰ্ভধাৰণত সমস্যাই দেখা দি আহিছে, তেনেক্ষেত্ৰত উৰ্বৰতা বিশেষজ্ঞৰ সৈতে আলোচনা কৰা উচিত। এজন উৰ্বৰতা বিশেষজ্ঞৰ সৈতে আলোচনা কৰি আপোনাৰ সমস্যা সমূ্হৰ বিষয়ে আগতীয়াকৈ অৱগত হলে গৰ্ভধাৰণৰ সম্ভাৱনা উন্নত কৰিব পাৰে” । উল্লেখ্য যে গুৱাহাটীৰ নভা আইভিএফ ফাৰ্টিলিটি হৈছে এক বিস্তৃত উৰ্বৰতা চিকিৎসা কেন্দ্ৰ, য’ত শেহতীয়া প্ৰযুক্তিৰ সৈতে সুসজ্জিত পৰীক্ষাগাৰ আছে আৰু উৰ্বৰতা চিকিৎসা প্ৰদান কৰাৰ বাবে চিকিৎসা প্ৰতিষ্ঠানটোৱে আন্তৰ্জাতিক মানদণ্ড অনুসৰণ কৰে। নভা আইভিএফ ফাৰ্টিলিটিলৈ চিকিৎসাৰ বাবে গুৱাহাটীৰ ওপৰি নগাঁও, মাৰিগাঁও, নলবাৰী, গুৱালপাৰা আৰু তেজপুৰৰ পৰা দম্পতী আহে।

Related Articles