Durga Puja:৪২ ফুট উচ্চতাৰ ৰাৱণ দহণ কাৰ্য্যসুৰ্চীয়ে ৰাইজক চমক দিবলৈ সাজু:Ravan

নগাঁও, ৮ অক্টোবৰ:( Durga Puja)আজি ষষ্ঠী, বেদীত দেৱীৰ প্ৰাণ প্ৰতিষ্ঠাৰে আৰম্ভ শাৰদীয় দুৰ্গোৎসৱ । ৪২ ফুট উচ্চতাৰ ৰাৱণ দহণ কাৰ্য্যসুৰ্চীয়ে ৰাইজক চমক দিবলৈ সাজু হৈছে দেৰগাঁও কেন্দ্ৰীয় ৰাজহুৱা দুৰ্গোৎসৱ পূজা কমিটি। দেৰগাঁও কেন্দ্ৰীয় ৰাজহুৱা দুৰ্গোৎসৱ ৪৩ টা বৰ্ষত ভৰি দিছে। প্লাষ্টিক মুক্ত মণ্ডপ প্ৰস্তুত কৰা হৈছে। দেৰগাঁৱৰ নৰেন শৰ্মা খেল পথাৰত এই পূজা ভাগ অনুষ্ঠিত কৰা হয়। কলিকতাৰ এক মণ্ডপৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে মণ্ডপ ৷ পুজাৰ লগত সংগতি ৰাখি আৰতি , উৰুলি আৰু শংঙ্খ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। (Ravan)

মণ্ডপৰ সন্মুখত আদিযোগীৰ এক প্ৰতিমা নিৰ্মাণ কৰা হৈছে। এই পূজা ভাগত স্থানীয় শিল্পীয়ে মণ্ডপ প্ৰস্তুত কৰিছে।
বিশেষকৈ এই পূজা ভাগৰ বিশেষ বশিষ্ট হৈছে ৰাৱণ দাহ কাৰ্য্যসুৰ্চী । প্ৰায় ৪২ ফুট উচ্চতাৰ সুউচ্চ ৰাৱণ দেৰগাঁৱৰ এজন স্থানীয় শিল্পীয়ে নিৰ্মাণ কৰিছে। বিজয়া দশমী সন্ধ্যা ৰাৱণ দহণ কাৰ্য্যসুচী অনুষ্ঠিত কৰা হৈছে

Related Articles