Ratan Tata: কল্পনাৰো বাহিৰত ‘ৰতন টাটা’বিহীন ভাৰত

Ratan Tata ৰতন টাটা– মানৱতাক পূজা কৰা এটা আদৰ্শৰ নাম। যুগ যুগ ধৰি কোটিজনক উপকৃত কৰি অহা ৰতন টাটাই সদায় আনৰ হৈ সপোন দেখিছিল; নিজৰ সৰ্বোচ্চ উজাৰি সপোনবোৰক বাস্তৱ ৰূপ দিব খোজা ৰতন টাটাই ভৱিষ্যত প্ৰজন্মক উদ্যোগী, দানশীল আৰু আধুনিক ভাৰত গঢ়াৰ এক স্বপ্নময়ী পথ দেখুৱাইছিল। ১৯৩৭ চনৰ ২৮ ডিচেম্বৰত সেই সময়ৰ দেশৰ ভিতৰতে আটাইতকৈ ধনী মুম্বাইৰ এটা পাৰ্চী পৰিয়ালত ৰতন টাটাৰ জন্ম হৈছিল। ৰতন টাটাৰ ককাক আছিল জামছেদজী টাটা, যাক টাটা গ্ৰুপৰ প্ৰতিষ্ঠাপক বুলি কোৱা হয়।

ৰতন টাটাৰ শৈশৱ স্বাভাৱিক ধৰণৰ নাছিল; তেখেত শৈশৱৰ সময়ছোৱাত পাৰিবাৰিক-সামাজিকৰণ, পিতৃ-মাতৃৰ মৰম, আদৰৰ পৰা বিৰত থাকিব লগা হৈছিল; কিয়নো ১৯৪০ চনৰ মাজভাগত তেখেতৰ পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদ ঘটিছিল। শিক্ষাৰ ক্ষেত্ৰত ৰতন টাটা আছিল এজন ৰ’য়েল ছাত্ৰ, অৰ্থাৎ পঢ়া-শুনাত বৰ পাকৈত। পঢ়া-শুনাৰ লগতে তেখেত আছিল এজন দুৰ্দান্ত বক্তা আৰু তাৰ্কিক। নিজৰ শিক্ষাগুৰুসকলৰ প্রিয় ছাত্র আছিল ৰতন টাটা। ৰতন টাটাই মুম্বাইৰ কেম্পিয়ন স্কুলত শিক্ষাজীৱনৰ পাতনি মেলিছিল আৰু মধ্যশিক্ষা গ্ৰহণ কৰিছিল কেথেড্ৰ’ল এণ্ডজন ক’ন’ন স্কুলত। ১৯৬২ চনত কৰ্ণেল বিশ্ববিদ্যালয়ৰপৰা তেখেতে ষ্ট্ৰাকচাৰেল ইঞ্জিনিয়াৰিঙসহ আৰ্কিটেকচাৰত স্নাতক ডিগ্ৰী লাভ কৰিছিল। ইয়াৰ পিছত ১৯৭৫ চনত হাৰ্ৱাৰ্ড বিশ্ববিদ্যালয়ৰপৰা ‘এডভাঞ্চড মেনেজমেণ্ট প্ৰগ্ৰাম’ পাঠ্যক্ৰম সমাপ্ত কৰিছিল।

টাটাৰ শিক্ষা আৰু কৰ্মই তেখেতক লৈ গৈছিল বিশ্বৰ বিভিন্ন সন্মানীয় শিক্ষানুষ্ঠানলৈ। বিশ্বৰ আগশাৰীৰ সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক অনুষ্ঠানত নিৰ্দিষ্ট বক্তা আৰু সন্মানীয় অতিথি হিচাপে নিমন্ত্ৰণ লাভ কৰা টাটাৰ শৈক্ষিক পটভূমিয়ে তেখেতৰ ভৱিষ্যতৰ সফলতাৰ ভেটি স্থাপন কৰিছিল এজন দূৰদৰ্শী সামাজিক আৰু মানুহৰ মনৰ নেতা হিচাপে। ৰতন টাটাৰ আচল যাত্ৰা আৰম্ভ হৈছিল ১৯৬১ চনত; যেতিয়া তেখেত টাটা গ্ৰুপৰ সৈতে কম-বেছি পৰিমাণে জড়িত হৈ পৰিছিল। নিজৰ শিক্ষা জীৱনৰ মাজতো দুটা এটা কামত হাত আগবঢ়াইছিল টাটাই। পিছত ১৯৭০ চনত তেখেতক টাটা গ্ৰুপৰ এটা সাধাৰণ কার্য্যনির্ব্বাহকৰ পদ দিয়া হৈছিল।

১৯৮১ চনত তেখেতে টাটা উদ্যোগৰ ‘ডাইৰেক্টৰ’ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল। উল্লেখ্য যে ১৯৯১ চনত টাটা গ্ৰুপৰ ‘চেয়াৰমেন’ পদত ৰতন টাটাক নিযুক্তি দিয়া হৈছিল; তেতিয়াৰ পৰাই আৰম্ভ হৈছিল ‘টাটা গ্ৰুপ’ৰ সোণালী যুগ। তেখেতৰ নেতৃত্বত টাটা গ্ৰুপে বিশ্বজুৰি সম্প্ৰসাৰণ ঘটাইছিল। টাটা গ্ৰুপৰ জয় যাত্ৰাই জেগুয়াৰ লেণ্ড ৰভাৰ, ক’ৰাছ ষ্টীল, টেটলি চাহৰ দৰে উল্লেখযোগ্য ব্ৰেণ্ড লাভ কৰে। টাটাৰ কাৰ্যকালত গোটটোৰ ৰাজহ দ্ৰুতগতিত বৃদ্ধি পাইছিল। টাটা গ্ৰুপৰ নেতৃত্বত টাটা পাৱাৰ, টাটা কেমিকেলছ, টাটা এৰোস্পেচ আৰু ডিফেন্স, টাটা চেণ্টাৰ ফৰ টেকন’লজি এণ্ড ডিজাইন, টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চ, টাটা মেম’ৰিয়েল চেণ্টাৰ, টাটা মেডিকেল চেণ্টাৰ, টাটা ষ্ট্ৰাইভ, টাটা ট্ৰাষ্ট, টাটা এডুকেচন এণ্ড ডেভেলপমেণ্ট ট্ৰাষ্ট, টাটা মেডিকেল এণ্ড ৰিচাৰ্চ ইনষ্টিটিউট আদিয়ে ভাৰতৰ লগতে বিশ্বৰ অগণন মানুহক উপকৃত কৰি আহিছে; যাক আমি হয়তো কেতিয়াও শব্দৰে বৰ্ণনা কৰিব নোৱাৰিম।

উল্লেখযোগ্য বিষয় যে ৰতন টাটা তেখেতৰ দানশীল প্ৰচেষ্টাৰ বাবে বিখ্যাত– তেখেতৰ আয়ৰ প্ৰায় ৬০-৬৫% দাতব্য সংস্থালৈ দান কৰে। এয়া সঁচাকৈ আচৰিত; কোনোবা ব্যক্তিয়ে নিজৰ ৬৫% আয় আনৰ নামত দান কৰাতো যেন কল্পনাৰো বাহিৰত– সেয়েহে তেখেত অদ্বিতীয়, অবৰ্ণনীয়, অতুল্য। শিক্ষা, চিকিৎসা, গ্ৰাম্য উন্নয়নকে ধৰি বিভিন্ন ক্ষেত্ৰত প্ৰাণ খুলি সহায় কৰা টাটা আছিল কৰ্কট ৰোগী সকলৰ কাৰণে মানৱৰূপী ভগৱান, দৰিদ্ৰতাৰ সীমা অতিক্ৰম কৰি আকাশ চুব খোজা ছাত্ৰ-ছাত্ৰী সকলৰ বাবে তেখেত আছিল এখন জখলা। অসম আৰু ৰতন টাটা– এক মজবুত সম্পৰ্ক। অসমৰ শৈক্ষিক দিশৰ পৰা স্বাস্থ্যখণ্ডলৈ, ৰতন টাটাৰ অৱদান আছিল অতুলনীয়।

ৰতন টাটাৰ উদ্যোগত অসমত একাধিক কেঞ্চাৰ হাস্পতাল স্থাপন হৈছিল। অসমত কেঞ্চাৰ হাস্পতাল স্থাপনৰ বাবে ২০১৮ত চুক্তি কৰিছিল টাটা ট্ৰাষ্টে। ৰতন টাটাৰ উদ্যোগতে গঢ় লৈ উঠিছিল ২৭,০০০ কৌটি টকাৰ জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্প। ইয়াৰোপৰি অসমত ৩৪খন পলিটেকনিক গঢ়াৰ দায়িত্ব লৈছিল ৰতন টাটাই আৰু লগতে ৪৩খন ITIক উৎকৃষ্ট ৰূপত গঢ়াৰো দায়িত্ব লৈছিল তেখেতে। উল্লেখ্য যে অসমত প্ৰতিবছৰে ২০ হাজাৰ নিবনুৱাক সংস্থাপনৰ লক্ষ্য আছিল ৰতন টাটাৰ। অকল অসম বুলিয়েই নহয় দেশৰ বিভিন্ন ৰাজ্যত তেখতে শিক্ষা, স্বাস্থ্য, গ্ৰামাঞ্চল আদিৰ উন্নয়নৰ বাবে আগবঢ়াইছিল বুজন পৰিমাণৰ দান। ৰতন টাটা আছিল আধুনিক ভাৰত নিৰ্মাণৰ লাইখুটা। তেওঁ ভাৰত আৰু বিদেশৰ সংস্থাসমূহত বিভিন্ন পদবীত নিঃস্বাৰ্থভাৱে সেৱা আগবঢ়াইছিল।

টাটা প্ৰধানমন্ত্ৰীৰ ‘বাণিজ্য আৰু উদ্যোগ পৰিষদ’ আৰু ‘ৰাষ্ট্ৰীয় উৎপাদন প্ৰতিযোগিতা পৰিষদ’ৰ সদস্যও আছিল। ছবি আঁকি, গাড়ী চলাই, জেট বিমান উৰুৱাই, পিয়ানো বজাই ভাল পোৱা মানুহজনে গোটেই জীৱনটো জীয়ালে আনৰ বাবে।গোটেই জীৱনত ৰতন টাটাই উদ্ভাৱন, নৈতিকতা, মমতাৰ মূল্যবোধক মূৰ্ত কৰি ৰাখিলে। তেখেতৰ অৱদানক পদ্ম বিভূষণ (২০০৮), পদ্ম ভূষণ (২০০০), আৰু অৰ্ডাৰ অৱ অষ্ট্ৰেলিয়া (২০২৩)কে ধৰি বহুতো বঁটাৰে স্বীকৃতি দিয়া হৈছে।

এতিয়াৰ পৰা আমি ভবাৰ দৰেই হয়তো নহ’ব কথাবোৰ; কিয়নো এতিয়াৰ পৰা আমি সন্মুখীন হ’ম এখন ‘ৰতন টাটা’বিহীন ভাৰতবৰ্ষৰ। কিছুমান কথা আমি কেতিয়াও মানি ল’ব নিবিচাৰোঁ আৰু হয়তো শুনিবও…। আজি তেনেকুৱা এটা খবৰেই আমাক আগুৰি ধৰিছে। এটা যুগৰ অৱসান ঘটিল। সহজভাৱে ল’ব পৰা নাই কোনেও। টাটা আজি গ’লগৈ উভতি নহাৰ বাটে। জীৱনৰ ৮৬টা বসন্ত পাৰ কৰি আজি ৰতন টাটাই মুম্বাইৰ ব্ৰীছকেণ্ডি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। দেশৰ ৰ’য়েল আইকনখ্যাত তথা সমাজহিতৈষী ৰতন টাটাৰ দেহাৱসানত মৰ্মাহত হৈছে সকলো; অভিভাৱকহীন হৈ পৰিল অগণন লোক। ভাৰতৰ ‘ৰত্ন’ হিচাপে তেখেত আমাৰ মনাকাশত জিলিকি থাকিব চিৰদিন, চিৰকাল। এইগৰাকী মহান ভাৰতীয়লৈ সশ্ৰদ্ধ শ্ৰদ্ধাঞ্জলি নিবেদিলোঁ।


Related Articles