Ratan Tata।Assam।অসমৰ সৈতে ৰতন টাটাৰ কেনেকুৱা সু সম্পৰ্ক !

১০ অক্টোবৰ,গুৱাহাটীঃRatan Tata।Assam। টাটাৰ বিয়োগত সমগ্ৰ দেশৰ লগতে অসমতো পৰিছে শোকৰ ছাঁ। অসমৰ সৈতে ৰতন টাটাৰ আছিল এক সু সম্পৰ্ক। চাহ উদ্যোগৰ পৰা ২৭,০০০ কোটিটকীয়া ছেমিকণ্ডাক্টৰ উদ্যোগলৈ, পৰ্যটন উদ্যোগৰ পৰা কেঞ্চাৰ কেয়াৰ হাস্পতাললৈ আগবঢ়াইছে অৱদান।টাটা আৰু অসম চৰকাৰৰ যৌথ উদ্যোগত অসমত মুঠ ১৯ খন কেঞ্চাৰ হাস্পতাল পৰ্যায়ক্ৰমে স্থাপনৰ বাবে ২০১৮ চনত টাটা ন্যাসে অসম চৰকাৰৰ সৈতে চুক্তি স্বাক্ষৰিত কৰিছিল । অসমত ২০২২ চনৰ ২৮ এপ্ৰিলত মুকলি হৈছিল টাটা ন্যাসৰ উদ্যোগত নিৰ্মাণ কৰা ৭ খনকৈ অত্যাধুনিক কেন্সাৰ হাস্পতাল । ইফালে ৩৪খন পলিটেকনিক গঢ়াৰো দায়িত্ব লৈছিল ৰতন টাটাই। প্ৰয়াত টাটাই কাৰিকৰী শিক্ষাৰ বাবে অসমত ২,৩৯০ কোটি টকাৰ ৮৭% বিনিয়োগ কৰে। ২০২২ৰ ৩ মে’ত অসম চৰকাৰৰে চুক্তি কৰিছিল ৰতন টাটাই।

জাগীৰোডত স্থাপন কৰা টাটা গ্ৰুপৰ ছেমিকণ্ডাক্টৰ প্ৰকল্প অসমৰ সৰ্ববৃহৎ ঔদ্যোগিক প্ৰকল্প। ২০২৬ চনৰ ভিতৰত এই প্ৰকল্প সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈছে টাটাই। এই প্ৰকল্প সম্পূৰ্ণ হৈ উঠাৰ পিছত প্ৰতিদিনে ৪৮ নিযুত চিপ্ছ উৎপাদন হ’ব। প্ৰকল্পটোত নিযুক্তি লাভ কৰিব ৩০ হাজাৰ নিবনুৱা যুৱক-যুৱতীয়ে। এয়া অসমৰ ইতিহাসত টাটা গ্ৰুপৰ সৰ্ববৃহৎ বিনিয়োগ হিচাপে বিবেচিত হৈছে। এই প্ৰকল্পত টাটা ছেমিকণ্ডাক্টৰ এছেম্বলি এণ্ড টেষ্ট প্ৰাইভেট লিমিটেডে (TSAT) এই ছেমি কণ্ডাক্টৰ ইউনিট কেইটা স্থাপন কৰিব। ই অটোমোটিভ, ইলেক্ট্ৰিক বাহন, কনজিউমাৰ ইলেক্ট্ৰনিকছ, টেলিকম, আৰু মোবাইল ফোন, লেপটপ আদিৰ বাবে প্ৰয়োজন হোৱা বহুমূলীয়া চিপ (chips) প্ৰস্তুত কৰিব। এই তিনিটা কেন্দ্ৰই প্ৰতিদিনে ৪.৮ কোটি চিপ প্ৰস্তুত কৰিবলৈ সক্ষম হ’ব। দেশৰ যুৱক-যুৱতীসকলৰ বাবে নিয়োগৰ সুযোগ সৃষ্টিৰ পোষকতা কৰি ভাৰতক অৰ্ধপৰিবাহী ডিজাইন, উৎপাদন, আৰু প্ৰযুক্তি বিকাশৰ বাবে বিশ্বব্যাপী কেন্দ্ৰ হিচাপে স্থান দিয়াটো প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ অংশ হিচাপে এই প্ৰকল্পসমূহৰ আধাৰশিলা স্থাপন কৰা হৈছিল। ৩ আগষ্ট ২০২৪ ত মৰিগাঁও জিলাৰ জাগীৰোডত টাটা কোম্পানীৰ প্ৰথমটো টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমি পূজন সম্পন্ন হয় ৷

Related Articles