India Book of Records।এঞ্জেলিকা দাসে লাহৰী গগণা বজাই ‘ইণ্ডিয়ান বুক অৱ ৰেকৰ্ডছ’ত নাম অন্তৰ্ভূক্ত কৰি সুনাম কঢ়িয়াই আনিলে

দৈনন্দিন বাৰ্তাৰ সেৱা, সৰভোগ, ১০ অক্টোবৰঃIndia Book of Records সৰভোগৰ বৈৰাপুৰ গাওঁৰ প্ৰতিষ্ঠিত ব্যৱসায়ী নীলাভজ্যোতি দাসৰ কন্যা তথা তৃতীয় শ্ৰেনীৰ ছাত্ৰী এঞ্জেলিকা দাসে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ’ত সৰ্বাধিক সময় ২৩ মিনিট ৪৭ ছেকেণ্ড ‘লাহৰী গগণা’ বজাই নিজৰ নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হৈছে।ছাত্ৰী গৰাকীক মানপত্ৰ,ট্ৰফী আৰু স্মাৰকৰে সন্মানিত কৰে।

কণমানি এঞ্জেলিকাৰ এই সাফল্যই বৰনগৰবাসীক গৌৰাম্বিত কৰি তুলিছে।যোৱা ২ অক্টোবৰত হাৰিয়ানাৰ ফৰিদাবাদত ইণ্ডিয়ান বুক অৱ ৰেকৰ্ডছৰ বাৰ্ষিক আন্ত:ৰাষ্ট্ৰীয় অভিবৰ্তনত কণমানি ছাত্ৰী এঞ্জেলিকা দাসে পিতৃ-মাতৃৰ সৈতে গৈ অনুষ্ঠানত অংশ গ্ৰহণ কৰিছিল।তাত অসমৰ বৰনগৰ অঞ্চলৰ পৰা কণমাণি ছাত্ৰী গৰাকীয়ে সৰ্বাধিক সময় ‘লাহৰী গগণা বজাই’ ইণ্ডিয়ান বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হৈছে।উল্লেখ্য যে,সৰভোগৰ প্ৰতিষ্ঠিত ব্যৱসায়ী নীলাভজ্যোতি দাস আৰু অনিন্দিতা দাসৰ কন্যা এঞ্জেলিকা দাসে বিহু,আধুনিক নৃত্য,চিত্ৰাংকন আৰু ফেশ্বন শ্ব আদি শতাধিক প্ৰতিযোগীতামূলক অনুষ্ঠানত অংশগ্ৰহণ কৰি যথেষ্ঠ পাৰদৰ্শিতাৰ আগবাঢ়ি যোৱাৰ লগতে বঁটা বাহনৰে সন্মানিত হৈ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।

সৰভোগৰ কিড বেডাৰ তৃতীয় মানৰ ছাত্ৰী এঞ্জেলিকা দাসে যোৱা এপ্ৰিল মাহত জ্যোতি চিত্ৰবনত অনুষ্ঠিত হোৱা কামাখ্যা মহোৎসৱত নৃত্য ময়ূৰী বঁটাও লাভ কৰিবলৈ সক্ষম হয়।
ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছৰ এই অনুষ্ঠানত ভাৰতবৰ্ষৰ উপৰিও ভিয়েটনাম,ইণ্ডোনেছিয়াকে ধৰি বিভিন্ন দেশৰ ৰেকৰ্ডধাৰী সকল অংশ গ্ৰহণ কৰে। কণমানি ছাত্ৰী গৰাকীৰ সাফল্যত বৰনগৰ অঞ্চলৰ বিভিন্ন জনে শুভেচ্ছা জ্ঞাপন কৰিছে।

Related Articles