Olympic Games: ২০২৪ চনৰ পেৰিছ অলিম্পিক আৰু ভাৰতৰ প্ৰদৰ্শনৰ: এক পৰ্যালোচনা

“I love the Olympic Games. The Olympic are  the event that few can fatthom but all can enjoy, and that why athletes work out in whole life to put on the greatest show on earth” (Johnny Weir, Olympic Medalist, USA)

অলিম্পিক সমাৰোহ আৰু পেৰিছ অলিম্পিকঃ 2024 Paris Olympics and India’s performance: অলিম্পিক ক্ৰীড়া সমাৰোহ হৈছে বিশ্বৰ ক্ৰীড়াবিদ সকলে নিজকে গৰিমামণ্ডিত কৰি প্ৰতিষ্ঠা কৰা এক সৰ্ববৃহৎ ক্ৰীড়া মঞ্চ। এই ক্ৰীড়া সমাৰোহত নিহিত হৈ আছে বিশ্বৰ হাজাৰ হাজাৰ ক্ৰীড়াবিদৰ ইপ্সিত লক্ষ্য সাধনাৰ বাবে দুৰ্বাৰ প্ৰচেষ্টাৰ এক নিৰন্তৰ সংগ্ৰাম। নিজস্ব ক্ৰীড়া নৈপুণ্য, অপ্ৰতিৰোধ্য গতি শক্তি আৰু অদম্য সাহসৰ গৌৰৱ ৰঞ্জিত বিমুৰ্ত্ত প্ৰকাশে একোজন ক্ৰীড়াবিদক অলিম্পিকৰ বৰ্ণিল ইতিহাসত অনন্ত কালৰ বাবে সোণালী আখৰেৰে লিপিবদ্ধ কৰি ৰাখে। এজন ক্ৰীড়াবিদৰ বাবে অলিম্পিক পদকেই জীৱনৰ শ্ৰেষ্ঠ প্ৰাপ্তি। বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়ামঞ্চত নিজকে অনন্য উচ্চতালৈ নিব পাৰিলেহে পদক প্ৰাপ্তিৰ সন্মানেৰে সন্মানিত হয়। ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ হয় সেইজন ক্ৰীড়াবিদৰ নাম।২০২৪ চনৰ অলিম্পিক গেমছ অনুষ্ঠিত হৈছে কবি, শিল্প, ঐতিহ্য, সুৰা, সুন্দৰী আৰু প্ৰেমৰ চহৰ ৰূপে পৰিচিত ফ্ৰান্সৰ পেৰিছ মহানগৰীত। পেৰিছে দুহাত মেলি আকোৱালী লৈছে বিশ্বৰ  অগণন ক্ৰীড়াপ্ৰেমীক। যোৱা ২৬ জুলাইৰ পৰা ১১ আগষ্টলৈ বিশ্বৰ ক্ৰীড়া ক্ষেত্ৰৰ ৰথী মহাৰথীসকলৰ ঠিকনা আছিল পেৰিচ চহৰ। অলিম্পিক উদ্ধোধনী অনুষ্ঠানৰ পৰম্পৰা ভংগ কৰি মূল এথলেটিকছ ষ্টেডিয়ামৰ বাহিৰত আইফেল টাৱাৰৰ সন্মুখত থকা ট্ৰকাভেৰো উদ্যানত অনুষ্ঠিত হৈছিল উদ্ধোধনী অনুষ্ঠান। ২০০৮ চনত বেইজিং অলিম্পিকত প্ৰযুক্তিৰ চমকেৰে বিস্মিত কৰিছিল বিশ্বক। ২০১২ চনত লণ্ডনত আছিল ঐতিহ্য আৰু পৰম্পৰাৰ অপূৰ্ব মিশ্ৰণ। ২০১৬ চনত ৰিঅত সংস্কৃতি। ২০২৩ চনত টকিঅ আছিল ঐতিহ্য, পৰম্পৰা আৰু প্ৰযুক্তিৰ চমৎকাৰ। এইবাৰ নেপোলিয়নৰ মৰমৰ মহানগৰী পেৰিছত আছিল প্ৰকৃতিৰ সৌন্দৰ্য্য আৰু প্ৰেম। বিশ্বৰ বিভিন্ন দেশৰ ক্ৰীড়াবিদে আইফেল টাৱাৰৰ পূৱদিশে থকা অষ্টাৰলিজ সেতুৰ পৰা নাওঁ কিম্বা জাহাজত উঠি চেইন নদীত ৬ কিঃমি. পথত কৰা মাৰ্চ পাষ্টৰ নয়নাভিৰাম দৃশ্যই বহুদিনলৈ সন্মোহিত কৰি ৰাখিব বিশ্বৰ ক্ৰীড়াপ্ৰেমীক। Olympic Medalist

অলিম্পিকত ভাৰতঃ

অলিম্পিকত ভাৰতৰ ইতিহাস ১২৪ বছৰীয়া। ১৯০০ চনৰ পৰা যোগদান কৰি আহিছে ভাৰতে। প্ৰথমবাৰ আছিল মাত্ৰ এজন খেলুৱৈ। নৰ্মান পিছাৰ্ড নামৰ বৃটিছ খেলুৱৈ গৰাকীয়ে এথলেটিকছত জিকিছিল দুটাকৈ ৰূপৰ পদক। ১৯০৪ চনৰ পৰা ১৯১২ চনলৈ ভাৰতে যোগদান কৰা নাছিল। ১৯২০ চনৰ পৰা বিৰামহীনভাৱে ২০২৪ চনলৈ ২৫খন অলিম্পিকত যোগদান কৰি ভাৰতৰ ফচল মাত্ৰ ৪১টা। তাৰে ১৩ পদকেই হকীৰ। টকিঅ ২০২০ অলিম্পিকত ১টা স্বৰ্ণ, ২টা ৰূপৰ আৰু ৪টা ব্ৰঞ্জৰ পদকেই আছিল ভাৰতৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন। এইবাৰ পেৰিছ অলিম্পিকত ১টা ৰূপ আৰু ৫টা ব্ৰঞ্জৰ পদকেৰে ছটা পদক লাভ কৰিবলৈ সক্ষম হৈছে। ১৪০ কোটি জনসংখ্যাৰ এখন বিশাল দেশৰ বাবে বিশ্বৰ সৰ্বোচ্চ ক্ৰীড়া ক্ষেত্ৰৰ দেখুওৱা এই প্ৰদৰ্শন অত্যন্ত হতাশজনক। athlete

অলিম্পিকত ভাৰতৰ পদক জয়ঃ

১৯০০ চনৰ পৰা ২০২৪ চনলৈ ভাৰতে অলিম্পিকত লাভ কৰা ৪১টা পদকৰ ভিতৰত ১০টা পদক সোণৰ, ১০টা পদক ৰূপৰ আৰু ২১টা পদক ব্ৰঞ্জৰ। ১৯২৮ চনত আমষ্টাৰডাম, ১৯৩২ চনত লজ এঞ্জেলছ, ১৯৩৬ চনত বাৰ্লিন, ১৯৪৮ চনত লণ্ডন, ১৯৫২ চনত হেলচিংকি, ১৯৫৬ চনত মেলবৰ্ণ, ১৯৬৪ চনত টকিঅ, ১৯৮০ চনত মস্কো অলিম্পিকত পুৰুষৰ হকীত, ২০০৮ চনৰ বেইজিং অলিম্পিকত পুৰুষৰ ১০মিটাৰ ৰাইফল শ্বুটিংত অভিনৱ বিন্দ্ৰা আৰু ২০২০ চনৰ টকিঅত নীৰজ চোপ্ৰাই জেভলিন থ্ৰত সোণৰ পদক লাভ কৰি কৰি ভাৰতক গৌৰৱান্বিত কৰিছিল। ১৯০০ চনৰ পেৰিছ অলিম্পিকত নৰ্মান পিছাৰ্ডে ২০০ মিটাৰ পুৰুষৰ দৌৰ, ২০০ মিটাৰ পুৰুষৰ হাৰ্ডলছ, ১৯৬০ চনত পুৰুষৰ হকী দল, ২০০৪ চনৰ এথেঞ্চ অলিম্পিকত  ৰাজ্যবৰ্ধন সিং ৰাথোৰে পুৰুষৰ ডাবল Îট্ৰপ শ্বুটিঙত, ২০২২ চনত সুনীল কুমাৰে পুৰুষৰ ৬৬ কে.জি মল্লযুদ্ধ আৰু বিজয় কুমাৰে পুৰুষৰ ২৫ মিটাৰ ৰেপিড পিষ্টল শ্বুটিংত, ২০১৬ চনৰ ৰিঅত পি.ভি সিন্ধুৱে মহিলাৰ বেডমিণ্টনত, ২০২০ চনত টকিঅত মীৰাবাঈ চানুৱে মহিলাৰ ৪৯ কে.জি ভাৰত্তোলনত, ৰবি কুমাৰ দাহিয়াই পুৰুষৰ ৫৭ কেজি মল্লযুদ্ধত আৰু ২০২৪ চনত পেৰিছত নীৰজ চোপ্ৰাই জেভলিনত ৰূপৰ পদক লাভ কৰিছিল।

১৯৫২ চনত হেলচিংকিত কে ভি যাদৱে পুৰুষৰ বেণ্টামডৱেট মল্লযুদ্ধত, ১৯৬৮ চনত মেক্সিাকোত আৰু ১৯৭২ চনত পুৰুষ হকী দলে, ১৯৯৬ চনৰ আটলাণ্টাত লিয়েণ্ডাৰ পেজে পুৰুষৰ টেনিচত, ২০০০ চনত চিডনীত কৰ্ণম মালেশ্বৰীয়ে মহিলাৰ ৫৪ কেজি শাখাৰ ভাৰত্তোলনত, ২০০৮ চনত বেইজিঙত বিজয়েন্দ্ৰ সিঙে পুৰুষৰ মিডল ৱেইট বক্সিঙত, সুনীল কুমাৰে পুৰুষৰ ৬৬ কে.জি মল্লযুদ্ধত, ২০১২ চনত লণ্ডনত চাইনা নেহৱালে মহিলাৰ ব্যক্তিগত বেডমিণ্টনত, মেৰী কমে্‌ মহিলাৰ ফ্লাই ৱেইট বক্সিঙত, যোগেশ্বৰ দত্তই পুৰুষৰ ৬০ কে.জি মল্লযুদ্ধত, গগন নাৰংগে পুৰুষৰ ১০ মিটাৰ ৰাইফল শ্বুটিংত, ২০১৬ চনৰ ৰিঅ অলিম্পিকত সাক্ষী মালিকে মহিলাৰ ৫৮ কে.জি মল্লযুদ্ধত, ২০২০ চনৰ টকিঅ অলিম্পিকত লাভলীনা বুঢ়াগোঁহায়ে মহিলাৰ ৬৯ কে.জি মহিলাৰ বক্সিঙত, পি.ভি সিন্ধুৱে মহিলাৰ বেডমিণ্টনত, বজৰং পুনিয়াই  পুৰুষৰ ৬৫ কে.জি মল্লযুদ্ধত, ভাৰতীয় হকী দলে আৰু  ২০২৪ চনত ভাৰতৰ মনু ভাকেৰে মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল শ্বুটিংত, মনু ভাকেৰ আৰু সৰবজিৎ সিঙে মিক্স শাখাৰ ১০ মিটাৰ পিষ্টল শ্বুটিঙত, স্বপ্নীল কুশালে পুৰুষৰ ৫০ মিটাৰ ৰাইফল ফ্ৰি পজিছন বিভিাগত, আমান শ্বেৰাৱতে পুৰুষৰ ৫৭ কে.জি শাখাৰ মল্লযুদ্ধত আৰু পুৰুষৰ হকী দলে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।

২০২৪ চনৰ পেৰিছ অলিম্পিকত ভাৰতৰ প্ৰদৰ্শনঃ

এইবাৰ পেৰিছ অলিম্পিকত ভাৰতৰ ১১৭ জনীয়া দলে ৩২ বিধ খেলৰ ভিতৰত ১৬ বিধ খেলত অংশগ্ৰহণ কৰিছিল। এই ১১৭ জনীয়া দলৰ ভিতৰত ৭ জনেই ৰিজাৰ্ভ খেলুৱৈ। ইয়াৰে হকীত তিনিগৰাকী, ৪x৪০০ মিটাৰ ৰিলেট ২ গৰাকী আৰু টেবুল টেনিছত দুগৰাকী ৰিজাৰ্ভ খেলুৱৈ আছিল। এইবাৰ মাৰ্চ পাষ্টত ভাৰতীয় দলক নেতৃত্ব দিছিল অভিজ্ঞ বেডমিণ্টন খেলুৱৈ পি.ভি সিন্ধু আৰু টেবুল টেনিছ খেলুৱৈ শৰথ কমলে। ভাৰতীয় দলৰ মেনেজাৰ আছিল ২০১২ চনৰ লণ্ডন অলিম্পিকৰ ১০ মিটাৰ ৰাইফল শ্বুটিঙৰ ব্ৰঞ্জৰ পদক বিজয়ী গগন নাৰংগ।

আৰ্চাৰীঃ পেৰিছ অলিম্পিক গেমছৰ ৰণভূমিত অৱতীৰ্ণ হৈয়ে সাফল্যৰ মুখ দেখিছিল ভাৰতৰ পুৰুষ আৰু মহিলাৰ আৰ্চাৰীৰ দলটোৱে। দীপিকা কুমাৰী, অংকিতা ভকত আৰু ভজৱ কৌৰেৰে গঠিত মহিলাৰ দলটোৱে ১,৯৮৩ পইণ্ট অৰ্জন কৰি চতুৰ্থ স্থানেৰে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয়। আনহাতে, পুৰুষৰ ধীৰাজ বোম্বাদেওৰা, তৰুণদ্বীপ ৰায় আৰু প্ৰবীণ যাদৱৰ দলটোৱে ২চ০১৩ পইণ্টেৰে তৃতীয় স্থান লাভ কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল।

১৯৭২ চনত মিউনিখ অলিম্পিকত আৰ্চাৰী অৰ্ন্তভুক্ত হ’লেও ভাৰতে অলিম্পিকত যোগদান কৰাৰ যোগ্যতা অৰ্জন কৰিছিল ১৯৮৮ চনত। ৩৬ বছৰৰ ব্যৰ্থতা পাহৰি এইবাৰ ভাৰতে পদক জয় কৰিব বুলি আশা পোষণ কৰিছিল। কিন্তু পৰিতাপৰ কথা মহিলা দলটোৱে কোৱাৰ্টাৰ ফাইনেলত নেদাৰলেণ্ডৰ বিৰুদ্ধে ৬-০ ব্যৱধানত আৰু পুৰুষৰ দলটোৱে তুৰস্কৰ বিৰুদ্ধে ৬-২ ব্যৱধানত পৰাস্ত হৈ নিৰাশজনকভাৱে অভিযান সামৰিবলৈ বাধ্য হৈছিল। greatest show

ব্যক্তিগত শাখাত দীপিকা কুমাৰীয়ে প্ৰথম মেছত এষ্টনিয়াৰ বিৰুদ্ধে ৬-৫ মেছত আৰু দ্বিতীয়খনত নেডাৰলেণ্ডৰ বিৰুদ্ধে ৬-২ পইণ্টৰ ব্যৱধানত আৰু প্ৰি-কোৱাৰ্টাৰ ফাইনেলত জাৰ্মানীক ৬-৪ ছেটত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল। কিন্তু কোৱাৰ্টাৰ ফাইনেলত কোৰিয়াৰ নাম চুহিয়ানৰ বিৰুদ্ধে ২-১ মেচৰ ব্যৱধানত পৰাস্ত হৈ পদক লাভৰ পৰা বঞ্চিত হয়। ভাৰতৰ আন এগৰাকী মহিলা আৰ্চাৰ ভজন কৌৰে ইণ্ডোনেচিয়াৰ প্ৰতিদ্বন্দীৰ বিৰুদ্ধে ৭-৩ ব্যৱধানত আৰু দ্বিতীয় মেচত পোলেণ্ডৰ বিৰুদ্ধে ৬-০ ব্যৱধানত জয়ী হৈ প্ৰি-কোৱাৰ্টাৰত ফাইনেলত প্ৰৱেশ কৰিছিল। কিন্তু কোৱাৰ্টাৰ ফাইনেলত ইণ্ডোনেচিয়াৰ দিয়ানন্দা চইৰুনিচাৰ বিৰুদ্ধে ৬-৫ ব্যৱধানত পৰাজিত হয়।

পুৰুষৰ আৰ্চাৰীৰ ব্যক্তিগত শাখাত তৰুণদীপ ৰায় আৰু প্ৰবীণ যাদৱ আৰু পুৰুষৰ ৰিকাৰ্ভ দলীয় শাখাত ধীৰাজ বোম্বাদেওৰা, তৰুণদ্বীপ ৰায় আৰু প্ৰবীন যাদৱৰ দলটোৱে তুৰস্কৰ বিৰুদ্ধে ৬-২ ব্যৱধানত প্ৰাৰম্ভিক ৰাউণ্ডতে বিদায় লয়।

মিক্সড ডাবোলছত ধীৰাজ বোম্বাদেওৰা আৰু অংকিতা ভকতৰ দ্বাৰা গঠিত দলটোৱে সুন্দৰ খেল প্ৰদৰ্শন কৰি ফাইনেলত প্ৰৱেশ কৰিছিল। কোৱাৰ্টাৰ ফাইনেলত ভাৰতীয় যুটীটোৱে স্পেইনক ৫-৩ মেচৰ ব্যৱধানত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছিল। কিন্তু ছেমি ফাইনেলত ধীৰাজ আৰু অংকিতাই দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে ৬-২ ব্যৱধানত পৰাস্ত হয়। ব্ৰঞ্জৰ পদকৰ মেচত ভাৰতীয় যুটীটোৱে আমেৰিকাৰ বিৰুদ্ধে ৬-২ মেচৰ ব্যৱধানত পৰাস্ত হৈ পদক লাভৰ পৰা বঞ্চিত হয়।

এথলেটিকছঃ এথলেটিকছত এইবাৰ ভাৰতৰ ২৯ জনীয়া দলে অংশ গ্ৰহণ কৰিছিল। অলিম্পিক ইতিহাসত এথলেটিকছত ভাৰতে মাত্ৰ ৪টা পদকহে লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰে টকিঅ’ অলিম্পিকত নীৰজ চোপ্ৰাৰ এটা সোন, এটা ৰূপ আৰু নৰ্মান প্ৰিছাডৰ ২টা ৰূপৰ পদকেৰে ভাৰতে ৪টা পদক লাভ কৰিবলৈ সক্ষম হৈছে। যদিও ২৯ জনীয়া বৃহৎ দলে এই প্ৰতিযোগীতাত অংশ গ্ৰহণ কৰিছিল কিন্তু নীৰজ চোপ্ৰাৰ বাহিৰে বাকী সকল পৰা পদৰ আশা কৰাতো বিলাসিতাহে আছিল। এইবাৰ পেৰিছ এথলেটিছক ভাৰতে সৰ্বাধিক ৯৬.০৮ কোটি এথলেটিকছৰ খৰচ কৰিছে। পুৰুষৰ এথলেট সকলৰ ভিতৰত জেভলিনত কিশোৰ জেনা, শ্বটপুতত তেজিন্দৰ পাল সিং, ¿ট্ৰপুল জাম্পত প্ৰবীন ছিথ্ৰাভেল, লং জাম্পত জেছবিন এলড্ৰিন, পুৰুষৰ ৪০০ মিটাৰ মহম্মদ আনাদ, মহম্মদ আজমল, অনুজ জেকব আৰু ৰাজেশৰ যুটীয়ে  প্ৰাৰম্ভিক ৰাউণ্ডৰ পৰাই বিদায় লয়। আনহাতে পুৰুষৰ ২০ কিঃমিটাৰ খোজ কঢ়া প্ৰতিযোগীতত অক্ষদীপ সিং আৰু মিক্সড ৰিলে প্ৰতিযোগীতত সুৰজ পাচৱান আৰু প্ৰিয়ংকা গোস্বামীয়ে খেল অসমাপ্তভাৱে সামৰিবলৈ বাধ্য হয়। মহিলাৰ বিভাগত ৪০০ মিটাৰ দৌৰত কিৰন পহল, ৩০০০ মিটাৰ ট্ৰিপল চেজট পাৰুল চৌধুৰী, ১০০ মিটাৰ হাৰ্ডলছত জ্যোতি য়াৰাদ্দি, জেভলিন থ্ৰত অনু ৰাণী, মহিলাৰ ৪০০ মিটাৰ ৰিলেত জ্যোতিকা শ্ৰীদন্দী, সবিতা ভেংকটেছ, বিখ্যা নানৰেজ, এম. আৰ. পোন্নাডা, ২০ কিলোমিটাৰ খোজ কঢ়াত প্ৰিয়ংকা গোস্বামী আৰু ৫০০০ মিটাৰ দৌৰত অংকিতা ধ্যানী প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় লয়। নীৰজ চোপ্ৰাৰ লগত একমাত্ৰ অবিনাশ ছাবালে এথলেটিছৰ পুৰুষৰ ৩০০০ মিটাৰ ট্ৰিপল ৰেছত ফাইনেল ৰাউণ্ডত প্ৰবেশ কৰি প্ৰতিযোগীসকলৰ মাজত একাদশ স্থান দখল কৰে।

পেৰিছ অলিম্পিকত নীৰজ চোপ্ৰাৰ পৰা স্বৰ্ণপদক আশা কৰিছিল সমগ্ৰ দেশ-বাসীয়ে। Target Olympic Podium আৰু Annual Calender of Training গু Competition ৰ অধীনত নীৰজক বিশেষ ভাৱে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছিল। ইয়াৰ বাবে মুঠ ব্যয় হৈছিল প্ৰায় ৬.০০ কোটি টকা। ২০২৩-২৪ বৰ্ষত একাধিকবাৰ বিদেশত প্ৰস্তুতি চলাইছিল নীৰজে। ৮৫ দিন  দক্ষিণ আফ্ৰিকাত, ৭৯ দিন তুৰস্কত আৰু অলিম্পিকৰ ঠিক পূৰ্বে ৬১ দিন ফিনলেণ্ড, ৰ্জামানী আৰু তুৰস্কত অনুশীলন কৰিছিল। কিন্তু এইবাৰ ৮৯.৪৫ মিটাৰ দলিয়াই ৰূপৰ পদকতে সন্তুষ্ট থাকিব লগীয়া হ’ল যোৱা অলিম্পিকৰ স্বৰ্ণজয়ী নীৰজ চোপ্ৰা। টকিঅৰ পুনৰাবৃত্তি নহল পেৰিছত। এইবাৰ ৯২.৯৭ মিটাৰ দুৰত্বলৈ জেভলিন দলিয়াই নতুন অলিম্পিক ৰেৰ্কডেৰে স্বৰ্ণপদক লাভ কৰে পাকিস্থানৰ আৰ্শ্বাদ নাডিমে। সেইদিনা নীৰজে কৈছিল “Nadeem did well. Today was not our day”  কাৰণ অলিম্পিক পদকৰ সিদ্ধান্ত হয় সেই দিনটোতহে আগত নহয়। নীৰজে কৈছিল— “Medelক্সs are decided on the day, not before that”।

বেডমিণ্টনঃ বেডমিণ্টনত ভাৰতৰ অভিজ্ঞ মহিলা খেলুৱৈ পি.ভি সিন্ধুৱে প্ৰথম মেছত মালদ্বীপৰ ফাটিমা নাবাহাক ২১-৯, ২১-৬ পোনপটীয়া ছেটত পৰাজিত কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। প্ৰি কোৱাৰ্টাৰ ফাইনেলত চীনৰ দুবাৰৰ অলিম্পিক পদক বিজয়ী চীনৰ হেং বিং জিয়াঙৰ বিৰুদ্ধে ২১-১৯, ২১-১৪ ছেটত পৰাস্ত হৈ নিৰাশজনকভাৱে প্ৰতিযোগীতাৰ পৰা বিদায় লয়।

ভাৰতৰ অন্যতম বেডমিণ্টন খেলুলৈ এইচ.এচ. প্ৰণয়ে জাৰ্মানীৰ ফেবিয়ান ৰথক ২১-১৮, ২১-১২ আৰু দ্বিতীয়খন মেচত ভিয়েটনামৰ লী ডাক ফটেক ১৬-২১, ২১-১১, ২১-১২ চেটত পৰাজিত কৰি কোৱাৰ্টাৰ ফাইনেল প্ৰৱেশ কৰিলেও সতীৰ্থ খেলুৱৈ লক্ষ্য সেনৰ বিৰুদ্ধে ১২-২১, ৬-২১, পৰাভূত হৈ প্ৰতিযোগীতাৰ পৰা বিদায় লয়।

ভাৰতৰ প্ৰতিভাৱান বেডমিণ্টন খেলুৱৈ লক্ষ্য সেনে বেলজিয়াম জুলিয়ান কাৰাগীক ২১-১৯, আৰু ২১-১২, ইণ্ডোনেচিয়াৰ জনায়ন ক্ৰিষ্টিক ২১-১৮,২১-১২ আৰু প্ৰি-কোৱাৰ্টাৰ ফাইনেলত চাইনীজ টাইপেৰ চেই টিয়েন চেনক ১৯-২১, ২১-১৫, ২১-১২ ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। কোৱাৰ্টাৰ ফাইনেলত চাইনীজ টাইপেয়ৰ পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশৰ জৰিয়তে ইতিহাস ৰচনা কৰিছিল। কিন্তু ছেমি ফাইনেলত হতাশজনক প্ৰদৰ্শনেৰে ডেনমাৰ্কৰ ভিক্টৰ এক্সেলচনৰ বিৰুদ্ধে ২২-২০, ২১-১৪মেচত পৰাস্ত হয়। আৰম্ভণিতে সুন্দৰ খেল প্ৰদৰ্শন কৰিও ভাৰতৰ খেলুৱৈগৰাকীয়ে২০-১৭ পইণ্টত আগবাঢ়ি থাকিও অৱশেষত পৰাজয়þ বৰণ কৰে। ব্ৰঞ্জৰ পদকৰ খেলত মালেয়েচিয়াৰ লী জিয়া কেনৰ বিৰুদ্ধে ১৩-২১, ২১-১৬, ২১-১৯ পইণ্টত পৰাজয় বৰণ কৰি পদকৰ পৰা বঞ্চিত হয়।

পুৰুষৰ ডাবোলছত সৎবিক চাইৰাজ ৰংকি ৰেড্ডি আৰু চিৰাগ ছেট্টী এইবাৰ অলিম্পিকৰ অন্যতম দাবীদাৰ আছিল। প্ৰথম মেচত ফ্ৰান্সৰ ৰনান লেব আৰু লুকাছ কৰভীক ২১-১৭, ২১-১৪ আৰু  দ্বিতীয়খন মেছত ইণ্ডোনেচিয়াৰ  এইবাৰৰ  অল ইংলেণ্ড চেম্পিয়ন ফজৰ আলফিয়ান আৰু মহম্মদ ৰিয়ানৰ যুটীক ২১-১৩, ২১-১৩্যব্যৱধানত পৰাজিত হৈ প্ৰতিযোগীতাৰ পৰা বিদায় লয়।

মহিলা ডাবোলছৰ মেছত অশ্বনী পোনাপ্পা আৰু তানিছা ক্ৰাষ্টোৰ যুটীয়ে প্ৰথম মেছত কোৰিয়াৰ কিম চয়েঙ আৰু কং হি য়ঙ যুটীক ২১-১৮, ২১-১০ আৰু দ্বিতীয় মেছত জাপানৰ নামি মংসুয়ামা আৰু চিহাৰু চিয়াক ২১-১১, ২১-১২ পইণ্টত পৰাজিত কৰে। কিন্তু গ্ৰুপ লীগৰ অন্তিমখন মেচত অষ্টেলিয়াৰ ছেটিয়ানা মাপাছা আৰু এঞ্জেনা উ যুটিৰ বিৰুদ্ধে ২১-১৫, ২১-১০ ব্যৱধানত পৰাজিত হৈ অলিম্পিকৰ পৰা বিদায় লয়।

বক্সিংঃ পেৰিছৰ যি কেইটা ইভেণ্টৰ পৰা ভাৰতে অধিক পদক আশা কৰিছিল তাৰ ভিতৰত বক্সিং আছিল অন্যতম। এই ইভেণ্টত অসম কন্যা লাভলীনা বুঢ়াগোহাঁই আৰু অমিত পাংগাল, নিখাত জাৰীন আদি তাৰকা খেলুৱৈৰ পৰা পদকৰ আশাৰে অলিম্পিকত অৱতীৰ্ণ হৈছিল।

পুৰুষৰ ব্যক্তিগত শাখাত অমিত পাংগালে ৫১ কেজি বিভাগত ভাৰতীয় ক্ৰীড়া প্ৰেমীক নিৰাশ কৰি জাম্বিয়াৰ চিনয়েম্বাৰ বিৰুদ্ধে প্ৰথম মেছত ৪-১ ব্যৱধানত পৰাজয় বৰণ কৰে। ভাৰতৰ অন্য এগৰাকী বক্সাৰ নিশান্ত দেৱে ৭১ কে.জি শাখাত প্ৰি-কোৱাৰ্টাৰ ৰাউণ্ডৰ মেচত ইকুৱেডৰ ৰচ ৰদ্ৰিগক ৩-২ ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল। কোৱাৰ্টাৰ ফাইনেলত মেক্সিকোৰ মাৰ্ক ভাদ্ৰেৰ বিৰুদ্ধে দুদ্দমৱনীয় খেল প্ৰদৰ্শিত কৰিও অৱশেষত ৪-১ ব্যৱধানত পৰাভূত হৈ পদক লাভৰ পৰা বঞ্চিত হৈছিল। আত্মবিশ্বাসেৰে তিনিটা ৰাউণ্ড সামৰা নিশান্তই দ্বিতীয় ৰাউণ্ডলৈকে সুন্দৰ খেল প্ৰদৰ্শনেৰে এক প্ৰকাৰ জয়লাভ নিশ্চিত কৰিও ৰেফাৰীৰ বিতৰ্কিত সিদ্ধান্তত অৱশেষত পৰাজয়ৰ মুখ দেখিব লগীয়া হয়।

মহিলাৰ ৫০ কেজি শাখাত নিখাত জাৰীনে প্ৰত্যাশিকভাৱে প্ৰথম ৰাউণ্ডত জাৰ্মানীৰ মেক্সি ক্লৱেটজাৰক ৫-০ ব্যৱধানত পৰাস্ত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল। কিন্তু প্ৰি কোৱাৰ্টাৰ ফাইনেলত চীনৰ ৱ ইউ বিৰুদ্ধে ৫-০ ব্যৱধানত পৰাজিত হৈ অলিম্পিকৰ পৰা বিদায় মাগিলে।

ইফালে মহিলাৰ পদকৰ অন্যতম দাবীদাৰ প্ৰীতি পাৱাৰে ৫৪ কেজি শাখাত ভিয়েটনামৰ ভো, থি কিমক ৫-০ ব্যৱধানত পৰাস্ত কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল। প্ৰি-কোৱাৰ্টাৰ ফাইনেলত কলম্বিয়াৰ য়েনি এৰিয়াছৰ বিৰুদ্ধে শাৰিৰীক অসুস্থতা স্বত্বেও তুমুল প্ৰতিদ্বন্দিতা আগবঢ়াই ৩-২ মেচৰ ব্যৱধানত পৰাজয় বৰণ কৰে।

ভাৰতৰ আন এগৰাকী মহিলা বক্সাৰ ৫৭ কেজি শাখাত জেছবিন লম্বৰিয়াই প্ৰথম ৰাউণ্ডতে ফিলিপাইনছৰ নেষ্টি পটেচিঅৰ বিৰুদ্ধে ৫-০ মেচৰ ব্যৱধানত পৰাজয় বৰণ কৰে।

একেৰাহে দ্বিতীয়বাৰৰ বাবে অলিম্পিক পদক জয় কৰি ইতিহাস গঢ়াৰ লক্ষ্যৰে অলিম্পিকত অৱতীৰ্ণ হৈছিল অসম কন্যা লাভলীনা বুঢ়াগোহাঁয়ে। মহিলাৰ ৭৫ কেজি শাখাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত তুলনামূলকভাৱে দুৰ্বল নৰৱেৰ চুনিভা হফষ্টাফক ৫-০ মেচৰ ব্যৱধানত প্ৰতাশিকভাৱে পৰাজিত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল। কিন্তু প্ৰেমৰ চহৰ পেৰিছে লাভলীনাক দুয়োহাতেৰে সাৱতি ললেও জয়লাভৰ দুৰ্লভ মুহুৰ্ত্তৰ পৰা বঞ্চিত কৰিলে। কোৱাৰ্টাৰ ফাইনেলৰ খেলত বিশ্বৰ শীৰ্ষ বাছনিৰ খেলুৱৈ অলিম্পিক পদক বিজয়ী চীনৰ লি কিয়ানৰ বিৰুদ্ধে ৪-১ মেচৰ ব্যৱধানত পৰাজয় বৰণ কৰে। যোৱা টকিঅ অলিম্পিকত লাভলীনা বুঢ়াগোহাঁয়ে ৬৯ কেজি শাখাত যোগদান কৰি ব্ৰঞ্জৰ পদক আজুৰি আনিছিল।

ইকুৱেষ্টীয়ানঃ এছিয়ান গেমছৰ দুটাকৈ পদক বিজয়ী ১৭ বছৰীয়া অনুশ আগৰৱালা পৰা দেশৰ ক্ৰীড়াপ্ৰেমীয়ে আশা কৰিছিল পেৰিছ অলিম্পিকৰ এটা পদক। ব্যক্তিগত ড্ৰেছেছ ইভেণ্টত নৱম স্থানত সামৰি প্ৰাৰম্ভিক ৰাউণ্ডতে বিদায় মাগিলে অনুজে।

গল্‌ফঃ গল্‌ফত ভাৰতৰ হৈ ৪ জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। পুৰুষৰ শাখাত প্ৰাক্তন এচিয়ান চেম্পিয়ন শুভাংকৰ শৰ্মা আৰু গগনজিৎ ভূল্লাৰে T- ৪০তম T- ৪৫ তম স্থানেৰে অলিম্পিক অভিযান সামৰে।

আনহাতে মহিলাৰ শাখাত অদিতি অশোক আৰু দীক্ষা দগৰে T-২৯ তম আৰু T-৪৯ তম স্থান লাভ কৰে।

হকীঃ অলিম্পিক খেলৰ ইতিহাসত হকীয়েই ভাৰতৰ গৌৰৱ, অহঙ্কাৰ আৰু পৰিচয়। হকী অবিহনে ভাৰতৰ অলিম্পিক ইতিহাস অসম্পূৰ্ণ। বৰ্ত্তমানলৈকে ভাৰতে ৮টা স্বৰ্ণ, এটা ৰূপ আৰু ৪টা ব্ৰঞ্জ পদকেৰে ১৩টা অলিম্পিক পদক আজুৰি আনিবলৈ সক্ষম হৈছে।

২০২৪ চনৰ পেৰিছ অলিম্পিকৰ গ্ৰুপ বিৰ প্ৰথমখন মেচত নিউজিলেণ্ডক ৩-২ ব্যৱধানত পৰাজয় কৰিছিল। ভাৰতৰ হৈ গ’ল স্কৰ কৰিছিল মনদীপ সিং, বিবেক সাগৰ আৰু হৰমনপ্ৰীত সিঙে। গ্ৰুপৰ দ্বিতীয়খন মেচত আৰ্জেণ্টিনাৰ বিৰুদ্ধে ১-১ গলত অমিমাংসিত হৈ ৰয়। এই মেচত ভাৰতৰ হৈ অধিনায়ক হৰমনপ্ৰীত গল স্কৰ কৰে। গ্ৰুপৰ তৃতীয়খন মেচত ভাৰতে সুন্দৰ প্ৰদৰ্শন ডাঙি ধৰি আয়াৰলেণ্ডৰ বিৰুদ্ধে ২-০ মেচত জয়লাভ কৰে। এইখন খেলত ভাৰতৰ হৈ দুয়োটা গ’ল স্কৰ কৰে হৰমনপ্ৰীত সিঙে। গ্ৰুপৰ চতুৰ্থ মেচত ভাৰতে বেলজিয়ামৰ বিৰুদ্ধে ২-১ মেচত পৰাজয় বৰণ কৰিবলগীয়া হয়। ভাৰতৰ হৈ অভিষেকে একমাত্ৰ গল স্কৰ কৰে। গ্ৰুপৰ অন্তিমখন মেচত সুদীৰ্ঘ ৫২ বছৰৰ পিছত অষ্টেলিয়াক দুৰ্দমনীয় প্ৰদৰ্শনেৰে ৩-২ মেচত পৰাজয় কৰি কোৱাৰ্টাৰ ফাইনেলত পথ প্ৰশস্ত কৰে। এইখন খেলত হৰমনপ্ৰীত সিঙে ২ টা আৰু অভিষেকে ১ গলেৰে ভাৰতক জয়লাভত অৰিহণা যোগাইছিল।

কোৱাৰ্টাৰ ফাইনেল খেলত ভাৰতে অনবদ্য দৃঢ়তা আৰু অসাধাৰণ খেল প্ৰদৰ্শন কৰি মাত্ৰ ১০ জন খেলুৱৈৰে গ্ৰেট বৃটেইনৰ লগত ১-১ গলৰ ব্যৱধানত অমিমাংসিত হোৱাত ট্ৰাই বেকাৰৰ জৰিয়তে ৪-২ ব্যৱধানত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে। ভাৰতৰ হৈ গ’ল স্কৰ কৰে হৰমনপ্ৰীত সিং, সুৰজিত, ললিত কুমাৰ আৰু ৰাজকুমাৰ  পালে।

৪৪ বছৰৰ বিৰতিৰ মূৰত অলিম্পিক হকীৰ স্বৰ্ণপদক ঘুৰাই অনাৰ সপোন ভাৰতৰ এইবাৰো অসমাপ্ত হৈ ৰ’ল। চেমি ফাইনেলত জাৰ্মানীয়ে দুৰ্দান্ত প্ৰদৰ্শনেৰে ৩-২ গলৰ ব্যৱধানত পৰাস্ত কৰি ফাইনেলৰ পথ ৰুদ্ধ কৰে। ভাৰতৰ হৈ গ’ল স্কৰ কৰে হৰমনপ্ৰীত সিঙ আৰু সুৰজিত সিঙে। খেলৰ ৩০ চেকেণ্ড বাকী থকা অৱস্থাত চমচেৰ সিঙে ভাৰতৰ হৈ সমতা স্থাপনৰ সুযোগ পায়ো সুযোগৰ সদব্যৱহাৰ কৰিব নোৱাৰিলে।

ব্ৰঞ্জৰ পদকৰ খেলত ভাৰতৰ পুৰুষ হকী দলটিয়ে স্পেইনক ২-১ ব্যৱধানত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক অক্ষুন্ন ৰাখে। ভাৰতৰ হৈ দুয়োটা গ’ল স্কৰ কৰে হৰমনপ্ৰীত সিঙে।

জুডোঃ পেৰিছ অলিম্পিকত জুডোৰ একমাত্ৰ প্ৰতিদ্বন্দী আছিল তুলিকা মান। মহিলাৰ ৭৮ কে.জি শাখাৰ প্ৰথম ৰাউণ্ডত অলিম্পিক পদক বিজয়ী কিউবাৰ ইলাচিচ আৰ্টিজৰ বিৰুদ্ধে মাত্ৰ ২৮ চেকেণ্ডত নক আউট হৈ পৰাজয় বৰণ কৰে।

 ৰয়িংঃ পেৰিছ অলিম্পিকত ৰয়িংৰ একমাত্ৰ খেলুৱৈ আছিল বলৰাজ পাৱাৰ। প্ৰথম বাৰৰ বাবে অলিম্পিকত ভাগ লোৱা ৰৱাৰ গৰাকীয়ে ২০০০ মিটাৰত চতুৰ্থ স্থান দখল কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল। পুৰুষৰ স্কালছ শাখাত ২৫ বছৰীয়া ৰৱাৰ গৰাকীয়ে ২৩তম স্থান দখল কৰি অলিম্পিক অভিযান সামৰে।

চেইলিংঃ চেইলিং শাখাত ভাৰতৰ হৈ নেত্ৰা কুমানন আৰু বিষ্ণু সৰ্বাননে প্ৰতিনিধিত্ব কৰিছিল। ২০২৩ চনৰ এচিয়ান গেমছৰ পদক বিজয়ী নেত্ৰা কুমাননে মহিলাৰ ডিংগি শাখাত ২৯তম স্থান আৰু পুৰুষ শাখাত বিষ্ণু সৰ্বানন্দে ১৮তম স্থান দখল কৰি কোৱাৰ্টাৰ ফাইনেল পৰ্য্যায়ৰ পৰাই বিদায় লয়।

শ্বুটিংঃ এইবাৰ স্বুটিংত ভাৰতৰ ২১ জনীয়া খেলুৱৈয়ে অংশ গ্ৰহণ কৰিছিল। এখন দেশে লাভ কৰা সৰ্বাধিক ১৬ শাখাই ভাৰতে লাভ কৰে শ্বুটিংত। টকিঅত চুড়ান্ত ব্যৰ্থতাৰ পিছত প্ৰতিগৰাকী শ্বুটাৰে দৃঢ় মানসিকতাৰে এইবাৰ অলিম্পিকত প্ৰতিদ্বন্দীতা আগবঢ়োৱা পৰিলক্ষিত হৈছে।

শ্বুটিংত ভাৰতৰ মিক্স ডাবোল শাখাত অৰ্জুন বাবুটা আৰু ৰমিতা জিন্দালৰ যুটী আৰু সন্দীপ সিং আৰু এলভেনিল ভালাৰিডাম এই দুই যুটীয়ে প্ৰথম ৰাউণ্ডতে ষষ্ঠ আৰু দ্বাদশ স্থান দখল লাভ কৰি প্ৰতিযোগীতাৰ প্ৰাৰম্ভিক ৰাউণ্ডৰ পৰাই বিদায় লয়।

শ্বুটিঙত ভাৰতৰ পুৰুষ শাখাৰ ১০ মিটাৰ এয়াৰ ৰাইফলত অৰ্জুত বাবুটাই ২০৮.৪ পইণ্ট লাভ কৰি ১.৪ পইণ্টৰ ব্যৱধানত ব্ৰঞ্জৰ পদকৰ পৰা বঞ্চিত হবলগীয়া হয়। আনহাতে পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফলচৰ ঐশ্বৰ্য্য প্ৰতাপ সিং, সৰবজিৎ সিং, অৰ্জুন চীমা পুৰুষৰ ২৫ মিটাৰ ৰেপিড ফায়াৰ পিষ্টলত আনিশ ভানৱাল, বিজয়বীৰ সিন্ধু, অনন্ত জিত সিং নাৰোকা প্ৰাৰম্ভিক ৰাউণ্ডতে বিদায় লয়। আনহাতে মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফলচত এলভেনিল ভালাৰিডাম, ৰমিতা জিন্দাল ৫০ মিটাৰ পজিছনত থ্ৰীত চিফট কৌৰ চামৰা, অঞ্জুম মুডগিল মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টলত ৰিডম চাংবান,  মহিলাৰ ২৫ মিটাৰ ৰেপিড ফায়াৰ পিষ্টলত ঈষা সিং, মহিলাৰ Îট্ৰপত ৰাজেশ্বৰী কুমাৰী, শ্ৰেয়াশী সিং, মহিলাৰ স্কিটত মাহেশ্বৰী চৌহান, ৰাইজা ধীলন প্ৰথম ৰাউণ্ডতে প্ৰতিযোগীতাৰ পৰা বিদায় লয়।

শ্বুটিংত ১০ মিটাৰ পিষ্টল মিক্সড লীগত অৰ্জুন সীমা আৰু ৰিডম চাংবানৰ যুটীটোৱে ১০ স্থানেৰে ফাইনেল ৰাউণ্ডত প্ৰৱেশৰ পৰা বঞ্চিত হবলগা হয়। ভাৰতৰ স্কিট মিক্স শাখাত অনন্ত জিৎ সিং নাৰোডা মাহেশ্বৰী চৌহানৰ যুটীটোৱে ব্ৰঞ্জৰ পদকৰ খেলত চীনৰ হাতত ৪৪-৪৩ পইণ্টত ব্যৱধানত ব্ৰঞ্জৰ পদকৰ পৰা বঞ্চিত হবলগা হয়।

৩ বছৰ আগেয়ে টকিঅই কন্দুৱাইছিল মনু ভাকেৰক কিন্তু এইবাৰ পেৰিছে দিলে সাফল্যৰ হাঁহি। এইবাৰ পিষ্টলে মনুক বিশ্বাসঘাটকতা নকৰিলে। ১০ মিটাৰ মহিলাৰ এয়াৰ পিষ্টলৰ শাখাত মনু ভাকৰে ২২১.৭ পইণ্টেৰে ৰূপৰ পদক জয় কৰি পেৰিছ অলিম্পিকে দিলে প্ৰথম পদক। মাত্ৰ ০.১ পইণ্টৰ বাবে মনুৱে হেৰুৱালে ৰূপৰ পদক।

তাৰ পিছত মাত্ৰ দুদিনৰ ব্যৱধানত পুনৰ ব্ৰঞ্জ জয়েৰে ইতিহাস ৰচিলে মনু ভাকেৰে। ১০ মিটাৰ এয়াৰ পিষ্টলত মিক্স ইভেণ্টত সৰবজিৎ সিং সিন্ধুৰ সৈতে লগ লাগি দক্ষিণ কোৰিয়াৰ দলটোক ১৬-১০ ব্যৱধানত পৰাভূত কৰি ব্ৰঞ্জৰ পদক লাভ কৰে। এখন অলিম্পিকত দুটা পদক লাভ কৰি প্ৰথম ভাৰতীয় হিচাবে মনু ভাকেৰে ক্ৰীড়া ইতিহাসত নিজৰ নাম লিপিবদ্ধ কৰে। স্বাধীনতাৰ পূৰ্বে নৰ্মান প্ৰিচাৰ্ডে একেখন অলিম্পিকত দুটাকৈ ৰূপৰ পদক দখল কৰাৰ কৃতিত্ব অৰ্জন কৰিছিল। ভাৰতৰ হৈ পদক লাভ কৰিলেও নৰ্মান প্ৰিচাৰ্ড আছিল এগৰাকী বৃ¿ট্ৰছ।

ভাৰতৰ হৈ শ্বুটিংত তৃতীয়টো পদক আজুৰি আনিছিল মহাৰাষ্ট্ৰৰ প্ৰতিভামান স্বুটাৰ স্বপ্নীল কুশালে। অভিষেক অলিম্পিকতে স্বপ্নীলে ৫০ মিটাৰ ৰাইফল থ্ৰিপজিছনত দুৰ্দান্ত প্ৰদৰ্শনেৰে তৃতীয় স্থান দখল কৰি ব্ৰঞ্জৰ পদক লাভ কৰে। মাত্ৰ ০-৪ পইণ্টৰ বাবে ৰূপৰ পদক হেৰুৱাব লগা হয় স্বপ্নীল। পৰাজয়ৰ গৰাহত পৰিও শীতল মস্তিস্কৰে ছাপ নিয়ন্ত্ৰন কৰিব পৰাটোৱেই আছিল স্বপ্নীলৰ সাফল্যৰ ৰসায়ন।

সাঁতোৰঃ এইবাৰ অলিম্পিকত দুগৰাকী সাতোৰবিদে দেশক প্ৰতিনিধিত্ব কৰিছিল। তেওঁলোক হৈছে শ্ৰীহৰি নটৰাজ আৰু ধিনিধি দেছিংঘু। পুৰুষৰ শাখাত শ্ৰীহৰিয়ে ১০০ মিটাৰ ব্ৰেকষ্টকত সামগ্ৰিকভাৱে ৩৩ সংখ্যক স্থান লাভ কৰে। আনহাতে, ১৪ বছৰীয়া ধিনিধিয়ে মহিলাৰ ২০০ মিটাৰ ফ্ৰি ষ্টাইল ইভেণ্টত সামগ্ৰিকভাৱে ২৩ সংখ্যক স্থানত থাকে।

টেবুল টেনিছঃ পুৰুষৰ ব্যক্তিগত শাখাত ভাৰতৰ অভিজ্ঞ খেলুৱৈ শৰৎ কমলে শ্লোভেনিয়াৰ প্ৰতিদ্বন্দীৰ হাতত প্ৰথম ৰাউণ্ডতে ৪-২ পৰাজয় বৰণ কৰি প্ৰতিযোগীতাৰ পৰা বিদায় লয়।

অন্য এজন খেলুৱৈ হৰমীত দেশায়ে জৰ্দানৰ বিৰুদ্ধে ৪-০মেছৰ ব্যৱধানত জয়লাভ কৰি দ্বিতীয়খন মেছত ফ্ৰান্সৰ বিৰুদ্ধে ৪-০ ব্যৱধানত পৰাজয় বৰণ কৰে।

পুৰুষৰ টেবুল টেনিছৰ দলীয় শাখাত ভাৰতৰ শৰথ কমল, হৰমীত দেশাই আৰু মানৱ থাক্কাৰৰ যুটীটো  চীনৰ হাতত ৩-০ ব্যৱধানত পৰাস্ত হৈ প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় মাগিলে।

মহিলাৰ ব্যক্তিগত শাখাত মণিকা বাট্ৰাই গ্ৰেট ব্ৰিটেইনৰ প্ৰতিদ্বন্দীক ৪-১ ব্যৱধানত, দ্বিতীয় মেছত ফ্ৰান্সৰ বিৰুদ্ধে ৪-০ মেচত জয়লাভ সাব্যস্ত কৰিছিল। কিন্তু কোৱাৰ্টাৰ ফাইনেলৰ মেচত জাপানৰ বিৰুদ্ধে ৪-১ ব্যৱধানত পৰাজিত হৈ প্ৰতিযোগীতাৰ পৰা বিদায় লয়।

আন এগৰাকী খেলুৱৈ স্পৃজা আকুলাই চুইজাৰলেণ্ডৰ প্ৰতিদ্বন্দীক ৪-০ ব্যৱধানত আৰু  দ্বিতীয়খন মেচত চিংগাপুৰৰ বিৰুদ্ধে ৪-২ মেচত ব্যৱধানত জয়লাভ কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল। কিন্তু কোৱাৰ্টাৰ ফাইনেলত চীনৰ বিৰুদ্ধে দুৰ্দান্ত প্ৰদৰ্শন কৰি ৪-০ ব্যৱধানত পৰাস্ত হৈ প্ৰতিযোগীতাৰ পৰা বিদায় লয়।

মহিলাৰ টেবুল টেনিছৰ দলীয় শাখাত ভাৰতৰ মণিকা বাট্ৰা, স্পৃজা আকুলা আৰু অৰ্চনা কামাথৰ যুটীটোৱে ৰোমানিয়াক ৩-০ মেছৰ ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল যদিও কোৱাৰ্টাৰ ফাইনেলত জাৰ্মানীৰ হাতত ৩-১ ব্যৱধানত পৰাজিত হৈ প্ৰতিযোগীতাৰ পৰা বিদায় লয়।

টেনিছঃ টেনিছ শাখাত ভাৰতে কোনো প্ৰত্যাহ্বানৰ সৃষ্টি নকৰাকৈ পেৰিছ অলিম্পিকৰ পৰা বিদায় মাগিলে। ব্যক্তিগত শাখাৰ একমাত্ৰ খেলুৱৈ সুমিত নাগালে ফ্ৰান্সৰ প্ৰতিদ্বন্দীৰ বিৰুদ্ধে  ৬-২, ২-৬, ৭-৫ ব্যৱধানত পৰাজিত হৈ প্ৰথম ৰাউণ্ডৰ পৰা বিদায় মাগিল।

ডাবোলছ শাখাত ভাৰতৰ ৰোহন বাপ্পানা আৰু শ্ৰীৰাম বালাজীয়ে ফ্ৰান্সৰ বিৰুদ্ধে ভাৱে ৭-৫, ৬-২ ছেটত পৰাজিত হৈ প্ৰতিযোগীতাৰ পৰা বিদায় মাগে।

মলযুদ্ধঃ মল্লযুদ্ধ ভাৰতৰ অন্যতম প্ৰাচীন খেল। ভাৰতত বৰ্ত্তমানেও অঞ্চল ভেদে আৰু লোক সংস্কৃতি অনুযায়ী বিভিন্ন প্ৰকাৰৰ মল্লযুদ্ধ বৰ্ত্তমানেও প্ৰচলিত হৈ আছে। মহাভাৰতৰ সময়ৰ পৰাই মল্লযুদ্ধই ভাৰতীয় সমাজ আৰু ক্ৰীড়া সংস্কৃতিত বিশিষ্ঠ স্থান অধিকাৰ কৰি আহিছে।মহাভাৰতৰ সময়ত কুন্তী পুত্ৰ ভীম সৰ্বশ্ৰেষ্ঠ মল্লযুজাৰু আছিল। বৰ্ত্তমানলৈ ভাৰতে ১ ৰূপসহ ৭টা ব্ৰঞ্জ পদকেৰে মল্লযুদ্ধত মুঠ ৮টা পদক লাভ কৰিবলৈ সক্ষম হৈছে।

অলিম্পিকত ভাৰতে ৫৩ কেজি শাখাত উদীয়মান মল্লযুজাৰু অন্তিম পাংগালৰ পৰা এটা পদক আশা কৰিছিল। কিন্তু সকলোকে নিৰাশ কৰি প্ৰথম ৰাউণ্ডত তুৰস্কৰ প্ৰতিদ্বন্দীৰ হাতত ১০-০ মেচৰ ব্যৱধানত পৰাজয় বৰণ কৰে। ভাৰতৰ অংশু মালিকে মহিলাৰ ৫৭ কেজি শাখাত আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ প্ৰতিদ্বন্দীৰ বিৰুদ্ধে প্ৰথম মেচত ৭-২ ব্যৱধানত পৰাজয় বৰণ কৰে। অন্য এগৰাকী খেলুৱৈ নিশা দহিয়াই মহিলাৰ ৬৮ কেজি শাখাত ইউক্ৰেইনৰ প্ৰতিদ্বন্দীৰ বিৰুদ্ধে ৬-৪ ব্যৱধানত জয়লাভ কৰিলেও কোৰিয়াৰ প্ৰতিদন্দীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিদন্দীতা আগবঢ়াই ১০-৮ ব্যৱধানত পৰাজয় বৰণ কৰে। আনহাতে মহিলাৰ ৭৬ কেজি শাখাত ৰিতিকা হুডা ই হাংগেৰীৰ প্ৰতিদ্বন্দীক ১২-২ ব্যৱধানত পৰাজয় কৰিলেও কোৱাটাৰ ফাইনেলত কাজাখিস্থানৰ প্ৰতিদ্বন্দীৰ বিৰুদ্ধে ১-১ ব্যৱধানত ড্ৰ খেলিও মল্লযুদ্ধৰ নিয়মৰ ভিত্তিত পৰাজয় বৰণ কৰিব লগীয়া হয়।

পেৰিছ অলিম্পিক এটা ৰঙীন সপোনৰ পৰিসমাপ্তি ঘটিল ডংগল কন্যা বিনেশ ফগাটৰ। স্বৰ্ণজয়ৰ এটা উজ্জ্বল আশা সৃষ্টি কৰিও নিয়তিৰ অদ্ভূত পৰিণতিত পদক লাভৰ আশা অসম্পূৰ্ণ হৈ ৰল বিনেশৰ। সৃষ্টি কৰ্ত্তাই ৰঙীন সপোনৰ গৌৰবৰ পৰা বঞ্চিত কৰিলে ভাৰতীয় ক্ৰীড়াপ্ৰেমীক। ৫০ কেজি শাখাত বিনেশে বিশ্বৰ শীৰ্ষ বাছনিৰ খেলুৱৈ আৰু অলিম্পিকৰ স্বৰ্ণজয়ী জাপানাৰ য়ুই চুচাকীক ৩-২ মেচত আৰু কোৱাৰ্টাৰ ফাইনেলত ইউক্ৰেইনৰ উকাদানা পিভাছক ৭-৫ মেচত আৰু ছেমি ফাইনেলত কিউৱাৰ যুছনেলিছ গুজামক ৫-০ ব্যৱধানত পৰাজিত কৰি বহু ইপ্সিত ফাইনেলত প্ৰবেশ কৰিছিল।কিন্তু ৰাতিপুৱাই আহিল সেই দুঃসহ খবৰটো। ওজনত ১০০ গ্ৰাম বৃদ্ধি হোৱাৰ বাবে ফাইনেল খেলাৰ পৰা অযোগ্য বুলি ঘোষণা কৰা হ’ল বিনেশক। কথাতে কয় দাতাই দিলেও বিধাতাই নিদিয়ে।’

অলিম্পিকত এইবাৰ মল্লযুদ্ধ তাৰকা হৈ ৰল আমন শ্বেৰাৱট। পুৰুষৰ ৫৭ কেজি শাখাত মেচিডনীয়াৰ ভ্লাডিমিৰ ইগৰভক ১০-০ আলবেনিয়াৰ জুলৰখান নাবাকৰডক ১২-০ মেচৰ ব্যৱধানত পৰাস্ত কৰি জাপানৰ ৰেই হিংগুছিৰ বিৰুদ্ধে ১০-০ মেচৰ ছেমি ফাইনেলত পৰাজয় বৰণ কৰে। ব্ৰঞ্জৰ পদকৰ খেলত পুৱেৰ্টৰিকৰ ডাৰিয়ান ক্ৰাৰ্জক ১৩-৫ ব্যৱধানত পৰাজিত কৰি ব্ৰঞ্জৰ পদক লাভ কৰে।

২০২৪ চনৰ পেৰিচ অলিম্পিকত ১৪০ কোটি জনসংখ্যাৰ বিশাল দেশখনে মাত্ৰ ৬টা পদকেৰে হতাশজনক ছবি প্ৰদৰ্শন কৰি ব্যৰ্থতাৰ অন্য এক পৰিচয় দাঙি ধৰিলে। এইবোৰ ভাৰতীয় ক্ৰীড়াপ্ৰেমীয়ে  এথলীটসকলৰ প্ৰদৰ্শনলৈ চাই অন্তত ১০টাত কৈ অধিক পদক পাব বুলি আশা কৰিছিল। ২০২০ চনৰ টকিঅ অলিম্পিকত পোৱা ৭ পদকেই আছিল সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন। শ্বুটিং, আৰ্চাৰী, বেডমিণ্টন, ভাৰোত্তলন, মল্লযুদ্ধ আদিত বিশ্ব পৰ্য্যায়ৰ প্ৰতিযোগীতাত আমি সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰি আহিলেও যেতিয়াই অলিম্পিকৰ প্ৰশ্ন আহে তেতিয়াই আমি লক্ষ্যভ্ৰষ্ট হৈ পৰো। আমেৰিকা, চীন, জাপান, দক্ষিণ কোৰিয়া, ইংলেণ্ড, অষ্ট্ৰেলিয়াৰ লগত যেতিয়া আমি পদকৰ তুলনা কৰো তেতিয়া ক্ৰীড়াক্ষেত্ৰৰ পুতৌলগা প্ৰতিচ্ছবিখন আমাৰ সন্মুখত কৰুণ ৰূপত ভাঁহি আহে।

সৌ সিদিনালৈকে হকীয়েই আছিল ভাৰতৰ অলিম্পিক। অন্য বিভাগৰ খেলুৱৈক নিয়া হৈছিল বিদেশ ভ্ৰমণৰ উদ্দেশ্যৰেই। খেলুৱৈৰ সংখ্যা যিমান আছিল তাতকৈ অধিক আছিল প্ৰশাসনিক বিষয়াৰ পৰিয়ালবৰ্গ। ২০০৪ চনত অলিম্পিকত ৰাজ্যবৰ্দ্ধন সিং ৰাথোড়ে শ্বুটিংত পদক জয় কৰাৰ মুহুৰ্ত্তত ভাৰতীয় দলৰ মেনেজাৰ আছিল গ্ৰীচৰ সৌন্দৰ্য্য উপভোগত। এয়াই আমাৰ দুৰ্ভাগ্য। পৰৱৰ্ত্তী সময়ত অলিম্পিক পদক বিজয়ী ৰাজ্যবৰ্দ্ধন সিং ৰাথোড়ে দেশৰ ক্ৰীড়ামন্ত্ৰী হোৱাত ভাৰতীয় খেল জগতলৈ আহিছিল আশাৰ ৰেঙনি। খেলুৱৈ অৱস্থাত ৰাথোড়ে দেখা অবিচাৰ আৰু অব্যৱস্থাৰ অৱসান আনি এখন নতুন ভাৰত গঢ়াৰ সপোন দেখিছিল। আন্তজাৰ্তিক পৰ্য্যায়ত পদক জিকিবলৈ নিয়মৰ সলনি নহলে ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰৰ ভৱিষ্যৎ অন্ধকাৰ। প্ৰশাসনিক বিষয়াৰ হাতৰ মুঠিত থকা ক্ৰীড়া ক্ষেত্ৰক উদ্ধাৰ কৰাৰ মানসেৰে আৰম্ভণিৰ পৰাই ৰাথোড়ে আৰম্ভ কৰিছিল সংগ্ৰাম। প্ৰথমতে প্ৰতিটো খোজত উজতি খালেও সফল হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোড়ীৰ ছত্ৰছায়াত। দুয়োৰে চিন্তাৰ ফচল ‘খেলো ইণ্ডিয়া’। যিটো কাম ৫০ বছৰ আগতে দেশত হব লাগিছিল সেয়া হলগৈ ২০১৮ চনত। ‘খেলো ইণ্ডিয়া’আগমনৰ লগে লগে খেল ধেমালি গুছি হলগৈ ‘কেৰিয়াৰ আৰু চিৰিয়াচ’।

আজি ১৪০ কোটি জনতাৰ দেশ ভাৰতবৰ্ষই একোজন অভিনৱ বিন্দ্ৰা, নীৰজ চোপ্ৰাৰ সন্ধানত পাৰ কৰে বহু উজাগৰী নিশাৰ পৰিকল্পনা। দেশৰ খেলুৱৈ সকলেও বাৰ মাহে তেৰটা পূজা উদ্‌যাপনৰ দৰে ইখনৰ পিছত সিখন আন্ত্ৰৰাষ্ট্ৰীয় প্ৰতিযোগীতাত অংশগ্ৰহণ কৰি নিজকে অধিক পাৰদৰ্শী হব বিচাৰে। দেশখনৰ ক্ৰীড়া মন্ত্ৰালয়েই খেলুৱৈসকলক বিশ্বৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈ সকলৰ মাজত চিনাকী কৰি দিয়াৰ মানসিকতাৰে কোটি কোটি টকা খৰচ কৰি প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। তথাপিও বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ক্ৰীড়া অলিম্পিকত আমি বাৰে বাৰে ব্যৰ্থতাৰ পৰিচয় দি আহিছো। এতিয়াওঁ ক্ৰীড়া সংগঠন আৰু প্ৰশিক্ষক সকলে বিচাৰি পোৱা নাই সাফল্যৰ ছাবিকাঠি। সম্ভৱত স্কুল পৰ্য্যায়ৰ পৰাই ক্ৰীড়া সংস্কৃতি গঢ়ি তুলিব লাগিব। একেবাৰে ছাত্ৰ অৱস্থাৰ পৰাই খেলুৱৈক অত্যাধুনিক সা-সুবিধাৰ প্ৰশিক্ষণ নিদিলে অলিম্পিক পৰ্য্যায়ত কেতিয়াও ভাল ফল দেখুৱাব নোৱাৰিব। অলিম্পিকৰ দৰে বিশ্বৰ শীৰ্ষ ক্ৰীড়া প্ৰতিযোগীতাত জয় লাভ কৰিবৰ বাবে একাগ্ৰতা, সাহস, কষ্টসহিষ্ণুতা, নিয়মানুবৰ্তিতা, কঠোৰ অধ্যৱসায় আৰু গুণৰ অধিকাৰী হ’ব লাগিব। ভাৰতৰ জেভলিনত টকিঅৰ স্বৰ্ণ বিজয়ী নীৰজ চোপ্ৰাই কৈছিল— “My life became occupied with only one couple of things, go to the stadium and practice, came back home, eat and then go back to training”. একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমেই আছিল নীৰজ চোপ্ৰাৰ সাফল্য ৰসায়ন, লগতে লাগিব নিজকে সৰ্বশ্ৰেষ্ঠ হিচাপে প্ৰতিষ্ঠা কৰাৰ দুৰ্বাৰ বাসনা। বিশ্ববিখ্যাত অলিম্পিক পদক জয়ী Daley Thompson ৰ ভাষাত কওঁ “In sports if you want to be best you have to be complete against the best”.

লেখকঃ ধৰ্ম কান্ত মিলি (Dharma Kant Mili)

Related Articles