Durga Puja। আধ্যাত্মিক পৰিৱেশত দেৱী বন্দনাৰে মুখৰিত দক্ষিণ কামৰূপৰ শক্তিপীঠ

ছয়গাঁৱ, ১২ অক্টোবৰ :Durga Puja।  সমগ্ৰ ৰাজ্যৰ লগতে দক্ষিণ কামৰূপৰ পলাশবাৰী বিধানসভা সমষ্টিৰ প্ৰায় কেবাশতাধিক পূজা মণ্ডপত আজি চাৰিটাকৈ দিন দেৱী বন্দনাৰে মুখৰিত হৈ পৰিল ।হেজাৰ হেজাৰ ভক্তৰ দেৱী আৰাধনাৰ কোলাহলত বুৰ গ’ল শক্তিপীঠ সমূহৰ লগতে দুৰ্গোৎসৱৰ স্থান সমূহ।

ৰজা শিৱসিংহৰ দিনৰে পৰা প্ৰায় তিনিশ বছৰ অতিক্ৰম কৰা ঐতিহ্যমণ্ডিত মা চণ্ডিকা দেৱালয়ত পূজাত বিৰদি বাট নপোৱা অৱস্থা, দক্ষিণ কামৰূপৰ আন এখন উল্লেখযোগ্য শক্তিপীঠ মা বাঘেশ্বৰী আঞ্চলিক শাৰদীয় দুৰ্গোৎসৱত ও অগণন ভক্তৰ সমাগম। ছয়গাঁও, ছয়গাঁও বজাৰ, ঢেকেনাবড়ী, গিৰি গোৱৰ্ধন , কুকুৰমাৰা, ৰামপুৰ ,সাতপখলী, বাটৰহাট, উপৰহালী, সাতপাৰা, মিৰ্জা, পলাশবাৰী, সদিলাপুৰ আঞ্চলিক শাৰদীয় দুৰ্গোৎসৱ, ঝাৰোৱৰী, বৰটাৰী ,ধলীপাৰ মকাধোজ, গড়ল তালুক,ৰঙামাটি দুধকুৱঁৰী পীঠ আদিৰ পূজাস্থলী সমূহতো অজশ্ৰ ভক্তৰ সমাগম দেখিবলৈ পোৱা যায়।আনহাতে আজি বিজয়া দশমীৰ দিনা কুকুৰমাৰা কলহী নদীত ঐতিহ্যমণ্ডিত নাওঁখেল অনুষ্ঠিত হব বুলি জানিব পৰা গৈছে ।

Related Articles