১২ অক্টোৱৰ, গুৱাহাটী:Sankardev। শঙ্কৰদেৱৰ জন্মজয়ন্তী এটি আলোকপাত
” শ্ৰীমন্ত শঙ্কৰ হৰি ভকতৰ
জানা যেন কল্পতৰু ।
তাহান্ত বিনাই নাহি নাহি নাহি
আমাৰ পৰম গুৰু ।।”
অসমৰ অতুলনীয় প্ৰতিভাৰ, সৰ্ববশ্ৰেষ্ঠ মহাপুৰুষজনেই হ’ল শ্ৰীমন্ত শঙ্কৰদেৱ । তেওঁ ১৩৭১ শকৰ অৰ্থাৎ ১৪৪৯ খৃষ্টাব্দত আহিন মাহৰ শুক্লা – দশমীৰ তিথিত নগাঁও জিলাৰ আলিপুখুৰী নামৰ ঠাইত জন্মগ্ৰহণ কৰিছিল । তেওঁ পিতৃ নাম আছিল কুসুম্বৰ ভূঞা আৰু মাতৃ নাম আছিল সত্য সন্ধ্যা । সৰুতেই পিতৃ – মাতৃক হেৰুৱাই বুঢ়ীমাক খেৰসূতী হাততেই ডাঙৰ – দীঘল হৈছিল ।
শঙ্কৰদেৱে ১২ বছৰ বয়সতহে শিক্ষা জীৱন আৰম্ভ কৰিছিল । বুঢ়ীমাক খেৰসূতীয়ে মহেন্দ্ৰ কন্দলীৰ টোলত নাম লগাই দিছিল । শঙ্কৰদেৱ বৰ মেধাৱী ছাত্ৰ আছিল । তেওঁ অতি কম দিনৰ ভিতৰতেই আ – কাৰ , ই-কাৰ নোহোৱাকৈ এটা কবিতা ৰচনা কৰিছিল । সেইয়া হ’ল –
কৰতল কমল কমলদল নয়ন ।
ভৱদৱ দহন গহন বন শয়ন ।
তেওঁ অতি কম সময়তে চাৰিবেদ , ওঠৰ পুৰান আৰু চৈধ্য – শাস্ত্ৰ পঢ়ি পাণ্ডিত্যৰ পৰিচয় দিছিল ।
আনহাতে শঙ্কৰদেৱে দুগৰাকী তিৰোতাৰ বিবাহ পাশত আবদ্ধ হৈছিল । তেওঁ প্ৰথমা পত্নী নাম আছিল সূৰ্য্যৱতী । তেওঁ এটি কণ্যা সন্তান জন্ম দি অকাল বিয়োগ ঘটে । কণ্যা সন্তানটি নাম আছিল মনু । প্ৰথমা পত্নী বিয়োগৰ পিছত বুঢ়ীমাকৰ কথাত লাগি দ্বিতীয়া পত্নী কালিন্দী আইৰ লগত বিবাহ পাশত আবদ্ধ হয় । তাৰ পিছত তেওঁ একশৰন নাম ধৰ্ম প্ৰচাৰ কৰিছিল । তেওঁৰ জীৱনৰ কীৰ্তিস্তম্ভ স্বৰূপ আছিল কীৰ্তন ঘোষা । তেওঁ বৰগীতো ৰচনা কৰিছিল । তেওঁৰ বৰগীতৰ সংখ্যা আছিল ৩৪ টা । তেওঁৰ প্ৰথম বৰগীতটো আছিল ” মন মেৰী ৰাম চৰনহি লাগু ” । অন্যহাতে তেওঁৰ প্ৰিয় শিষ্য মহাপুৰুষ মাধৱদেৱৰ বৰগীতৰ সংখ্যা গুৰুজনাতকৈ বেছি আছিল । বৰগীতৰ সংখ্যা আছিল ১৫৭ টা । শঙ্কৰদেৱ কেৱল এজন ধৰ্মগুৰুৱেই নাছিল , তেওঁ অসমীয়া সাহিত্য সংস্কৃতিৰ এজন বৰেণ্য ব্যক্তিও আছিল । তেওঁ কাব্য , নাটক , অনুবাদ, গীত , নাম – প্ৰসঙ্গ আদিও ৰচনা কৰিছিল । তেওঁৰ কাব্য পুথিখনৰ নাম আছিল হৰিশ্চন্দ্ৰ উপাখ্যান । নাটককেইখন হ’ল – পত্নীপ্ৰসাদ , ৰুক্মিণীহৰন , পাৰিজাত হৰন , কেলিগোপাল , কালিয় দমন আৰু ৰাম বিজয় ।
আনহাতে সত্ৰ আৰু নামঘৰ প্ৰতিষ্ঠা কৰি গুৰুজনাই অসমীয়া সমাজক একতাৰ ডোলেৰে মেৰাই গৈছে । এইজনা মহাপুৰুষে প্ৰায় ১২০ বছৰ জীয়াই থাকি ১৫৬৮ খৃষ্টাব্দত কোঁচবিহাৰৰ মধূপুৰ সত্ৰত ইহলীলা সম্বৰন কৰে । গুৰুজনা হৈছে জাতিৰ পৰম সম্পদ । এই গুৰুজনাৰ জন্মজয়ন্তী উপলক্ষে প্ৰত্যেক বছৰে সত্ৰ , নামঘৰত শঙ্কৰ উৎসৱ পালন কৰা হয় ।
লেখকঃ বুলবুলি বৰা (Bulbuli borah)