১২ অক্টোৱৰ, গুৱাহাটী: Sankardeva, religious saint : ষ্টকহম বিশ্ববিদ্যালয়, ছুইডেনৰ অধ্যাপক ড° উইলিয়াম লিয়নার্ড স্মিথে বিশ্ব সন্মিলনত কোৱা ‘বিশ্বৰ পণ্ডিতমণ্ডলীয়ে শংকৰদেৱৰ বিচিত্র ৰচনাসমূহ অধ্যয়ন কৰা উচিত। তাৰ বাবে তেৰাৰ সমগ্ৰ ৰচনাৰাজি ইংৰাজীলৈ অনুবাদ হোৱা বাঞ্ছনীয়। সমগ্ৰ বিশ্বতহে নালাগে, ভাৰতৰ ভিতৰতে এইগৰাকী মহান মনীষীৰ বিষয়ে এতিয়াও ভালদৰে প্ৰচাৰ হোৱা নাই।’ এই কথাষাৰ নিঃসন্দেহে গুৰুত্বপূর্ণ। মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ সৃষ্ট ধর্ম-কর্ম সম্পর্কত যে অসমভূমিত আলোচনা হোৱাই নাই তেনেও নহয়, বৰং লক্ষ্মীনাথ বেজবৰুৱা, ড° বাণীকান্ত কাকতি, ডিম্বেশ্বৰ নেওগ, ড° মহেশ্বৰ নেওগ, ড° সত্যেন্দ্র নাথ শর্মা, ড° হীৰেন গোঁহাই, সোণাৰাম চুতীয়া, ড° হৰিনাথ শৰ্মা দলৈ, ড° শিৱনাথ বর্মন, অনিল ৰায় চৌধুৰী আদি বিশিষ্ট পণ্ডিতসকলে বিভিন্ন দৃষ্টিকোণৰ পৰা শংকৰদেৱ সৃষ্ট ধর্ম-কৰ্মৰ পৰ্যালোচনা আৰু মূল্যাংকন কৰিছে।
অৱশ্যে ইয়াকেই পর্যাপ্ত বুলি সন্তুষ্টি লভিব নালাগে। শেহতীয়াভাৱে শংকৰদেৱৰ ৰচনাৰ মৌলিকতা সন্দৰ্ভত বিচাৰ-বিতৰ্কৰ উদ্ভৱ হৈছে যদিও একেষাৰে ক’ব পাৰি যে শংকৰদেৱৰ মানৱতাবাদী দর্শনক কোনো বিবেকবানেই অস্বীকাৰ কৰিব নোৱাৰে। প্ৰসংগক্রমে উল্লেখ কৰা ভাল যে ‘ব্রাহ্মণৰ চণ্ডালৰ নিবিচাৰি কূল/দাতাত চোৰত যেন দৃষ্টি এক তুল।।’ বুলি কোৱা এইজনা মহাপুৰুষে সাধাৰণ লোকৰ অন্তৰ চুব পৰা ভাষা আয়ত্ত কৰিছিল। তেৰাৰ সমসাময়িক সর্বোত্তম চিন্তাৰ স্তৰলৈ জনগণক উন্নীত কৰিব বিচাৰি যি সৃষ্টিৰ উপহাৰ তেৰাই দি থৈ গ’ল তাতেই অধ্যয়নৰ বিস্তৃতি, ভৱিষ্য-দৰ্শন, আদৰ্শ আদিৰ উমান পাব পৰি।
দুখৰ বিষয় একাংশ সামাজিকে তেৰাৰ অন্যান্য সৃষ্টি- কৰ্ম বাদ দি একমাত্ৰ ধর্মগুৰুৰূপে, সিয়ো অত্যধিক গোড়ামিৰে, প্ৰতিষ্ঠা কৰিব বিচাৰিছে আৰু ইয়াৰ ফলস্বৰূপে এইজনা ধর্মগুৰু, সমাজ সংস্কাৰক, বিখ্যাত কবি-সাহিত্যিকক লৈ ন ন বিতৰ্ক আৰু সন্দেহ-সংশয়ৰ সৃষ্টি হৈ আহিছে। ইয়াতে ক্ষুন্ন হৈয়েই হওক অথবা অন্য কাৰণেই হওক অন্য একাংশই কিছু টুলুঙা যুক্তিৰে শংকৰদেৱৰ ৰচনা মৌলিকতাবিহীন বুলিয়েই প্ৰতিপন্ন কৰিব খোজে। এই যুক্তি যে অসাৰ তাক বুজিবলৈ আমি ড° থানেশ্বৰ শৰ্মাই ‘পাৰিজাত হৰণ’ সম্পৰ্কত আগবঢ়োৱা সামান্য ব্যাখ্যা তুলি ধৰাটোৱেই যথেষ্ট বুলি অনুভৱ কৰিছোঁ। ‘পাৰিজাত হৰণ’ নাট সম্পর্কত ড° শর্মাই লিখিছে- ‘পাৰিজাত হৰণ’ৰ মূলোৎস হৰিবংশৰ ওপৰত আধৃত। হৰিবংশৰ মাত্ৰ চাৰিটা শ্লোকতে পাৰিজাত মহাদ্ৰুমৰ বৰ্ণনা দিয়া হৈছে। প্ৰাগজ্যোতিষপুৰৰ অধিপতি নৰকক বধ কৰি সত্যভমা সহিতে ইন্দ্ৰপুৰীলৈ গৈ ইন্দ্ৰক দেখা কৰি দ্বাৰাকালৈ ওভতাৰ পথত কৃষ্ণই পাৰিজাত মহাদ্রুম দেখি বিনা সোধে উভালি গৰুড়ৰ ওপৰত তুলিলে। তাত ইন্দ্র বা শচীয়ে হকা-বধা কৰাৰ স্থল নাথাকিল।
এই সামান্য ঘটনাটোকে ভেটি কৰি শংকৰদেৱে পাৰিজাত হৰণ নাট ৰচনা কৰিছে। নাৰদে স্বৰ্গৰ পৰা পাৰিজাত এপাহ আনি কৃষ্ণক দিয়া, কৃষ্ণই লৈ সেইপাহ ফুল ৰুক্মিনীক উপহাৰ দিয়া, নাৰদে তাকে গৈ সত্যভমাক জনোৱা, সত্যভমাই ৰোহত পৰা, সত্যভমাক লৈ কৃষ্ণই প্রাগজ্যোতিষপুৰলৈ গৈ নৰকক বধ কৰা, পাৰিজাত হৰণ কৰাৰ বাবে ইন্দ্ৰ আৰু কৃষ্ণৰ যুঁজবাগৰ, সত্যভমা আৰু শচীৰ দ্বন্দ্ব আদি ঘটনা প্রবাহে নাটখনৰ মৌলিকতা সাব্যস্ত কৰে।’ বৰগীতসমূহে, শৰৎ বর্ণনাৰ দৰে কাব্যিক অভিব্যক্তিয়ে শংকৰদেৱৰ মৌলিকতা জলজলপটপটকৈ প্রকাশ কৰে। ‘কুলাচল বধ’ কাব্যত ৰাম সৰস্বতীয়ে কোৱা ‘শ্রীমন্ত শংকৰ আপুনি ঈশ্বৰ নৰৰূপে জাত ভৈলা’ এই বক্তব্য মানি নল’লেও স্বীকাৰ কৰিবই লাগিব যে শংকৰদেৱৰ দৰে বহুমুখী প্রতিভাধৰ ব্যক্তি অসম কিম্বা ভাৰতবৰ্ষতেই নহয়, বিশ্বতেই বিৰল। (Ekasarana Dharma)
শংকৰদেৱৰ সমকক্ষ দার্শনিক, শাস্ত্ৰজ্ঞ, শিল্পী, ধর্ম প্ৰচাৰক, সংস্কাৰক, পর্যটক, সাহিত্যিক আদিৰ যে জন্ম হোৱা নাই তেনে নিশ্চয় নহয়, কিন্তু এজন ব্যক্তিৰ প্ৰতিভাৰ, সেয়ো আটাইকেইটা দিশতে সু-সংমিশ্রণ ঘটাটো শংকৰদেৱৰ বাহিৰে দ্বিতীয় এগৰাকী চকুত নপৰে। শংকৰদেৱৰ প্ৰতিভা আৰু ব্যক্তিত্বত বিস্ময়াভিভূত হৈয়েই তেৰাৰ প্ৰিয়জন মাধৱদেৱে যথাযোগ্যভাৱে ‘সর্বাগুণাকৰ’ বুলি বিভূষিত কৰিছে। অশান্তি জৰ্জৰিত তাহানিৰ অসমভূমিত জন্ম হোৱা এই বিশাল ব্যক্তিত্বই জাত-কুলৰ অৱসান ঘটাবলৈয়ে সাম্যৰ বাণী, যি কাব্যিক গুণেৰেও আটিল, ‘ক্কুকুৰ শৃগাল গর্দভৰো আত্মাৰাম। জানিয়া সবাকো পৰি কৰিবা প্রণাম।।’ প্রকাশ কৰিছিল। এনে হেন এক মহামানৱৰ প্ৰসংগত গণতান্ত্রিক চিন্তা-চেতনা তিৰোহিত হৈ সংকীর্ণতা-বিভেদ-বিচ্ছিন্নতা উকমুকাই উঠাটো চিন্তনীয় আৰু আলোচ্য বিষয়। খোৱা-বোৱা, অশৌচ পালন কৰা-নকৰা, চুলি কটা-নকটা, মূৰ্ত্তিপূজা চোৱা-নোচোৱা আদি বিবাদত মত্ত হৈ থকাতকৈ তেৰাৰ সৃষ্টি কৰ্মৰ প্ৰতিটো দিশেই বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে বিচাৰ কৰিলেহে বোধহয় গুৰুজনা উজ্জ্বল ৰূপত বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হ’ব আৰু তেৰাৰ আদৰ্শ সঁচা অৰ্থত বাস্তৱত ৰূপায়িত হ’ব।
তেৰাৰ সৃষ্টিৰ ব্যঞ্জনা উদ্ধাৰত মনোনিবেশ কৰাৰ বিপৰীতে বক্তব্যৰ বৈপৰীত্য বিচাৰ কৰাটো কোনোৱে কামনা নকৰে। সামান্য ত্রুটি-বিচ্যুতি বাদ দিলে, শংকৰদেৱৰ বক্তব্য অতি স্পষ্ট, নির্ভাঁজ অথচ অলংকাৰপূৰ্ণ। যথা- একশৰণ ভাগৱতী ধৰ্মৰ মূল শিক্ষা- ‘পৰৰ ধৰ্মক নিহিংসিবা কদাচিত। কৰিবা ভূতক দায়া সকৰুণ চিত।। হইবা শান্ত চিত্ত সর্বধর্মত বৎসল। এহি ভাগৱতৰ ধর্ম জানা মহাবল।।(Animal sacrifice)
শেষত ক’ব পাৰি- শংকৰদেৱ সৃষ্ট ধৰ্ম-কর্ম সকলোৱেই আছিল সু-চিন্তিত আৰু সত্য আধাৰিত। তেৰাই সত্য প্রতিষ্ঠা কৰিব লগা হৈছিল আধ্যাত্মিকভাৱে দৰিদ্ৰ এখন সমাজত। স্বাভাৱিকতে জাতি-ধর্ম-ভাষাৰ বৈচিত্র্য থকা সমাজ এখনত সংহতি প্রতিষ্ঠাত শংকৰদেৱ কিছু সমস্যাৰ সন্মুখীন হৈছিল। ইতিহাসেয়ো কয়- ইমানবোৰ বাধা সত্বেও শংকৰদেৱ নিজ প্রতিভাৰ গুণতে সফল হৈছিল। আমাৰ ব্যক্তিগত অভিমতঃ কিছুমান লাভ নোহোৱা বিতর্কত লিপ্ত হোৱাতকৈ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজিক সেই সময়ৰ সমাজ ব্যৱস্থা সাপেক্ষে আলোচনা কৰা ভাল। তদুপৰি নাম-ধৰ্মৰ ক্ষেত্ৰত মাধৱদেৱৰ ‘শংকৰেসে শুদ্ধমত ঈশ্বৰ ভক্তিৰ তত্ত্ব/প্রচাৰিলা শাস্ত্ৰসাৰ জানি। তাহাংক নজানয় জীৱিকাৰ অর্থে ঘূৰে। আপোনাৰ মহত্ত্ব বখানি।।’ এই অনুভৱক অনুকৰণীয় আৰু শ্রেষ্ঠ জ্ঞান কৰা ভাল।social reformer
সুভাষ বৰ্মন(Subhash Burman)