১২ অক্টোৱৰ, গুৱাহাটী: Festivals and Worship । উৎসৱ-পূজাৰ আধ্যাত্মিকতা আৰু উদ্ভট আচৰণ এতিয়া উৎসৱৰ বতৰ। মানুহৰ মন প্ৰফুল্লিত হৈ থকাৰ বতৰ। এই বতৰ বছৰত এবাৰহে আহে। এই সময়ছোৱা বা ঋতুক নামকৰণ কৰা হৈছে শৰৎ। এই শৰতৰ নিৰ্মল বতৰত প্ৰকৃতি আৰু মানুহে নিজা ধৰণে যেন এক উৎসৱ হিচাপে পালন কৰে। যিহেতু উৎসৱৰ স’তে¸ মানৱ সমাজৰ এক সম্পৰ্ক থাকে সেয়ে ভিন্ ভিন্ ঠাইত ভিন্ ভিন্ জনসমাজে নিজা নিজা বিশ্বাস আৰু পৰম্পৰাক ভিত্তি কৰি উৎসৱ উদ্যাপন কৰি আহিছে।
আমাৰ দেশত ৰাজ্য ভেদে বেলেগ বেলেগ সময়ত নিজা নিজা মূল উৎসৱ পালন কৰি আহিছে। এই উৎসৱসমূহৰ স’তে এক আধ্যাত্মিক দিশ জড়িত থাকে। ইয়াৰ পৰা ফালৰি কাটিলেই উৎসৱে নিজৰ মৰ্যাদা হেৰুৱাই পেলায়। তদুপৰি এই উৎসৱবোৰে এখিনি জনসমষ্টিৰ চিনাকি প্ৰদান কৰে। লগতে চিনাকি দিয়ে ধৰ্মৰ দিশেৰেও। কিন্তু আধ্যাত্মিকতাৰ স’তে জড়িত এই উৎসৱবোৰৰ লগত আজিৰ তাৰিখত আধ্যাত্মিকতা যেন ‘নোহোৱা’ হৈ পৰি ব্যৱসায়লৈ পৰ্যৱসিত হৈছে অথবা একাংশ ভক্তৰ উদ্ভট আচৰণ প্ৰদৰ্শনৰ এক উৎসৱতহে পৰিণত হৈ পৰিছে।(spirituality)
আমাৰ দেশৰ প্ৰায়বোৰ ৰাজ্যতে শৰৎ কালত উদ্যাপিত হোৱা বিভিন্ন উৎসৱৰ ভিতৰত এটি প্ৰধান উৎসৱ হৈছে দুৰ্গোৎসৱ। অসুৰ বা দুষ্ট শক্তিৰ বধৰ বাবে দেৱতাসকলৰ দ্বাৰা সৃষ্ট দেৱী দুৰ্গাৰ আগমন আৰু প্ৰস্থানৰ এই মাজৰ সময়ছোৱাকে শাৰদীয় দুৰ্গোৎসৱ বুলি জনা যায়। এই সময়ছোৱাৰ ভিতৰত দেৱী দুৰ্গাই আগমন কৰা দিনটো হৈছে ‘মহালয়া’। তদুপৰি এই দিনটোত পৰলোকগামী অৰ্থাৎ মৃত লোকে পৰিয়ালৰ পূজা ল’বলৈ ধৰালৈ আহে বুলিও বিশ্বাস প্ৰচলিত হৈ আহিছে।
যিয়েই নহওক এই বিশ্বাস অনুসৰি ভক্তই আধ্যাত্মিকতাৰে পালিব লাগে যদিও এই দিনটোত যিধৰণে পালন কৰা পৰিলক্ষিত হৈছে তাৰ দ্বাৰা ‘দিন’টোৰ বৈশিষ্ট্যত কালিমাহে সানিছে বুলি সৰ্বত্ৰে আলোচিত হৈছে। ‘মহালয়া’ৰ দিনটো আৰম্ভ হোৱা (নিশা বাৰ বজা)ৰ পৰা আৰম্ভ কৰি পুৱাৰ ভাগলৈকে হেজাৰ হেজাৰ ভক্তই বিভিন্ন স্থানত যিদৰে ডি জে বজাই উদ্দাম নৃত্য প্ৰদৰ্শন কৰি উদ্ভট আচৰণ কৰিছে সেয়া কোনোপধ্যেই মহালয়াৰ আধ্যাত্মিকতা বুলি ক’ব নোৱাৰি।(community)
তদুপৰি যিগৰাকী দেৱী দুৰ্গাই দেৱ-দেৱতাৰ হৈ ব্ৰহ্মাই বৰ দিয়া মহিষাসুৰক বধ কৰিবলৈ শক্তি আৰু শৰীৰ লাভ কৰিছিল সেই দুৰ্গাদেৱীৰ মূৰ্তিক আদৰা আৰু বিসৰ্জনৰ বাবে যি পদ্ধতি ব্যৱহাৰ কৰিব লাগে সেয়া দুৰ্লভ। বিপৰীতে বিসৰ্জনৰ দিনটো কেৱল ‘দেৱী দুৰ্গা আৰু সংগী মূৰ্তিবোৰ’ক লৈ প্ৰচণ্ড জোৰেৰে ডি জে বজাই তথাকথিত ভক্তই মদ খাই হিন্দী গীতৰ লহৰত শোভাযাত্ৰা কৰি উদ্দাম নৃত্য প্ৰদৰ্শন কৰে তাতো নিশ্চয় কোনো আধ্যাত্মিকতা নাই। বৰং এই পদ্ধতিৰে দেৱী বিসৰ্জনৰ বাবে যোৱা ভক্তৰ নদীত সলিল সমাধি ঘটাৰ বাতৰিহে এতিয়া সুলভ হৈ পৰিছে। তদুপৰি বিসৰ্জনৰ সময়ত পথৰ মাজেৰে গাড়ীত বোজাই কৰা বৃহৎ আকাৰৰ ডি জে ৰ শব্দই হৃদৰোগীক কিমান কষ্ট দিয়ে আৰু ৰোগৰ আয়ুস বৃদ্ধি কৰে সেয়া ‘আধ্যাত্মিকতাবিহীন’ এইসকল ভক্তই কোনোদিনেই চিন্তা কৰা নাই। তদুপৰি এখন নগৰ বা চহৰত আজিৰ দিনত দুৰ্গোৎসৱৰ এক অঘোষিত প্ৰতিযোগিতা চলিছে।
কোনে কিমান বেছি ধন খৰছ কৰি কিমান জাকজমকতাৰে পূজা উদ্যাপন কৰিব পাৰি। এক কথাত ক’বলৈ গ’লে এইসকল তথাকথিত ভক্তৰ কবলত পৰি দেৱী দুৰ্গা আজি গ্ল’বেলাইজেশ্যনৰ চিকাৰ হৈ পৰিছে। এনে বহু পূজা কমিটি আছে যিয়ে ৰাষ্ট্ৰীয় ঘাইপথটোকেই পূজাৰ বেদী হিচাপে ব্যৱহাৰ কৰি আহিছে। প্ৰশাসনে কিদৰে তেওঁলোকক ইয়াৰ বাবে ‘অনুমতি’ দিছে সেয়াও বিচাৰ্য বিষয়। এনে এখনো হয়তো পূজা কমিটি নোলাব যিয়ে এঘৰ দুখীয়া লোকক কিবা সহায় কৰিছে বা ভক্তই দান কৰা টকাৰে কিবা এটা ভাল কাম কৰিছে। আনহাতে ইছলাম ধৰ্মাৱলম্বী লোক সকলে আধ্যাত্মিক পৰৱ ‘মহৰম’ৰ স’তে সংগতি ৰাখি পালন কৰা এক আৱেগিক অনুষ্ঠান ‘তাজিয়া’ৰ নামতো অস্ত্ৰ লৈ বহুঠাইত ভক্তসকলে অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰাৰ কথাই ‘আধ্যাত্মিকতা’কেই ভেঙুচালি কৰাটো সূচায়।(autumn)
যিকি নহওক এইবোৰ কথা হয়তো আধ্যাত্মিকতাৰ শাৰীত নপৰে বাবে কোনো পূজা বা উৎসৱ উদ্যাপন কমিটিয়েও মন কান নিদিয়ে। যিসকল লোকে এই পূজা আয়োজনৰ বাবে লাখ লাখ টকা সাহাৰ্য দিয়ে সেইসকলে কিন্তু দেৱী দুৰ্গাৰ নামত এনেবোৰ কাম কৰিলে নিশ্চয় পুণ্য হ’ব। লগতে যিসকলে প্ৰকৃততে নিজকে দেৱী দুৰ্গাৰ ভক্ত বুলি নিজকে পৰিচয় দিব বিচাৰে তেওঁলোকে প্ৰথমে দেৱীৰ সৃষ্টিৰ কাৰণ আৰু মাহাত্ম্যৰ সম্পৰ্কে অলপ-অচৰপ অধ্যয়ন কৰক আৰু সেইমতে আচৰণ কৰক। তেহে দেৱী দুৰ্গাও প্ৰসন্ন হ’ব আৰু আধ্যাত্মিকতাও সকলোৰে অন্তৰত দৃশ্যমান হ’ব। যাৰ দ্বাৰা উৎসৱৰ আধ্যাত্মিকতা ম্লান পৰাৰ সলনি অধিক ভক্তিময় আৰু দৃষ্টিনন্দন হৈ পৰিব।
ৰতন হাজৰিকা (Ratan Hazarika)
(লেখক ৰতন হাজৰিকা এগৰাকী সাহিত্যিক তথা সাংবাদিক আৰু ‘সোনোৱাল বাৰ্তা’ৰ সম্পাদক)