Srimanta Sankardev। অসমীয়া সাহিত্য সংস্কৃতিলৈ শংকৰদেৱৰ অৱদান

১২ অক্টোৱৰ, গুৱাহাটী: Srimanta Sankardev। সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ গুৰু,নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক,মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা অবিহনে অসমীয়া জাতীয় জীৱন কল্পনা কৰিব নোৱাৰি।তেনে এগৰাকী মহাপুৰুষক অসম তথা অসমীয়াই লাভ কৰাটো সৌভাগ্য তথা গৌৰৱ।নানা ঘাট প্ৰতিঘাটৰ মাজেৰে সেই সময়ৰ অশিক্ষিত সমাজখনক শিক্ষাৰ পোহৰ তুলি ,জাতি ,ধৰ্ম বৰ্ণ নিৰ্বিশেষ এক বৃহৎ অসমীয়া সমাজ ৰূপে গঢ় দিছিল।

একতাৰ এনাজৰীৰে সকলোকে একেলগে বান্ধি ৰাখিছিল,তথাপিও কিন্তু আজি ভিন ভিন।ধৰ্মৰ নামত কাজিয়া সৃস্থি।ধৰ্মৰ দৃষ্টিৰে মহাপুৰুষ শংকৰদেৱ গুৰুজনাক একাংশই মানি লব নোৱাৰিলেও কিন্তু শংকৰদেৱ অবিহনে অসমীয়া জাতি শূণ্য।যিগৰাকী মহাপুৰুষে কেৱল মাথো ধৰ্ম প্ৰচাৰকে নাছিল তেও আছিল একেধাৰে- কবি,নাট্যকাৰ, সাহিত্যিক,সংস্কৃতিবান,ইত্যাদি ইত্যাদি যাৰ গুণৰ তুলনা অসীম।সচাঁকৈ আজি আমাৰ মাজতেই বিভেদ সৃষ্টি হ’বলৈ লৈছে,শংকৰদেৱ গুৰুজনাই বিছাৰিছিল

,তেও এনে এখন সমাজ গঢ়ি গৈছিল য’ত হিংসা,হত্যা নহয় শান্তি সম্প্ৰিতীৰ এখন স্বচ্ছ সমাজ।তেৰাই গঢ়ি থৈ যোৱা একতাৰ এনাজৰীডাল আজি ছিন্ন বিচিন্ন হ’বলৈ ধৰিছে।গুণৰ সাগৰ মহাপুৰুষ গৰাকীৰ জন্মজয়ন্তীত তেৰালৈ শতকৌতি প্ৰণাম।

Related Articles